--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী ৰশ্মিকা মাণ্ডান্নাৰ ডিপফেক ভিডিঅ’ ভাইৰেল হৈছিল। ইয়াৰ পাছতে ৰশ্মিকা মাণ্ডান্নাই এজাহাৰ দাখিল কৰিছিল। একে সময়তে এতিয়া ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ডিপফেক ভিডিঅ’ৰ বলি হৈছে। মাষ্টাৰ ব্লাষ্টাৰে নিজেই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি সমগ্ৰ বিষয়টো বুজাই দিয়ে। শচীন তেণ্ডুলকাৰে তেওঁৰ পোষ্টত লিখিছে যে এই ভিডিঅ’টোত ডিপফেক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু তেওঁক এটা এপৰ প্ৰচাৰ কৰা দেখা গৈছে।

শচীন টেণ্ডুলকাৰে এক্সত লিখিছে যে “এই ভিডিঅ'টো ভুৱা, আপোনালোকক প্ৰতাৰণা কৰিবলৈ বনোৱা হৈছে।” তেণ্ডুলকাৰে আৰু লিখিছে যে “ডিপফেকৰ অপব্যৱহাৰ সঠিক নহয়। আপোনালোক সকলোকে এনে ভিডিঅ বা এপ বা বিজ্ঞাপন দেখিলে অতি সোনকালে ৰিপৰ্ট কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো সাৱধান হ’ব লাগে। সংশ্লিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।” ইয়াৰ লগতে মাষ্টাৰ ব্লাষ্টাৰে ইলেক্ট্ৰনিকছ, আই টি মন্ত্ৰালয় আৰু এই মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰকো এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।



ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ডিপফেক ভিডিঅ’টোত শচীন টেণ্ডুলকাৰে কোৱা দেখা গৈছে যে তেওঁৰ কন্যাই অনলাইন গেম এভিয়েটৰ খেলে আৰু ইয়াৰ পৰা ১৮০ হাজাৰ টকা উপাৰ্জন কৰি আছে। 

উল্লেখ্য যে, ডিপফেকে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰে। এই কৌশলৰ জৰিয়তে যিকোনো ব্যক্তিৰ ভুৱা ছবি সহজে তৈয়াৰ কৰিব পৰা যায়। লগতে ডিপ লাৰ্নিং, এক প্ৰকাৰৰ এআই, যিকোনো ছবি, অডিঅ’ বা ভিডিঅ’ক ভুৱা বুলি দেখুৱাবলৈ ইয়াত ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াক ডিপফেক টেকন’লজি বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক