--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কান্দি-কাটি দিন পাৰ কৰিছে কিম জং উনে! উত্তৰ কোৰিয়াৰ একনায়কগৰাকীয়ে তেওঁৰ হৃদয়ৰ দুখ পাহৰিবলৈ দিনে-ৰাতিয়ে সুৰা পান কৰি আছে। কেৱল সেয়াই নহয়, তেওঁ অসুস্থও হৈ পৰিছে। জীৱনৰ আশা হেৰুৱাই পেলাইছে প্ৰবল প্ৰতাপী শাসকগৰাকীয়ে। জনসমাগমৰ পৰা আঁতৰি ৰৈছে তেওঁ!

প্রখ্যাত সংবাদ সংস্থা দ্যা মিৰ’ৰত প্ৰকাশিত শেহতীয়া এক প্ৰতিবেদন অনুসৰি, কিমৰ শাৰীৰিক সমস্যাই দেখা দিছে। তেওঁ চিকিৎসকসকলৰ কঠোৰ পৰ্যবেক্ষণত আছে।

কিন্তু কিমে কি ৰোগত ভুগি আছে? প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াৰ একনায়কজন মধ্য জীৱনৰ সংকটত ভুগি আছে। তেওঁ এই সপ্তাহতে তেওঁৰ ৪০ তম জন্মদিন উদযাপন কৰিছিল। কিন্তু কিমে তাৰ পাছৰে পৰা অসুস্থ অনুভৱ কৰি আছে।

জানিব পৰা মতে, প্ৰচণ্ড মানসিক চাপতো পৰিছে কিম। এই মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবৈ সুৰা পান কৰিছে শাসকগৰাকীয়ে। চিকিৎসকসকলে তেওঁক সুৰা পানৰ পৰিৱৰ্তে ব্যায়াম কৰিবলৈ পৰামৰ্শ দিছে। কিন্তু সুৰাপানকে আঁকোৱালি লৈছে কিম জং উনে।

উত্তৰ কোৰিয়াৰ এজন চিকিৎসকে কয়, "কিমৰ বয়স প্ৰায় ৪০ বছৰ। শুনা গৈছে যে তেওঁ সম্পূৰ্ণৰূপে অকলশৰীয়া। কিমে যথেষ্ট সুৰা পান কৰাৰ পিছত তেওঁ কন্দা কটা কৰে।’’

চিকিৎসকসকলে বিশ্বাস কৰে যে কিম মুখ্যতঃ সুৰাপানৰ বাবেই অসুস্থ হৈ পৰিছে। নিজৰ অসুস্থতাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতো সমস্যাত পৰিছে কিম। সেয়েহে  দেশৰ বাহিৰলৈ যাওঁতে তেওঁ নিজৰ বাবে এটা বিশেষ শৌচালয়ৰ ব্যৱস্থা কৰিছে, যাতে আন দেশৰ চোৰাংচোৱাসকলে তেওঁৰ শৌচ পৰীক্ষা কৰি অসুস্থতাৰ বিষয়ে গম নাপায়।

কিমৰ দেউতাক কিম জং দ্বিতীয়ৰ ৬৯ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ২০১১ চনত তেওঁৰ মৃত্যু হয়। সেইকাৰণে কিমে ভাবে যে তেওঁ একে কম বয়সতে মৃত্যুবৰণ কৰিব। পিতৃৰ মৃত্যুৰ পিছত কিম উত্তৰ কোৰিয়াৰ নেতা হয়। সেই পৰম্পৰা অনুসৰণ কৰি, কিমে নিজৰ জীয়েকক দেশৰ সৰ্বোচ্চ পদৰ বাবে প্ৰস্তুত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে