--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত হৈয়েই ৰৈছে মণিপুৰ। এনে পৰিস্থিতিৰ মাজতে  মাত্ৰ দুদিনৰ ভিতৰতে ৭০০ তকৈও অধিক ম্যানমাৰৰ নাগৰিকে মণিপুৰত প্ৰৱেশ কৰিছে৷ মণিপুৰৰ  চৰকাৰে অসম ৰাইফলছক সীমান্তৰে  ম্যানমাৰৰ নাগৰিকে মমইপুৰত প্ৰৱেশ কৰাটো প্ৰতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা ল'বলৈ কৈছে৷ এগৰাকী চৰকাৰী বিষয়াই জানিবলৈ দিয়া মতে মাত্ৰ দুদিনতে ম্যানমাৰৰ পৰা ৩০১ টি  শিশু আৰু ২০৮ গৰাকী মহিলাকে ধৰি প্ৰায় ৭১৮ গৰাকী ম্যানমাৰৰ নাগৰিকে মণিপুৰৰ চান্দেল জিলাত প্ৰৱেশ কৰিছে।  

মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে এক বিবৃতিত কয় যে চৰকাৰে এই বিষয়ত  অসম ৰাইফলছৰ পৰা এক বিতং প্ৰতিবেদন বিচাৰিছে আৰু  কিয় তথা কেনেকৈ এই ৭১৮ গৰাকী ম্যানমাৰৰ নাগৰিকক সঠিক নথি-পত্ৰ অবিহনে চান্দেল জিলাত  প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ল তাৰ কাৰণ বাখ্যা কৰিবলৈ কোৱা হৈছে।  ৰাজ্য চৰকাৰে অসম ৰাইফলছক সেই ৭১৮ গৰাকী  অবৈধ ম্যানমাৰৰ নাগৰিকক তৎক্ষণাৎ নিজৰ দেশলৈ ওভতাই পঠিয়াবলৈ  পৰামৰ্শ দিছে বুলি  মুখ্য সচিবে কয়। 

তেওঁ কয় যে ম্যানমাৰৰ নাগৰিকসকলে শনিবাৰে আৰু দেওবাৰে মণিপুৰত প্ৰৱেশ কৰিছিল আৰু এতিয়া জিলাখনৰ সাতটা স্থান - লাজাং, বনছে, নিউ চামটাল, নিউ লাজাং, য়াংনোম্ফাই, য়াংনোম্ফাই চাও মিল আৰু ম্যানমাৰ সীমান্তৰ গাওঁ আইভমজাঙত থিতাপি লৈছে। যোশীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি বৈধ ভিছা আৰু ভ্ৰমণৰ নথিপত্ৰ অবিহনে যিকোনো ক্ষেত্ৰত মণিপুৰত ম্যানমাৰৰ নাগৰিকৰ প্ৰৱেশ প্ৰতিহত কৰিবলৈ সীমান্ত ৰক্ষী বাহিনী হিচাপে অসম ৰাইফলছক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে।মুখ্য সচিবে চান্দেল জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক পৰিস্থিতিটো  মোকাবিলা কৰিবলৈ আৰু এনে সকলো ব্যক্তিৰ বায়োমেট্ৰিক আৰু ফটো ৰাখিবলৈ কৈছে। ইফালে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অধিগ্ৰহণৰ পিছত হাজাৰ হাজাৰ ম্যানমাৰৰ লোকে  মিজোৰামলৈও পলাই আহিছে।  ম্যানমাৰৰ  প্ৰায় ৩৫,০০০ পুৰুষ, মহিলা আৰু শিশু এতিয়া পাহাৰীয়া ৰাজ্য খনত আছে। ইয়াৰ পূৰ্বে প্ৰায় ৫,০০০ ম্যানমাৰৰ লোকে  মণিপুৰত আশ্ৰয় লৈছে। ম্যানমাৰৰ সৈতে মণিপুৰত প্ৰায় ৪০০ কিলোমিটাৰ আৰু মিজোৰামত  ৫১০ কিলোমিটাৰ বেৰ নোহোৱা সীমান্ত আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু