--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাথৰূমত হাৰ্ট এটেক হোৱাৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। মানুহৰ প্ৰস্ৰাৱ আৰু শৌচ কৰাৰ ওপৰতো নিৰ্ভৰ কৰে হাৰ্ট এটেকৰ পৰিঘটনা।

এক গৱেষণাত ৩০ৰ পৰা ৭৯ বছৰ বয়সৰ ৪৮৭ জন লোকে অংশ লৈছিল। চীন কাদুৰি বায়’বেংকৰ পৰা লোৱা হৈছে তথ্য। অধ্যয়নৰ আৰম্ভণিতে অংশগ্ৰহণকাৰীসকলৰ কেন্সাৰ, হৃদৰোগ বা ষ্ট্ৰোকৰ দৰে কোনো সমস্যা নাছিল। ১০ বছৰ ধৰি ফ’ল’ আপ কৰা হৈছিল তেওঁলোকক। 

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে দিনটোত এবাৰতকৈ অধিক শৌচ কৰিবলৈ যায়, তেওঁলোকৰ ইস্কেমিক হাৰ্ট ডিজিজ হোৱাৰ সম্ভাৱনা বেছি। ইস্কেমিক হাৰ্ট ডিজিজক ক’ৰ’নাৰী হাৰ্ট ডিজিজ বুলিও কোৱা হয়। ইয়াত হাৰ্ট এটেক হোৱাৰ আশংকা আছে।


অধ্যয়নটোত এইটোও প্ৰকাশ পাইছে যে যিদৰে অধিক সঘনাই শৌচাগাৰলৈ যোৱাৰ ফলত সমস্যাৰ সৃষ্টি হয়, একেদৰে শৌচাগাৰলৈ একেবাৰে কম যোৱাটোও ভাল নহয়। 

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকলে কোষ্ঠকাঠিন্যৰ সমস্যাৰ কথা কয় তেওঁলোকৰ হৃদযন্ত্ৰ, বৃক্কৰ ৰোগ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা আছে। 

অত্যধিক ঠাণ্ডা বা অত্যধিক গৰম পানীৰে গা ধুলেও হৃদযন্ত্ৰৰ বাবে বিপদৰ সৃষ্টি হয়। গা ধোৱাৰ সময়ত লগে লগে আপোনাৰ শৰীৰে উষ্ণতা বজাই ৰাখিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আপোনাৰ ধমনী আৰু সিৰাত চাপ পৰে।

যদি আপুনিও সেইসকল লোকৰ মাজৰ এজন যিসকলৰ কোষ্ঠকাঠিন্য আছে বা বাৰে বাৰে শৌচাগাৰলৈ যাবলগীয়া হয়, তেন্তে আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰা উচিত। পানী খোৱা, খোজ কঢ়া, ব্যায়াম কৰা আৰু আঁহযুক্ত খাদ্য গ্ৰহণ কৰি থাকিব পাৰিলে আপোনাৰ সমস্যা দূৰ হ'ব পাৰে। হাৰ্ট এটেকৰ কোনো লক্ষণ সহজে ল’ব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু