--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই দিল্লী মেট্ৰ'ত হঠাতে উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিঙিত তেওঁৰ অসমীয়াৰ স্বাভিমান গামোচা।  সেই সময়ত মেট্ৰ’ত যাত্ৰা কৰাসকলে লাভ কৰিলে এক  আশ্চৰ্যকৰ অভিজ্ঞতা  দেশৰ প্ৰধানমন্ত্ৰীয়ে  আন পাঁচজন সাধাৰণ যাত্ৰীৰ সৈতে একেলগে বহি থকা দেখা গ’ল।

 দৰাচলতে মোদীয়ে আজি দিল্লী বিশ্ববিদ্যালয়লৈ গৈছিল এক বিশেষ অনুষ্ঠানত ভাগ ল’বলৈ। বিশ্ববিদ্যালয়ৰ  শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰোতে মোদীয়ে তেওঁৰ মেট্ৰ’ ৰে’লত যাত্ৰা অভিজ্ঞতাৰ বিষয়েও কয়।আলোচনাত  নতুন অ'টিটি শৃংখলা বা ভাইৰেল ৰিলছৰ দৰে বিষয়বোৰেও ঠাই পায়। মোদীয়ে কয় "ইয়াত থকা বহু শিক্ষাৰ্থীৰ দৰে ময়ো  আজি মেট্ৰ'ত ভ্ৰমণ কৰিছো। তেওঁলোকৰ বহুত ক'বলগীয়া আছিল। বিজ্ঞানৰ বিভিন্ন শাখাৰ পৰা অ'টিটিৰ নতুন শৃংখলা, তেওঁলোকে একো বাদ দিয়া নাই।" মোদীয়ে আজি পুৱা  ষ্টেচন চৌহদত প্ৰৱেশ কৰিছিল আৰু টিকট কিনাৰ পিছত ৰে’লত  উঠিছিল। 

দৰাচলতে, তেওঁ শুক্ৰবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনত উপস্থিত থাকিবলৈ মেট্ৰ’ ৰে’লেৰে গৈছিল। মোদীয়ে সাধাৰণ যাত্ৰীৰ দৰে মেট্ৰ'ৰে দিল্লী বিশ্ববিদ্যালয়লৈ যোৱাৰ সময়তে শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন বিষয়ত কথা পাতে। ব্যস্ত মেট্ৰ'ত তেওঁৰ আকস্মিক ভ্ৰমণ বহু সাধাৰণ যাত্ৰীয়ে প্ৰত্যক্ষ কৰিছিল, যাৰ ভিতৰত বেছিভাগেই আছিল  শিক্ষাৰ্থী। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন