--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্যৰ পোহৰৰ বাবে ডিঙি ক’লা পৰে । যাৰ বাবে বিশেষকৈ মহিলাসকলৰ বহুত সমস্যা হয়। নিজৰ পছন্দৰ পোছাক পিন্ধিব নোৱাৰে। ইয়াৰ বাহিৰেও যদি মুখখন চিকচিকিয়া হৈ থাকে আৰু ডিঙিত এনেদৰে ক’লা হৈ থাকে, তেন্তে দেখাত বহুত বেয়া। এনে পৰিস্থিতিত বহু মহিলাই বজাৰৰ পৰা বিভিন্ন ধৰণৰ সৌন্দৰ্য সামগ্রী কিনি এই ক’ল পৰা সমস্যা দূৰ কৰে আৰু প্ৰায়ে সেইবোৰ অতি ব্যয়বহুল হয় আৰু লগতে ৰাসায়নিক পদাৰ্থও থাকে। আজি আমি আপোনালোকক এই ক'লা ৰং আঁতৰাবলৈ কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে ক'ম।

কেঁচা আলু: কেঁচা আলুৰ দ্বাৰা এই সমস্যা দূৰ কৰিব পাৰি। ছালৰ ৰং আঁতৰাবলৈ বা ডিঙিৰ পৰা টেনিং আঁতৰাবলৈ আলু আধা কুটি তাৰ ৰস উলিয়াই কপাহৰ সহায়ত কিছু সময় ডিঙিত থৈ দিব। ইয়াৰ বাহিৰেও আলুৰ কটা টুকুৰাবোৰ ডিঙিত ঘঁহিব পাৰে। ইয়াৰ ফলত আপোনাৰ ডিঙিৰ ক’লা ৰং আঁতৰি যাব।

গাখীৰ, হালধি আৰু বেচনেৰে পেষ্ট বনাওক: ডিঙিৰ ক’লা ৰং আঁতৰাবলৈ হালধি, গাখীৰ আৰু বেচেনৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে আৰু এই ৰেচিপিটো বহুত পুৰণি। এই তিনিটা বস্তু আপুনি ঘৰতে সহজেই বিচাৰি পাব। এটা বাটিত বেচন আৰু গাখীৰ মিহলাই এটা ডাঠ পেষ্ট প্ৰস্তুত কৰক, তাৰ পাছত তাত এচামুচ হালধি দি ডিঙিত লগাওক। এই পেষ্টটো কমেও ২০ মিনিট ডিঙিত থৈ তাৰ পিছত পিছত ধুই দিব। কিছু সময়ৰ পিছত কুহুমীয়া পানীৰে ধুব।

চন্দনৰ গুড়ি আৰু গাখীৰ: চন্দনৰ সহায়ত ডিঙিৰ ক’লা ৰং আঁতৰাব পাৰি। ই ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে। ইয়াৰ বাবে কেঁচা গাখীৰ চন্দনৰ গুড়িত মিহলাই ডাঠ পেষ্ট প্ৰস্তুত কৰিব লাগে। এই পেষ্টটো ব্ৰাছৰ সহায়ত ডিঙিত লগাই ৩০ মিনিট এনেদৰে থৈ তাৰ পিছত ঠাণ্ডা পানীৰে ধুব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক