--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰাপায়ীসকলৰ বাবে সুখবৰ৷শুকুৰবাৰে (৩০ জুন) দিল্লী মেট্ৰ’ই ঘোষণা কৰে যে এতিয়া মেট্ৰ’ত প্ৰতিজন ব্যক্তিৰ বাবে দুটা বটল নিয়াৰ সুৰাৰ অনুমতি দিয়া হ’ব। দিল্লী মেট্ৰ’ৰ এয়াৰপ’ৰ্ট এক্সপ্ৰেছ লাইনৰ দৰে এতিয়া আন পথতো সুৰাৰ অনুমতি দিয়া হ’ব। অৱশ্যে ইয়াৰ বাবে এটা সৰু চৰ্তও ৰখা হৈছে যে সুৰাৰ বটলবোৰ ছীল কৰি ৰাখিব লাগিব।

অৱশ্যে এই নিৰ্দেশৰ পাছতো মেট্ৰ’ চৌহদৰ ভিতৰত মদ খোৱাটো অপৰাধৰ শ্ৰেণীত পৰিব। এই নিৰ্দেশৰ পাছত মেট্ৰ’ই যাত্ৰীসকলক যাত্ৰাৰ সময়ত সঠিক আচৰণ বজাই ৰাখিবলৈ অনুৰোধ জনাইছে। যদি কাৰোবাক মদ্যপান কৰি পোৱা যায়, তেন্তে তেওঁৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সন্দৰ্ভত চিআইএছএফ আৰু ডিএমআৰচিৰ বিষয়াৰ এখন কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বৰ সিদ্ধান্ত অনুসৰি কেৱল এয়াৰপৰ্ট এক্সপ্ৰেছ লাইনতহে সুৰা কঢ়িয়াই নিয়াৰ অনুমতি দিয়া হৈছিল। দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ হৈ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক এয়াৰপ’ৰ্ট এক্সপ্ৰেছ লাইনত সুৰাৰ বটল আনিবলৈ অনুমতি দিয়া হৈছিল।

উল্লেখ্য যে মেট্ৰ’ত মদ খোৱাৰ পাছত হুলস্থুল বা কাজিয়া হ’লে যাত্ৰীজনক মেট্ৰ’ ষ্টেচনৰ পৰা উলিয়াই অনাৰ অধিকাৰ চি আৰ পি এফৰ আছে। ইয়াৰ লগতে চি আৰ পি এফ বা মেট্ৰ’ কৰ্মচাৰীয়ে নিয়ম ভংগ কৰা যাত্ৰীজনক ২০০ টকা জৰিমনাও আৰোপ কৰিব পাৰে। ইয়াৰ লগতে পৰিস্থিতি অধিক বেয়া হ’লে আইনী ব্যৱস্থাও ল’ব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন