--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চকদা এক্সপ্ৰেছৰ জৰিয়তে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছে বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই ।বৰ্তমান  অভিনেত্ৰী  ইংলেণ্ডত আছে আৰু তেওঁ 
 আহিবলগীয়া চলচ্চিত্ৰখনৰ বাবে ক্ৰিকেট প্ৰশিক্ষণ লৈ আছে।
শুক্ৰবাৰে, অনুষ্কাই ইনষ্টাগ্ৰামত কেইবাখনো ফটো পোষ্ট কৰিছিল৷ ছবিবোৰত অনুষ্কাক  ক্ৰিকেট বলৰ সৈতে  দেখা  গৈছিল। ফটোৰ সৈতে  শিৰোনামটোত লিখিছিল, এই হাঁহিটোত ভোল নাযাব ! 

জানুৱাৰীত  চাকদা এক্সপ্ৰেছৰ বিষয়ে  ঘোষণা কৰাৰ  সময়ত  অনুষ্কা শৰ্মাই কৈছিল যে  চাকদা এক্সপ্ৰেছ প্ৰাক্তন ভাৰতীয় অধিনায়ক ঝুলন গোস্বামীৰ জীৱন আৰু সময়ৰ দ্বাৰা অনুপ্ৰাণিত৷  লগতে এই ছবিয়ে  ক্ৰিকেটৰ জগতত মহিলাৰ অৱদানৰ বিষয়ে  সমগ্ৰ পৃথিৱীক অৱগত কৰিব। যি সময়ত ঝুলনে ক্ৰিকেটাৰ হ'বলৈ আৰু বিশ্বৰ মঞ্চত নিজৰ দেশক গৌৰৱান্বিত কৰাৰ সিদ্ধান্ত লৈছিল, সেইসময়ত মহিলাসকলৰ বাবে ক্ৰিকেট খেলাৰ কথা ভবাটোও  কঠিন আছিল। 

ঝুলন গোস্বামীক প্ৰশংসা কৰি   অনুষ্কাই কয় যে  'এগৰাকী মহিলা হিচাপে, ঝুলনৰ কাহিনী শুনি মই গৌৰৱান্বিত হৈছিলোঁ আৰু দৰ্শক আৰু ক্ৰিকেট প্ৰেমীসকলৰ মাজত নিজৰ জীৱন কঢ়িয়াই আনিবলৈ চেষ্টা কৰাটো মোৰ বাবে এক সন্মানৰ বিষয়। ক্ৰিকেট খেলুৱৈ হিচাপে, আমি আমাৰ মহিলা ক্ৰিকেটাৰসকলক তেওঁলোকৰ প্ৰাপ্য দিব লাগিব।”

এই ছবিখনে অনুষ্কাৰ কেৰিয়াৰৰ ক্ষেত্ৰত  বিশেষ ভূমিকা পালন কৰিব বুলি সকলোৱে ধাৰণা কৰিছে৷ উল্লেখযোগ্য যে ,  অনুষ্কা শৰ্মাক শেষবাৰৰ বাবে শ্বাহৰুখ খান আৰু কেটৰিনা কাইফৰ সৈতে ২০১৮ ৰ জিৰো চলচ্চিত্ৰত দেখা গৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি