--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত এখন শান্তিপ্ৰিয়  দেশ। কিন্তু ভাৰতত নিৰন্তৰ অস্থিৰতাই বিৰাজ কৰিছে । কাশ্মীৰ বিবাদেই হওঁক বা আন কোনো কাৰণতেই হওঁক ভাৰতৰ ক’ৰবাত নহয় ক’ৰবাত  অশান্তি হৈয়েই থাকে। এনে অশান্তি প্ৰতিহত কৰিবলৈয়েই সময়ে সময়ে  ইণ্টাৰনেট সেৱা বন্ধ কৰিবলগীয়াও হয়।   ইণ্টাৰনেট বন্ধ কৰাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আন দেশৰ তুলনাত প্ৰথম স্থানত আছে।

ইণ্টাৰনেট বন্ধৰ কৰাৰ বিষয়কলৈ  আন্তৰ্জাতিক নিৰীক্ষণ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি  ২০২২ চনত সমগ্ৰ বিশ্বত ইণ্টাৰনেট মুঠ ১৮৭ বাৰ বন্ধ কৰা হৈছিল। ইয়াৰ ভিতৰত কেৱল ভাৰতত ৮৪  বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। সেই সময়ছোৱাত বিশ্বৰ আন দেশত  ইণ্টাৰনেট মুঠ ১০৩ বাৰ বন্ধ কৰা হৈছে। যুদ্ধবিধ্বস্ত ইউক্ৰেইন ইণ্টাৰনেট বন্ধ কৰাৰ  ক্ষেত্ৰত ভাৰতৰ পিছতে দ্বিতীয় স্থানত আছে।

 ২০২২ চনত জেলেনস্কিৰ নিৰ্দেশত ইউক্ৰেইনত ২২  বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। পৰিসংখ্যা অনুসৰি ৮৪  বাৰৰ ভিতৰত কেৱল জম্মু আৰু কাশ্মীৰতে যোৱা বছৰ ৪৯  বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। ২০২২ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত প্ৰশাসনে উপত্যকাটোত একেৰাহে ১৬ বাৰ  ইণ্টাৰনেট বন্ধৰ নিৰ্দেশ দিছিল। 

২০১৯  চনত কাশ্মীৰৰ বিশেষ  ৰাজ্যৰ  মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত কাশ্মীৰত বহুবাৰ  ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে।দৰাচলতে ২০১৭ চনৰ পৰাই ইণ্টাৰনেট বন্ধ কৰাৰ  ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষ স্থানত আছে। যিটো নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে একেবাৰে ইতিবাচক কথা  নহয় বুলি বহুতে মন্তব্য কৰিছে। । বহুতে কৈছে  যে ইণ্টাৰনেট বন্ধৰ পৰিসংখ্যাই প্ৰমাণ কৰে যে মোদীৰ শাসনত যোৱা কেইবছৰমানত দেশত অস্থিৰতা আৰু অসহিষ্ণুতা দুয়োটাই বৃদ্ধি পাইছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে