--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিলে বিৰোধী দলসমূহে। কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই বিষয়ত গভীৰভাৱে আলোচনা কৰিবলৈ সাক্ষাতৰ বাবে অপেক্ষা কৰি আছে।

কংগ্ৰেছ, জেডি(ইউ), চিপিআই, চিপিআই(এম), তৃণমূল কংগ্ৰেছ, আপ, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, শিৱসেনা (ইউবিটি), এনচিপি আৰু ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ সাক্ষাতৰ অনুমতি বিচাৰিছে। তেওঁলোকে উত্তৰৰ বাবে অপেক্ষা কৰি আছে। 

''আমি আশাবাদী যে ২০ জুনত আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ বিৰোধী দলসমূহক সাক্ষাৎ কৰিব।’’ -শনিবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত এইদৰে কয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। এই সকলো নেতাই ৰাষ্ট্ৰীয় ৰাজধানীত অপেক্ষা কৰি আছে আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ ২০ জুনলৈকে থাকিব।

কেন্দ্ৰত বিজেপি চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ৰমেশে কয়, ‘’২২ বছৰ পূৰ্বে ২০০১ চনৰ ১৮ জুনত মণিপুৰ জ্বলি আছিল।বিধানসভাৰ অধ্যক্ষৰ বাংলো, মুখ্যমন্ত্ৰী সচিবালয় জ্বলিছিল আৰু সাড়ে তিনিমাহ ধৰি অৱৰোধ আছিল। সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সকলো দলৰ দাবীত, দুবাৰকৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু তেওঁ শান্তিৰ বাবে আবেদন জনাইছিল।”

তেওঁ কয় যে ২০০১ চনৰ ২৪ জুনত ৰাজ্যখনত সংঘটিত ঘটনাৰ মাত্ৰ ছয় দিনৰ পাছতে মণিপুৰৰ পৰা এটা সৰ্বদলীয় প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল। তেওঁ কয়, ‘বিদেশলৈ যোৱাৰ আগতে তেতিয়াৰ গৃহমন্ত্ৰী এল.কে. আদৱানীয়ে ৮ জুলাইত সৰ্বদলীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰিছিল আৰু প্ৰধানমন্ত্ৰী (বাজপেয়ী)য়ে পুনৰবাৰ শান্তি বজাই ৰাখিবলৈ আৰু প্ৰশাসনক সহায় কৰি ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায় কৰিবলৈ আহ্বান জনাইছিল।’

তেওঁ লগতে কয়, ‘এইটো স্পষ্ট যে ৰাজ্য চৰকাৰৰ ওপৰত কোনো বিশ্বাস নাই আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় লাভ কৰাৰ আশাহে কৰিব পাৰো। গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ পিছতো পৰিস্থিতিৰ কোনো পাৰ্থক্য নাই।’

‘আমি দাবী জনাইছো যে প্ৰধানমন্ত্ৰীয়ে বাজপেয়ীৰ আবেদন চাই লওক আৰু প্ৰতিনিধি দলৰ সৈতেও সাক্ষাৎ কৰক। তেওঁ মন কি বাতৰ সলনি মণিপুৰ কি বাত কৰিবই লাগিব,’’-ৰমেশে লগতে কয়।

উল্লেখ্য যে ৩ মে’ৰ পৰা আৰম্ভ হোৱা এই বিধ্বংসী জাতিগত হিংসাত এতিয়ালৈকে ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৪০০ৰো অধিক লোক আহত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে