--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চকদা এক্সপ্ৰেছৰ জৰিয়তে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছে বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই ।বৰ্তমান  অভিনেত্ৰী  ইংলেণ্ডত আছে আৰু তেওঁ 
 আহিবলগীয়া চলচ্চিত্ৰখনৰ বাবে ক্ৰিকেট প্ৰশিক্ষণ লৈ আছে।
শুক্ৰবাৰে, অনুষ্কাই ইনষ্টাগ্ৰামত কেইবাখনো ফটো পোষ্ট কৰিছিল৷ ছবিবোৰত অনুষ্কাক  ক্ৰিকেট বলৰ সৈতে  দেখা  গৈছিল। ফটোৰ সৈতে  শিৰোনামটোত লিখিছিল, এই হাঁহিটোত ভোল নাযাব ! 

জানুৱাৰীত  চাকদা এক্সপ্ৰেছৰ বিষয়ে  ঘোষণা কৰাৰ  সময়ত  অনুষ্কা শৰ্মাই কৈছিল যে  চাকদা এক্সপ্ৰেছ প্ৰাক্তন ভাৰতীয় অধিনায়ক ঝুলন গোস্বামীৰ জীৱন আৰু সময়ৰ দ্বাৰা অনুপ্ৰাণিত৷  লগতে এই ছবিয়ে  ক্ৰিকেটৰ জগতত মহিলাৰ অৱদানৰ বিষয়ে  সমগ্ৰ পৃথিৱীক অৱগত কৰিব। যি সময়ত ঝুলনে ক্ৰিকেটাৰ হ'বলৈ আৰু বিশ্বৰ মঞ্চত নিজৰ দেশক গৌৰৱান্বিত কৰাৰ সিদ্ধান্ত লৈছিল, সেইসময়ত মহিলাসকলৰ বাবে ক্ৰিকেট খেলাৰ কথা ভবাটোও  কঠিন আছিল। 

ঝুলন গোস্বামীক প্ৰশংসা কৰি   অনুষ্কাই কয় যে  'এগৰাকী মহিলা হিচাপে, ঝুলনৰ কাহিনী শুনি মই গৌৰৱান্বিত হৈছিলোঁ আৰু দৰ্শক আৰু ক্ৰিকেট প্ৰেমীসকলৰ মাজত নিজৰ জীৱন কঢ়িয়াই আনিবলৈ চেষ্টা কৰাটো মোৰ বাবে এক সন্মানৰ বিষয়। ক্ৰিকেট খেলুৱৈ হিচাপে, আমি আমাৰ মহিলা ক্ৰিকেটাৰসকলক তেওঁলোকৰ প্ৰাপ্য দিব লাগিব।”

এই ছবিখনে অনুষ্কাৰ কেৰিয়াৰৰ ক্ষেত্ৰত  বিশেষ ভূমিকা পালন কৰিব বুলি সকলোৱে ধাৰণা কৰিছে৷ উল্লেখযোগ্য যে ,  অনুষ্কা শৰ্মাক শেষবাৰৰ বাবে শ্বাহৰুখ খান আৰু কেটৰিনা কাইফৰ সৈতে ২০১৮ ৰ জিৰো চলচ্চিত্ৰত দেখা গৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?