--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰাপায়ীসকলৰ বাবে সুখবৰ৷শুকুৰবাৰে (৩০ জুন) দিল্লী মেট্ৰ’ই ঘোষণা কৰে যে এতিয়া মেট্ৰ’ত প্ৰতিজন ব্যক্তিৰ বাবে দুটা বটল নিয়াৰ সুৰাৰ অনুমতি দিয়া হ’ব। দিল্লী মেট্ৰ’ৰ এয়াৰপ’ৰ্ট এক্সপ্ৰেছ লাইনৰ দৰে এতিয়া আন পথতো সুৰাৰ অনুমতি দিয়া হ’ব। অৱশ্যে ইয়াৰ বাবে এটা সৰু চৰ্তও ৰখা হৈছে যে সুৰাৰ বটলবোৰ ছীল কৰি ৰাখিব লাগিব।

অৱশ্যে এই নিৰ্দেশৰ পাছতো মেট্ৰ’ চৌহদৰ ভিতৰত মদ খোৱাটো অপৰাধৰ শ্ৰেণীত পৰিব। এই নিৰ্দেশৰ পাছত মেট্ৰ’ই যাত্ৰীসকলক যাত্ৰাৰ সময়ত সঠিক আচৰণ বজাই ৰাখিবলৈ অনুৰোধ জনাইছে। যদি কাৰোবাক মদ্যপান কৰি পোৱা যায়, তেন্তে তেওঁৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সন্দৰ্ভত চিআইএছএফ আৰু ডিএমআৰচিৰ বিষয়াৰ এখন কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বৰ সিদ্ধান্ত অনুসৰি কেৱল এয়াৰপৰ্ট এক্সপ্ৰেছ লাইনতহে সুৰা কঢ়িয়াই নিয়াৰ অনুমতি দিয়া হৈছিল। দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ হৈ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক এয়াৰপ’ৰ্ট এক্সপ্ৰেছ লাইনত সুৰাৰ বটল আনিবলৈ অনুমতি দিয়া হৈছিল।

উল্লেখ্য যে মেট্ৰ’ত মদ খোৱাৰ পাছত হুলস্থুল বা কাজিয়া হ’লে যাত্ৰীজনক মেট্ৰ’ ষ্টেচনৰ পৰা উলিয়াই অনাৰ অধিকাৰ চি আৰ পি এফৰ আছে। ইয়াৰ লগতে চি আৰ পি এফ বা মেট্ৰ’ কৰ্মচাৰীয়ে নিয়ম ভংগ কৰা যাত্ৰীজনক ২০০ টকা জৰিমনাও আৰোপ কৰিব পাৰে। ইয়াৰ লগতে পৰিস্থিতি অধিক বেয়া হ’লে আইনী ব্যৱস্থাও ল’ব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস