--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাথৰূমত হাৰ্ট এটেক হোৱাৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। মানুহৰ প্ৰস্ৰাৱ আৰু শৌচ কৰাৰ ওপৰতো নিৰ্ভৰ কৰে হাৰ্ট এটেকৰ পৰিঘটনা।

এক গৱেষণাত ৩০ৰ পৰা ৭৯ বছৰ বয়সৰ ৪৮৭ জন লোকে অংশ লৈছিল। চীন কাদুৰি বায়’বেংকৰ পৰা লোৱা হৈছে তথ্য। অধ্যয়নৰ আৰম্ভণিতে অংশগ্ৰহণকাৰীসকলৰ কেন্সাৰ, হৃদৰোগ বা ষ্ট্ৰোকৰ দৰে কোনো সমস্যা নাছিল। ১০ বছৰ ধৰি ফ’ল’ আপ কৰা হৈছিল তেওঁলোকক। 

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে দিনটোত এবাৰতকৈ অধিক শৌচ কৰিবলৈ যায়, তেওঁলোকৰ ইস্কেমিক হাৰ্ট ডিজিজ হোৱাৰ সম্ভাৱনা বেছি। ইস্কেমিক হাৰ্ট ডিজিজক ক’ৰ’নাৰী হাৰ্ট ডিজিজ বুলিও কোৱা হয়। ইয়াত হাৰ্ট এটেক হোৱাৰ আশংকা আছে।


অধ্যয়নটোত এইটোও প্ৰকাশ পাইছে যে যিদৰে অধিক সঘনাই শৌচাগাৰলৈ যোৱাৰ ফলত সমস্যাৰ সৃষ্টি হয়, একেদৰে শৌচাগাৰলৈ একেবাৰে কম যোৱাটোও ভাল নহয়। 

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকলে কোষ্ঠকাঠিন্যৰ সমস্যাৰ কথা কয় তেওঁলোকৰ হৃদযন্ত্ৰ, বৃক্কৰ ৰোগ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা আছে। 

অত্যধিক ঠাণ্ডা বা অত্যধিক গৰম পানীৰে গা ধুলেও হৃদযন্ত্ৰৰ বাবে বিপদৰ সৃষ্টি হয়। গা ধোৱাৰ সময়ত লগে লগে আপোনাৰ শৰীৰে উষ্ণতা বজাই ৰাখিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আপোনাৰ ধমনী আৰু সিৰাত চাপ পৰে।

যদি আপুনিও সেইসকল লোকৰ মাজৰ এজন যিসকলৰ কোষ্ঠকাঠিন্য আছে বা বাৰে বাৰে শৌচাগাৰলৈ যাবলগীয়া হয়, তেন্তে আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰা উচিত। পানী খোৱা, খোজ কঢ়া, ব্যায়াম কৰা আৰু আঁহযুক্ত খাদ্য গ্ৰহণ কৰি থাকিব পাৰিলে আপোনাৰ সমস্যা দূৰ হ'ব পাৰে। হাৰ্ট এটেকৰ কোনো লক্ষণ সহজে ল’ব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু