--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিলে বিৰোধী দলসমূহে। কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই বিষয়ত গভীৰভাৱে আলোচনা কৰিবলৈ সাক্ষাতৰ বাবে অপেক্ষা কৰি আছে।

কংগ্ৰেছ, জেডি(ইউ), চিপিআই, চিপিআই(এম), তৃণমূল কংগ্ৰেছ, আপ, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, শিৱসেনা (ইউবিটি), এনচিপি আৰু ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ সাক্ষাতৰ অনুমতি বিচাৰিছে। তেওঁলোকে উত্তৰৰ বাবে অপেক্ষা কৰি আছে। 

''আমি আশাবাদী যে ২০ জুনত আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ বিৰোধী দলসমূহক সাক্ষাৎ কৰিব।’’ -শনিবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত এইদৰে কয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। এই সকলো নেতাই ৰাষ্ট্ৰীয় ৰাজধানীত অপেক্ষা কৰি আছে আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ ২০ জুনলৈকে থাকিব।

কেন্দ্ৰত বিজেপি চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ৰমেশে কয়, ‘’২২ বছৰ পূৰ্বে ২০০১ চনৰ ১৮ জুনত মণিপুৰ জ্বলি আছিল।বিধানসভাৰ অধ্যক্ষৰ বাংলো, মুখ্যমন্ত্ৰী সচিবালয় জ্বলিছিল আৰু সাড়ে তিনিমাহ ধৰি অৱৰোধ আছিল। সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সকলো দলৰ দাবীত, দুবাৰকৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু তেওঁ শান্তিৰ বাবে আবেদন জনাইছিল।”

তেওঁ কয় যে ২০০১ চনৰ ২৪ জুনত ৰাজ্যখনত সংঘটিত ঘটনাৰ মাত্ৰ ছয় দিনৰ পাছতে মণিপুৰৰ পৰা এটা সৰ্বদলীয় প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল। তেওঁ কয়, ‘বিদেশলৈ যোৱাৰ আগতে তেতিয়াৰ গৃহমন্ত্ৰী এল.কে. আদৱানীয়ে ৮ জুলাইত সৰ্বদলীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰিছিল আৰু প্ৰধানমন্ত্ৰী (বাজপেয়ী)য়ে পুনৰবাৰ শান্তি বজাই ৰাখিবলৈ আৰু প্ৰশাসনক সহায় কৰি ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায় কৰিবলৈ আহ্বান জনাইছিল।’

তেওঁ লগতে কয়, ‘এইটো স্পষ্ট যে ৰাজ্য চৰকাৰৰ ওপৰত কোনো বিশ্বাস নাই আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় লাভ কৰাৰ আশাহে কৰিব পাৰো। গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ পিছতো পৰিস্থিতিৰ কোনো পাৰ্থক্য নাই।’

‘আমি দাবী জনাইছো যে প্ৰধানমন্ত্ৰীয়ে বাজপেয়ীৰ আবেদন চাই লওক আৰু প্ৰতিনিধি দলৰ সৈতেও সাক্ষাৎ কৰক। তেওঁ মন কি বাতৰ সলনি মণিপুৰ কি বাত কৰিবই লাগিব,’’-ৰমেশে লগতে কয়।

উল্লেখ্য যে ৩ মে’ৰ পৰা আৰম্ভ হোৱা এই বিধ্বংসী জাতিগত হিংসাত এতিয়ালৈকে ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৪০০ৰো অধিক লোক আহত হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত