--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চিকিৎসকৰ পৰা আৰম্ভ কৰি পুষ্টিবিদলৈকে সকলোৱে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন পোৱাৰ বাবে প্ৰতিদিনে এটাকৈ কণী খাবলৈ পৰামৰ্শ দিয়ে। বহুতে কণী খাই ভাল পায়। গতিকে ব্ৰেকফাষ্টৰ বাবে সিজোৱা বা পোচ কৰা কণীৰ পৰা আৰম্ভ কৰি নিশা ভজা কণীলৈ একাংশ লোকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে।

চিকিৎসকৰ মতে, এজন ব্যক্তিয়ে দিনটোত কিমান কণী খাব পাৰে সেয়া তেওঁৰ শাৰীৰিক জটিলতাৰ ওপৰত নিৰ্ভৰ কৰে। এজন সুস্থ ব্যক্তিয়ে সপ্তাহটোৰ  সাতদিনতেই কণী খাব পাৰে। কিন্তু যিসকলৰ উচ্চ ৰক্তচাপ বা কলেষ্টেৰলৰ বাবে কণী ক্ষতিকাৰক। কাৰণ কণীৰ কুহুম খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ বাহিৰেও পাচনতন্ত্ৰৰ সমস্যা, গেছ, তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা থাকে। যিসকলৰ এলাৰ্জীৰ সমস্যা আছে তেওঁলোকে বেছিকৈ কণী খাব নালাগে।

দিনটোত কিমান কণী খাব পাৰি?

এজন ব্যক্তিয়ে এদিনত সৰ্বাধিক ৩টা কণী খাব পাৰে যদিহে তেওঁৰ অন্য কোনো শাৰীৰিক সমস্যা নাথাকে। কিন্তু কলেষ্টেৰল বেছি হ’লে ‘কলেষ্টেৰল মুক্ত’ কণী পায় আৰু কাৰোবাৰ কণীৰ প্ৰতি এলাৰ্জী হ’লে তেওঁলোকে কণী খোৱাৰ পৰা বিৰত থকা উচিত। অতিৰিক্ত ভিটামিন আৰু প্ৰটিনযুক্ত কণী শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবেও উপলব্ধ। সেয়ে কলেষ্টেৰলৰ ভয়ত কণী নোখোৱা পুৰণি ধাৰণাটো বহু পৰিমাণে কমিছে। কিন্তু শাৰীৰিক সমস্যা হ’লে কণী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী বুলি চিকিৎসকৰ এটা দলে প্ৰকাশ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু