--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত হৈয়েই ৰৈছে মণিপুৰ। এনে পৰিস্থিতিৰ মাজতে  মাত্ৰ দুদিনৰ ভিতৰতে ৭০০ তকৈও অধিক ম্যানমাৰৰ নাগৰিকে মণিপুৰত প্ৰৱেশ কৰিছে৷ মণিপুৰৰ  চৰকাৰে অসম ৰাইফলছক সীমান্তৰে  ম্যানমাৰৰ নাগৰিকে মমইপুৰত প্ৰৱেশ কৰাটো প্ৰতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা ল'বলৈ কৈছে৷ এগৰাকী চৰকাৰী বিষয়াই জানিবলৈ দিয়া মতে মাত্ৰ দুদিনতে ম্যানমাৰৰ পৰা ৩০১ টি  শিশু আৰু ২০৮ গৰাকী মহিলাকে ধৰি প্ৰায় ৭১৮ গৰাকী ম্যানমাৰৰ নাগৰিকে মণিপুৰৰ চান্দেল জিলাত প্ৰৱেশ কৰিছে।  

মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে এক বিবৃতিত কয় যে চৰকাৰে এই বিষয়ত  অসম ৰাইফলছৰ পৰা এক বিতং প্ৰতিবেদন বিচাৰিছে আৰু  কিয় তথা কেনেকৈ এই ৭১৮ গৰাকী ম্যানমাৰৰ নাগৰিকক সঠিক নথি-পত্ৰ অবিহনে চান্দেল জিলাত  প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ল তাৰ কাৰণ বাখ্যা কৰিবলৈ কোৱা হৈছে।  ৰাজ্য চৰকাৰে অসম ৰাইফলছক সেই ৭১৮ গৰাকী  অবৈধ ম্যানমাৰৰ নাগৰিকক তৎক্ষণাৎ নিজৰ দেশলৈ ওভতাই পঠিয়াবলৈ  পৰামৰ্শ দিছে বুলি  মুখ্য সচিবে কয়। 

তেওঁ কয় যে ম্যানমাৰৰ নাগৰিকসকলে শনিবাৰে আৰু দেওবাৰে মণিপুৰত প্ৰৱেশ কৰিছিল আৰু এতিয়া জিলাখনৰ সাতটা স্থান - লাজাং, বনছে, নিউ চামটাল, নিউ লাজাং, য়াংনোম্ফাই, য়াংনোম্ফাই চাও মিল আৰু ম্যানমাৰ সীমান্তৰ গাওঁ আইভমজাঙত থিতাপি লৈছে। যোশীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি বৈধ ভিছা আৰু ভ্ৰমণৰ নথিপত্ৰ অবিহনে যিকোনো ক্ষেত্ৰত মণিপুৰত ম্যানমাৰৰ নাগৰিকৰ প্ৰৱেশ প্ৰতিহত কৰিবলৈ সীমান্ত ৰক্ষী বাহিনী হিচাপে অসম ৰাইফলছক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে।মুখ্য সচিবে চান্দেল জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক পৰিস্থিতিটো  মোকাবিলা কৰিবলৈ আৰু এনে সকলো ব্যক্তিৰ বায়োমেট্ৰিক আৰু ফটো ৰাখিবলৈ কৈছে। ইফালে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অধিগ্ৰহণৰ পিছত হাজাৰ হাজাৰ ম্যানমাৰৰ লোকে  মিজোৰামলৈও পলাই আহিছে।  ম্যানমাৰৰ  প্ৰায় ৩৫,০০০ পুৰুষ, মহিলা আৰু শিশু এতিয়া পাহাৰীয়া ৰাজ্য খনত আছে। ইয়াৰ পূৰ্বে প্ৰায় ৫,০০০ ম্যানমাৰৰ লোকে  মণিপুৰত আশ্ৰয় লৈছে। ম্যানমাৰৰ সৈতে মণিপুৰত প্ৰায় ৪০০ কিলোমিটাৰ আৰু মিজোৰামত  ৫১০ কিলোমিটাৰ বেৰ নোহোৱা সীমান্ত আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ