--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত এখন শান্তিপ্ৰিয়  দেশ। কিন্তু ভাৰতত নিৰন্তৰ অস্থিৰতাই বিৰাজ কৰিছে । কাশ্মীৰ বিবাদেই হওঁক বা আন কোনো কাৰণতেই হওঁক ভাৰতৰ ক’ৰবাত নহয় ক’ৰবাত  অশান্তি হৈয়েই থাকে। এনে অশান্তি প্ৰতিহত কৰিবলৈয়েই সময়ে সময়ে  ইণ্টাৰনেট সেৱা বন্ধ কৰিবলগীয়াও হয়।   ইণ্টাৰনেট বন্ধ কৰাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আন দেশৰ তুলনাত প্ৰথম স্থানত আছে।

ইণ্টাৰনেট বন্ধৰ কৰাৰ বিষয়কলৈ  আন্তৰ্জাতিক নিৰীক্ষণ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি  ২০২২ চনত সমগ্ৰ বিশ্বত ইণ্টাৰনেট মুঠ ১৮৭ বাৰ বন্ধ কৰা হৈছিল। ইয়াৰ ভিতৰত কেৱল ভাৰতত ৮৪  বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। সেই সময়ছোৱাত বিশ্বৰ আন দেশত  ইণ্টাৰনেট মুঠ ১০৩ বাৰ বন্ধ কৰা হৈছে। যুদ্ধবিধ্বস্ত ইউক্ৰেইন ইণ্টাৰনেট বন্ধ কৰাৰ  ক্ষেত্ৰত ভাৰতৰ পিছতে দ্বিতীয় স্থানত আছে।

 ২০২২ চনত জেলেনস্কিৰ নিৰ্দেশত ইউক্ৰেইনত ২২  বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। পৰিসংখ্যা অনুসৰি ৮৪  বাৰৰ ভিতৰত কেৱল জম্মু আৰু কাশ্মীৰতে যোৱা বছৰ ৪৯  বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। ২০২২ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত প্ৰশাসনে উপত্যকাটোত একেৰাহে ১৬ বাৰ  ইণ্টাৰনেট বন্ধৰ নিৰ্দেশ দিছিল। 

২০১৯  চনত কাশ্মীৰৰ বিশেষ  ৰাজ্যৰ  মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত কাশ্মীৰত বহুবাৰ  ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে।দৰাচলতে ২০১৭ চনৰ পৰাই ইণ্টাৰনেট বন্ধ কৰাৰ  ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষ স্থানত আছে। যিটো নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে একেবাৰে ইতিবাচক কথা  নহয় বুলি বহুতে মন্তব্য কৰিছে। । বহুতে কৈছে  যে ইণ্টাৰনেট বন্ধৰ পৰিসংখ্যাই প্ৰমাণ কৰে যে মোদীৰ শাসনত যোৱা কেইবছৰমানত দেশত অস্থিৰতা আৰু অসহিষ্ণুতা দুয়োটাই বৃদ্ধি পাইছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু