--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কান্দি-কাটি দিন পাৰ কৰিছে কিম জং উনে! উত্তৰ কোৰিয়াৰ একনায়কগৰাকীয়ে তেওঁৰ হৃদয়ৰ দুখ পাহৰিবলৈ দিনে-ৰাতিয়ে সুৰা পান কৰি আছে। কেৱল সেয়াই নহয়, তেওঁ অসুস্থও হৈ পৰিছে। জীৱনৰ আশা হেৰুৱাই পেলাইছে প্ৰবল প্ৰতাপী শাসকগৰাকীয়ে। জনসমাগমৰ পৰা আঁতৰি ৰৈছে তেওঁ!

প্রখ্যাত সংবাদ সংস্থা দ্যা মিৰ’ৰত প্ৰকাশিত শেহতীয়া এক প্ৰতিবেদন অনুসৰি, কিমৰ শাৰীৰিক সমস্যাই দেখা দিছে। তেওঁ চিকিৎসকসকলৰ কঠোৰ পৰ্যবেক্ষণত আছে।

কিন্তু কিমে কি ৰোগত ভুগি আছে? প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াৰ একনায়কজন মধ্য জীৱনৰ সংকটত ভুগি আছে। তেওঁ এই সপ্তাহতে তেওঁৰ ৪০ তম জন্মদিন উদযাপন কৰিছিল। কিন্তু কিমে তাৰ পাছৰে পৰা অসুস্থ অনুভৱ কৰি আছে।

জানিব পৰা মতে, প্ৰচণ্ড মানসিক চাপতো পৰিছে কিম। এই মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবৈ সুৰা পান কৰিছে শাসকগৰাকীয়ে। চিকিৎসকসকলে তেওঁক সুৰা পানৰ পৰিৱৰ্তে ব্যায়াম কৰিবলৈ পৰামৰ্শ দিছে। কিন্তু সুৰাপানকে আঁকোৱালি লৈছে কিম জং উনে।

উত্তৰ কোৰিয়াৰ এজন চিকিৎসকে কয়, "কিমৰ বয়স প্ৰায় ৪০ বছৰ। শুনা গৈছে যে তেওঁ সম্পূৰ্ণৰূপে অকলশৰীয়া। কিমে যথেষ্ট সুৰা পান কৰাৰ পিছত তেওঁ কন্দা কটা কৰে।’’

চিকিৎসকসকলে বিশ্বাস কৰে যে কিম মুখ্যতঃ সুৰাপানৰ বাবেই অসুস্থ হৈ পৰিছে। নিজৰ অসুস্থতাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতো সমস্যাত পৰিছে কিম। সেয়েহে  দেশৰ বাহিৰলৈ যাওঁতে তেওঁ নিজৰ বাবে এটা বিশেষ শৌচালয়ৰ ব্যৱস্থা কৰিছে, যাতে আন দেশৰ চোৰাংচোৱাসকলে তেওঁৰ শৌচ পৰীক্ষা কৰি অসুস্থতাৰ বিষয়ে গম নাপায়।

কিমৰ দেউতাক কিম জং দ্বিতীয়ৰ ৬৯ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ২০১১ চনত তেওঁৰ মৃত্যু হয়। সেইকাৰণে কিমে ভাবে যে তেওঁ একে কম বয়সতে মৃত্যুবৰণ কৰিব। পিতৃৰ মৃত্যুৰ পিছত কিম উত্তৰ কোৰিয়াৰ নেতা হয়। সেই পৰম্পৰা অনুসৰণ কৰি, কিমে নিজৰ জীয়েকক দেশৰ সৰ্বোচ্চ পদৰ বাবে প্ৰস্তুত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ