--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চিকিৎসকৰ পৰা আৰম্ভ কৰি পুষ্টিবিদলৈকে সকলোৱে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন পোৱাৰ বাবে প্ৰতিদিনে এটাকৈ কণী খাবলৈ পৰামৰ্শ দিয়ে। বহুতে কণী খাই ভাল পায়। গতিকে ব্ৰেকফাষ্টৰ বাবে সিজোৱা বা পোচ কৰা কণীৰ পৰা আৰম্ভ কৰি নিশা ভজা কণীলৈ একাংশ লোকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে।

চিকিৎসকৰ মতে, এজন ব্যক্তিয়ে দিনটোত কিমান কণী খাব পাৰে সেয়া তেওঁৰ শাৰীৰিক জটিলতাৰ ওপৰত নিৰ্ভৰ কৰে। এজন সুস্থ ব্যক্তিয়ে সপ্তাহটোৰ  সাতদিনতেই কণী খাব পাৰে। কিন্তু যিসকলৰ উচ্চ ৰক্তচাপ বা কলেষ্টেৰলৰ বাবে কণী ক্ষতিকাৰক। কাৰণ কণীৰ কুহুম খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ বাহিৰেও পাচনতন্ত্ৰৰ সমস্যা, গেছ, তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা থাকে। যিসকলৰ এলাৰ্জীৰ সমস্যা আছে তেওঁলোকে বেছিকৈ কণী খাব নালাগে।

দিনটোত কিমান কণী খাব পাৰি?

এজন ব্যক্তিয়ে এদিনত সৰ্বাধিক ৩টা কণী খাব পাৰে যদিহে তেওঁৰ অন্য কোনো শাৰীৰিক সমস্যা নাথাকে। কিন্তু কলেষ্টেৰল বেছি হ’লে ‘কলেষ্টেৰল মুক্ত’ কণী পায় আৰু কাৰোবাৰ কণীৰ প্ৰতি এলাৰ্জী হ’লে তেওঁলোকে কণী খোৱাৰ পৰা বিৰত থকা উচিত। অতিৰিক্ত ভিটামিন আৰু প্ৰটিনযুক্ত কণী শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবেও উপলব্ধ। সেয়ে কলেষ্টেৰলৰ ভয়ত কণী নোখোৱা পুৰণি ধাৰণাটো বহু পৰিমাণে কমিছে। কিন্তু শাৰীৰিক সমস্যা হ’লে কণী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী বুলি চিকিৎসকৰ এটা দলে প্ৰকাশ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক