--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ৰ এটা ডাঙৰ সমস্যা হৈছে ডিপ্ৰেছন। প্ৰেম বা বন্ধুত্বত প্ৰতাৰণা কৰা, আৰ্থিক সমস্যা, চাকৰিৰ মানসিক চাপ, পাৰিবাৰিক বিসংগতি বা যিকোনো ডাঙৰ বেমাৰ আদি বহু কাৰণত মানসিক চাপ বা ডিপ্ৰেছন হ’ব পাৰে। ভাৰতত মানসিক স্বাস্থ্যক বিশেষ গুৰুত্ব দিয়া নহয়, কিন্তু সুস্থ জীৱনৰ বাবে ই অতি গুৰুত্বপূৰ্ণ, মনৰ উন্নতি নোহোৱাকৈ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰি। মানসিক চাপৰ পৰা হাত সাৰিবলৈ আপুনি কি কৰিব পাৰে জানো আহক।

উদ্বেগ দূৰ কৰিবলৈ ৰঙালাওৰ গুটি খাওক

ডিপ্ৰেছন কম কৰিবলৈ আপুনি খাদ্যত ৰঙালাওৰ গুটি অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ আন বহুতো উপকাৰো আছে। এইবোৰত ভিটামিন চি পোৱা যায় যিয়ে মগজুৰ নিউৰ’ট্ৰান্সমিটাৰ নামৰ ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে। এই ৰাসায়নিক পদাৰ্থৰ সহায়ত মেজাজ উন্নত কৰিব পাৰি। ইয়াৰ লগতে ৰঙালাওৰ গুটিত মেগনেছিয়াম পোৱা যায়, যিয়ে মনক শান্তি দিয়ে। ইয়াৰ উপৰিও এই বীজত থকা জিংকে মানসিক চাপৰ পৰাও উপশম ঘটাব পাৰে। আমি প্ৰায়ে ৰঙালাওৰ গুটিবোৰ অসাৰ বুলি গণ্য কৰি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু তেনে কৰাৰ সময়ত মনত ৰাখিব যে ই আপোনাৰ বাবে কিমান উপযোগী হ’ব পাৰে।

ৰঙালাও গুটিৰ অন্যান্য উপকাৰিতা

১) শান্তিপূৰ্ণ টোপনি আহিবঃ টেনচন হোৱাৰ আন এটা ডাঙৰ কাৰণ হ’ল টোপনিৰ অসুবিধা হোৱা। এই সমস্যা দূৰ কৰিবলৈ আপুনি দৈনন্দিন খাদ্যত ৰঙালাও গুটি অন্তৰ্ভুক্ত কৰিব পাৰে। যিহেতু ইয়াত মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়, গতিকে ই অনিদ্ৰা দূৰ কৰাত সহায় কৰে।

২) হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবঃ ৰঙালাও গুটিত ভাল পৰিমাণৰ আঁহ পোৱা যায়, যাৰ বাবে ওজন নিয়ন্ত্ৰণত থাকে আৰু ৰক্তচাপো উচ্চ নহয়। এনে পৰিস্থিতিত সহজেই হৃদৰোগৰ পৰা হাত সাৰিব পাৰি।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক