--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ মনত আছেনে? আপুনি সৰু হৈ থাকোতে অসুস্থ হোৱা সময়ত ডাক্তৰে জিভা উলিয়াই দিবলৈ কৈছিল? আপোনাৰ জিভা চাই ডাক্তৰে কেনেকৈ গম পাইছিল যে আপোনাৰ কি হৈছে? বহু গৱেষণাৰ পৰা দেখা গৈছে যে জিভাৰ ৰং আৰু ইয়াৰ পৰিৱৰ্তনৰ ভিত্তিত ৰোগ ধৰা পেলাব পাৰি আৰু ৰোগটো নিৰ্ণয়ও কৰিব পাৰি। 

উদাহৰণস্বৰূপে, যেতিয়াই কাৰোবাৰ জিভাৰ ৰং স্বাভাৱিক ৰঙৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰে তেতিয়া বুজিব যে শৰীৰত কোনো ধৰণৰ ৰোগৰ আক্ৰমণ হৈছে। জিভাৰ ৰঙৰ পৰা কি বুজিব পাৰি জানো আহক।
भूरी जीभ
১) ব্ৰাউন জিভা- কাৰোবাৰ জিভা ব্ৰাউন বা বাদামী হ’লে তাৰ অৰ্থ হ’ল তেওঁলোকে বেছিকৈ চাহ-কফি খায়। ইয়াৰ বাহিৰেও যিসকলে বেছিকৈ ছিগাৰেট বা বিড়ি পান কৰে, তেওঁলোকৰ জিভাখনো বাদামী বা ব্ৰাউন ৰঙৰ হৈ পৰে। এনেকুৱা হোৱাটো শৰীৰৰ বাবে ভাল নহয়। গতিকে এইবোৰ খাদ্য কমাই খোৱাটো ভাল। 

২) ক'লা জিভা- কাৰোবাৰ জিভাৰ ৰং যেতিয়া ক'লা হয়, তেতিয়া বুজিব যে ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ। ই কেন্সাৰৰ লক্ষণো হ’ব পাৰে আৰু ইয়াৰ বাহিৰেও ভেঁকুৰৰ সংক্ৰমণ আৰু আলচাৰ হ’লেও জিভা ক’লা হৈ পৰে। যিসকলে বেছি ধূমপান কৰে, তেওঁলোকৰ জিভাও এনে সমস্যাৰ সন্মুখীন হয়।
लाल जीभ
৩) ৰঙা জিভা- জিভাখন যেতিয়া গুলাপী ৰঙৰ পৰা ৰঙা হয় তেতিয়া তাৰ অৰ্থ হ’ল আপোনাৰ শৰীৰত ভিটামিন বি১২ আৰু ফলিক এচিড বহু পৰিমাণে হ্ৰাস পাইছে।
नीली जीभ
৪) নীলা জিভা- কাৰোবাৰ জিভাৰ ৰং নীলা বা বেঙুনীয়া হ’লে তাৰ অৰ্থ হ’ল তেওঁৰ হৃদৰোগ হ’ব পাৰে।
पीली जीभ
৫) হালধীয়া জিভা- কাৰোবাৰ জিভা হালধীয়া হ’লে তাৰ অৰ্থ হ’ল শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ। লিভাৰ বা পেটত কোনো সমস্যা হ’লে জিভাত হালধীয়া ৰঙৰ আৱৰণ পৰিবলৈ আৰম্ভ কৰে।
सफेद जीभ
৬) বগা জিভা- জিভাত বগা ৰং আহিলে তাৰ অৰ্থ হ’ল আপুনি মুখখন ভালদৰে চাফা কৰা নাই। ইয়াৰ বাবেই জিভাত বগা মলিৰ তৰপটো জমা হ’বলৈ ধৰে।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু