--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰোবাক লগ পাওঁতে বা কথা পাতি থাকোঁতে যদি আপোনাৰ মুখৰ পৰা বা সন্মুখৰ ব্যক্তিজনৰ মুখৰ পৰা বেয়া গোন্ধ আহে, তেতিয়া আপুনি লাজ অনুভৱ কৰে। লগতে সন্মূখৰ ব্যক্তিজনৰ প্ৰতি এটি সংকোচৰ ভাব আহে।  যদি কেতিয়াবা এই সমস্যা হয়, তেন্তে পানী কম খোৱাৰ বাবে বা ভোকত থকাৰ বাবেও হ’ব পাৰে। কিন্তু যদি আপুনি এই সমস্যাৰ সৈতে বেছিভাগেই যুঁজি আছে তেন্তে ইয়াৰ চিকিৎসা কৰাটো প্ৰয়োজনীয়। ইয়াৰ চিকিৎসাৰ বাবে আজি আমি আপোনালোকক ক'ম কিছুমান ঘৰুৱা উপায় যাৰ দ্বাৰা আপুনি ঘৰতে থাকি মুখৰ দুৰ্গন্ধৰ পৰা মুক্তি পাব পাৰে।

মুখৰ পৰা ওলোৱা বেয়া গোন্ধটো যিমানেই পুৰণি নহওক কিয়, মধুৰিআমৰ পাতে লগে লগে আঁতৰাই পেলায়। মাত্ৰ মধুৰিআমৰ কোমল পাত ধুই চোবাই খাব লাগে, চোবাই খোৱাৰ লগে লগে মধুৰিআমৰ পাতৰ ৰসে মুখৰ পৰা বেয়া গোন্ধ আঁতৰাই পেলাব। এবাৰ ঘৰতে এই ৰেচিপিটো চেষ্টা কৰিব পাৰিব। মনত ৰাখিব এটা সময়ত মাত্ৰ ৩ৰ পৰা ৪টা পাতহে চোবাই খাব লাগে। দৈনিক এই কামটো কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

প্ৰায়ে বহুতৰে মুখৰ দুৰ্গন্ধ হয়, কিন্তু এই গোন্ধৰ পৰা আপুনি কেৱল ঘৰুৱা সামগ্ৰীৰেহে সকাহ পাব পাৰে। মনত ৰাখিব যে সৰ্বাধিক পৰিমাণৰ পানী খাব লাগে। ইয়াৰ বাহিৰেও যিমান পাৰি গ্ৰীণ টি ব্যৱহাৰ কৰক। গ্ৰীণ টি বেছিভাগ বস্তুৰ বাবে উপকাৰী। গ্ৰীণ টি গ্ৰহণ কৰিলে শৰীৰটো ফিট হৈ থাকে। এটা কথা মনত ৰাখিব যে এইসমূহ প্ৰতিকাৰৰ দ্বাৰাও যদি আপোনাৰ মুখৰ বেয়া গোন্ধ আতৰি যোৱা নাই তেন্তে এবাৰ চিকিৎসকৰ লগত পৰীক্ষা কৰিব লাগিব। বেয়া গোন্ধৰ বাবে আপোনাৰ দাঁতৰো ক্ষতি হব পাৰে। সেইবাবেই এবাৰ ডাক্তৰৰ লগত পৰীক্ষা কৰক আৰু সমস্যাটোৰ সমাধান পাওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু