--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী সাহসী নাৰী,শিক্ষা প্ৰাপ্তিৰ বাবে জীৱনত সংগ্ৰাম কৰা এগৰাকী নাৰী৷ অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাৰ পৰা আহিছে কঠোৰ অধ্যৱসায় আৰু জয়ৰ এক উল্লেখযোগ্য কাহিনী য’ত এগৰাকী মহিলাই দৰিদ্ৰতা আৰু প্ৰতিকূলতাক প্ৰত্যাহ্বান জনাই ৰসায়ন বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।

মহিলাগৰাকীয়ে ছবছৰ ধৰি ডিগ্ৰী লাভ কৰিবলৈ কষ্ট কৰিছিল, সেই সময়তে তেওঁ কৃষি পামত দৈনিক মজুৰিৰ শ্ৰমিক হিচাপে কাম কৰিছিল, ঘৰৰ চালৰ হিচাপে আছিল মাত্ৰ ভঙা এছবেষ্টছৰ চাঁদ৷

এই প্ৰাপ্তি লাভ কৰা ড° সাকে ভাৰতী তেওঁৰ তিনি ভগ্নীৰ ভিতৰত জ্যেষ্ঠ। কেৱল কন্যা সন্তান থকাৰ বাবে দেউতাকৰ হতাশা আৰু পৰৱৰ্তী সময়ত পিতৃৰ দুৰ্ব্যৱহাৰৰ বাবে ককায়েকে ডা° ভাৰতীৰ পঢ়া-শুনাত হস্তক্ষেপ কৰিবলৈ বাধ্য হয়। 

ভাৰতীয়ে স্মৰণ কৰি কয় যে যিখন পৃথিৱীত ছোৱালীবোৰক ঘৰুৱা কামত আবদ্ধ হৈ থাকিব বুলি প্ৰায়ে আশা কৰা হয়, সেইখন পৃথিৱীত মোৰ দাদাই মোক পঢ়া-শুনা কৰিবলৈ কৈছিল।

কিন্তু স্কুলত পঢ়ি থকাৰ সময়তে তেওঁৰ ককায়েকৰ মৃত্যু হয় আৰু তাৰ পাছত তাইৰ মাতৃৰ ফালৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হয় - যিটো দক্ষিণ ভাৰতৰ  এক পৰম্পৰাগত প্ৰথা।

ডা° ভাৰতীয়ে কয়, "মোৰ স্বামী শিৱপ্ৰসাদে পঢ়া-শুনা অব্যাহত ৰখাৰ ক্ষেত্ৰত মোতকৈ অধিক আগ্ৰহী আছিল। তেওঁ কয় যে শিক্ষাই হৈছে মহিলাসকলৰ কষ্ট আৰু দৰিদ্ৰতাৰ পৰা হাত সৰাৰ একমাত্ৰ উপায়।

জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰা আৰু প্ৰায়ে প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ যোগান ধৰিব পৰাকৈ সম্পদৰ অভাৱ হোৱা দম্পতীহালৰ বাবে জীৱনটো এক উঠা-নমাৰ যুদ্ধ হৈয়েই থাকিল। ভাৰতীয়ে পৰিয়াল পোহপাল দিবলৈ কৃষি শ্ৰমিক হিচাপে অক্লান্তভাৱে কাম কৰিছিল, বাছ আৰু অট’ত আৰু কেতিয়াবা খোজকাঢ়িও বহু দূৰ যাত্ৰা কৰিছিল।

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত শিৱপ্ৰসাদে বিচাৰিছিল যে তেওঁ ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰক। ছবছৰ ধৰি সাকে ভাৰতীয়ে বাইনাৰী লিকুইড মিশ্ৰণৰ গৱেষণাত নিজকে উৎসৰ্গা কৰিছিল,আৰু অৱশেষত  ৰসায়ন বিজ্ঞানত পি এইচ ডি লাভ কৰে।


উল্লেখ্য যে, অৰ্হতা থকাৰ পাছতো সাকে ভাৰতীয়ে স্থানীয় মহাবিদ্যালয়খনত চাকৰি খালী হোৱাত পদত চাকৰি লাভ কৰাত ব্যৰ্থ হয়। আনকি স্থানীয় বিধায়কক জগনন্না কল্যাণমূলক আঁচনিৰ অধীনত ঘৰৰ বাবেও অনুৰোধ জনায়। কিন্তু এতিয়ালৈকে তেওঁ একো পোৱা নাই জানিবলৈ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে