--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আচাৰ্য চাণক্য আছিল এনে এজন ব্যক্তি যিয়ে এককভাৱে তেওঁ ভূত-ভৱিষ্যতৰ কথা ক’ব পাৰিছিল। তেওঁৰ যোগেদি চন্দ্ৰগুপ্ত মৌৰ্যই সিংহাসন লাভ কৰিছিল। ভাবিলে আচৰিত লাগে যে সেই প্ৰাচীন কালৰে তেওঁৰ কথাবোৰ আজিও অতি প্ৰাসংগিক হৈ আছে। তেওঁৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰ আজিও মানুহৰ বাবে এক আশ্চৰ্য্য।

নৈতিকতাৰ মহান পণ্ডিত আচাৰ্য চাণক্যই তেওঁৰ চাণক্য নীতিত জীৱনৰ লগত জড়িত বহু তথ্য দাঙি ধৰিছে। আজি আমাৰ ঘৰখনৰ দুৰ্দশাৰ কাৰণ কি? ঘৰত আৰ্থিক সমস্যাৰ কাৰণ কি কি? তলত উল্লেখ কৰা ৫টা কাৰণৰ কথা তেওঁ চাণক্য নীতিত উল্লেখ কৰিছে।

১) য’ত বিবাদ হয় তাত মালক্ষ্মী বাস নকৰে। ঘৰৰ সদস্যৰ মাজত কাজিয়া হৈ থাকিলে সেই ঘৰৰ পৰা মালক্ষ্মীয়ে ওলাই যায়। ফলত দৰিদ্ৰতা বৃদ্ধি পায়।

২) যি ঘৰত পূজা কৰা নহয়, তাত অশুভ শক্তি বাস কৰে। ইয়াৰ ফলত পৰিয়ালৰ ওপৰত অশুভ প্ৰভাৱ পৰে। গতিকে ঘৰখন নিতৌ পুৱা-গধূলি পূজা কৰা উচিত।

৩) যি ঘৰৰ চৌহদত তুলসী গছ ৰোপণ কৰা হয়, সেই ঘৰত মালক্ষ্মীৰ আগমনৰ লগতে দৰিদ্ৰতা দূৰ হয়। আচাৰ্য চাণক্যৰ মতে এই তুলসী গছ মৰহি যাব দিব নালাগে, নহ’লে ইয়াৰ কুপ্ৰভাৱ পৰা দেখা যায়।

 ৪) ভঙা কাঁচঃ আচাৰ্য চাণক্যৰ মতে ভঙা কাঁচ ঘৰৰ ভিতৰত ৰাখিব নালাগে। নহ’লে ইয়াৰ কুপ্ৰভাৱ আপোনাৰ ঘৰখনৰ ওপৰত পেলাব পাৰে।

৫) মনত ৰাখিব যে ঘৰৰ বয়োজ্যেষ্ঠক অপমান কৰিলে মালক্ষ্মী তাত নাথাকে। গতিকে এই কাৰ্য্যৰ পৰা সদায় বিৰত থাকক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু