--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী সাহসী নাৰী,শিক্ষা প্ৰাপ্তিৰ বাবে জীৱনত সংগ্ৰাম কৰা এগৰাকী নাৰী৷ অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাৰ পৰা আহিছে কঠোৰ অধ্যৱসায় আৰু জয়ৰ এক উল্লেখযোগ্য কাহিনী য’ত এগৰাকী মহিলাই দৰিদ্ৰতা আৰু প্ৰতিকূলতাক প্ৰত্যাহ্বান জনাই ৰসায়ন বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।

মহিলাগৰাকীয়ে ছবছৰ ধৰি ডিগ্ৰী লাভ কৰিবলৈ কষ্ট কৰিছিল, সেই সময়তে তেওঁ কৃষি পামত দৈনিক মজুৰিৰ শ্ৰমিক হিচাপে কাম কৰিছিল, ঘৰৰ চালৰ হিচাপে আছিল মাত্ৰ ভঙা এছবেষ্টছৰ চাঁদ৷

এই প্ৰাপ্তি লাভ কৰা ড° সাকে ভাৰতী তেওঁৰ তিনি ভগ্নীৰ ভিতৰত জ্যেষ্ঠ। কেৱল কন্যা সন্তান থকাৰ বাবে দেউতাকৰ হতাশা আৰু পৰৱৰ্তী সময়ত পিতৃৰ দুৰ্ব্যৱহাৰৰ বাবে ককায়েকে ডা° ভাৰতীৰ পঢ়া-শুনাত হস্তক্ষেপ কৰিবলৈ বাধ্য হয়। 

ভাৰতীয়ে স্মৰণ কৰি কয় যে যিখন পৃথিৱীত ছোৱালীবোৰক ঘৰুৱা কামত আবদ্ধ হৈ থাকিব বুলি প্ৰায়ে আশা কৰা হয়, সেইখন পৃথিৱীত মোৰ দাদাই মোক পঢ়া-শুনা কৰিবলৈ কৈছিল।

কিন্তু স্কুলত পঢ়ি থকাৰ সময়তে তেওঁৰ ককায়েকৰ মৃত্যু হয় আৰু তাৰ পাছত তাইৰ মাতৃৰ ফালৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হয় - যিটো দক্ষিণ ভাৰতৰ  এক পৰম্পৰাগত প্ৰথা।

ডা° ভাৰতীয়ে কয়, "মোৰ স্বামী শিৱপ্ৰসাদে পঢ়া-শুনা অব্যাহত ৰখাৰ ক্ষেত্ৰত মোতকৈ অধিক আগ্ৰহী আছিল। তেওঁ কয় যে শিক্ষাই হৈছে মহিলাসকলৰ কষ্ট আৰু দৰিদ্ৰতাৰ পৰা হাত সৰাৰ একমাত্ৰ উপায়।

জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰা আৰু প্ৰায়ে প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ যোগান ধৰিব পৰাকৈ সম্পদৰ অভাৱ হোৱা দম্পতীহালৰ বাবে জীৱনটো এক উঠা-নমাৰ যুদ্ধ হৈয়েই থাকিল। ভাৰতীয়ে পৰিয়াল পোহপাল দিবলৈ কৃষি শ্ৰমিক হিচাপে অক্লান্তভাৱে কাম কৰিছিল, বাছ আৰু অট’ত আৰু কেতিয়াবা খোজকাঢ়িও বহু দূৰ যাত্ৰা কৰিছিল।

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত শিৱপ্ৰসাদে বিচাৰিছিল যে তেওঁ ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰক। ছবছৰ ধৰি সাকে ভাৰতীয়ে বাইনাৰী লিকুইড মিশ্ৰণৰ গৱেষণাত নিজকে উৎসৰ্গা কৰিছিল,আৰু অৱশেষত  ৰসায়ন বিজ্ঞানত পি এইচ ডি লাভ কৰে।


উল্লেখ্য যে, অৰ্হতা থকাৰ পাছতো সাকে ভাৰতীয়ে স্থানীয় মহাবিদ্যালয়খনত চাকৰি খালী হোৱাত পদত চাকৰি লাভ কৰাত ব্যৰ্থ হয়। আনকি স্থানীয় বিধায়কক জগনন্না কল্যাণমূলক আঁচনিৰ অধীনত ঘৰৰ বাবেও অনুৰোধ জনায়। কিন্তু এতিয়ালৈকে তেওঁ একো পোৱা নাই জানিবলৈ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ