--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ৰ এটা ডাঙৰ সমস্যা হৈছে ডিপ্ৰেছন। প্ৰেম বা বন্ধুত্বত প্ৰতাৰণা কৰা, আৰ্থিক সমস্যা, চাকৰিৰ মানসিক চাপ, পাৰিবাৰিক বিসংগতি বা যিকোনো ডাঙৰ বেমাৰ আদি বহু কাৰণত মানসিক চাপ বা ডিপ্ৰেছন হ’ব পাৰে। ভাৰতত মানসিক স্বাস্থ্যক বিশেষ গুৰুত্ব দিয়া নহয়, কিন্তু সুস্থ জীৱনৰ বাবে ই অতি গুৰুত্বপূৰ্ণ, মনৰ উন্নতি নোহোৱাকৈ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰি। মানসিক চাপৰ পৰা হাত সাৰিবলৈ আপুনি কি কৰিব পাৰে জানো আহক।

উদ্বেগ দূৰ কৰিবলৈ ৰঙালাওৰ গুটি খাওক

ডিপ্ৰেছন কম কৰিবলৈ আপুনি খাদ্যত ৰঙালাওৰ গুটি অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ আন বহুতো উপকাৰো আছে। এইবোৰত ভিটামিন চি পোৱা যায় যিয়ে মগজুৰ নিউৰ’ট্ৰান্সমিটাৰ নামৰ ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে। এই ৰাসায়নিক পদাৰ্থৰ সহায়ত মেজাজ উন্নত কৰিব পাৰি। ইয়াৰ লগতে ৰঙালাওৰ গুটিত মেগনেছিয়াম পোৱা যায়, যিয়ে মনক শান্তি দিয়ে। ইয়াৰ উপৰিও এই বীজত থকা জিংকে মানসিক চাপৰ পৰাও উপশম ঘটাব পাৰে। আমি প্ৰায়ে ৰঙালাওৰ গুটিবোৰ অসাৰ বুলি গণ্য কৰি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু তেনে কৰাৰ সময়ত মনত ৰাখিব যে ই আপোনাৰ বাবে কিমান উপযোগী হ’ব পাৰে।

ৰঙালাও গুটিৰ অন্যান্য উপকাৰিতা

১) শান্তিপূৰ্ণ টোপনি আহিবঃ টেনচন হোৱাৰ আন এটা ডাঙৰ কাৰণ হ’ল টোপনিৰ অসুবিধা হোৱা। এই সমস্যা দূৰ কৰিবলৈ আপুনি দৈনন্দিন খাদ্যত ৰঙালাও গুটি অন্তৰ্ভুক্ত কৰিব পাৰে। যিহেতু ইয়াত মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়, গতিকে ই অনিদ্ৰা দূৰ কৰাত সহায় কৰে।

২) হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবঃ ৰঙালাও গুটিত ভাল পৰিমাণৰ আঁহ পোৱা যায়, যাৰ বাবে ওজন নিয়ন্ত্ৰণত থাকে আৰু ৰক্তচাপো উচ্চ নহয়। এনে পৰিস্থিতিত সহজেই হৃদৰোগৰ পৰা হাত সাৰিব পাৰি।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু