--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই দিল্লী মেট্ৰ'ত হঠাতে উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিঙিত তেওঁৰ অসমীয়াৰ স্বাভিমান গামোচা।  সেই সময়ত মেট্ৰ’ত যাত্ৰা কৰাসকলে লাভ কৰিলে এক  আশ্চৰ্যকৰ অভিজ্ঞতা  দেশৰ প্ৰধানমন্ত্ৰীয়ে  আন পাঁচজন সাধাৰণ যাত্ৰীৰ সৈতে একেলগে বহি থকা দেখা গ’ল।

 দৰাচলতে মোদীয়ে আজি দিল্লী বিশ্ববিদ্যালয়লৈ গৈছিল এক বিশেষ অনুষ্ঠানত ভাগ ল’বলৈ। বিশ্ববিদ্যালয়ৰ  শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰোতে মোদীয়ে তেওঁৰ মেট্ৰ’ ৰে’লত যাত্ৰা অভিজ্ঞতাৰ বিষয়েও কয়।আলোচনাত  নতুন অ'টিটি শৃংখলা বা ভাইৰেল ৰিলছৰ দৰে বিষয়বোৰেও ঠাই পায়। মোদীয়ে কয় "ইয়াত থকা বহু শিক্ষাৰ্থীৰ দৰে ময়ো  আজি মেট্ৰ'ত ভ্ৰমণ কৰিছো। তেওঁলোকৰ বহুত ক'বলগীয়া আছিল। বিজ্ঞানৰ বিভিন্ন শাখাৰ পৰা অ'টিটিৰ নতুন শৃংখলা, তেওঁলোকে একো বাদ দিয়া নাই।" মোদীয়ে আজি পুৱা  ষ্টেচন চৌহদত প্ৰৱেশ কৰিছিল আৰু টিকট কিনাৰ পিছত ৰে’লত  উঠিছিল। 

দৰাচলতে, তেওঁ শুক্ৰবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনত উপস্থিত থাকিবলৈ মেট্ৰ’ ৰে’লেৰে গৈছিল। মোদীয়ে সাধাৰণ যাত্ৰীৰ দৰে মেট্ৰ'ৰে দিল্লী বিশ্ববিদ্যালয়লৈ যোৱাৰ সময়তে শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন বিষয়ত কথা পাতে। ব্যস্ত মেট্ৰ'ত তেওঁৰ আকস্মিক ভ্ৰমণ বহু সাধাৰণ যাত্ৰীয়ে প্ৰত্যক্ষ কৰিছিল, যাৰ ভিতৰত বেছিভাগেই আছিল  শিক্ষাৰ্থী। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস