--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী ৰশ্মিকা মাণ্ডান্নাৰ ডিপফেক ভিডিঅ’ ভাইৰেল হৈছিল। ইয়াৰ পাছতে ৰশ্মিকা মাণ্ডান্নাই এজাহাৰ দাখিল কৰিছিল। একে সময়তে এতিয়া ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ডিপফেক ভিডিঅ’ৰ বলি হৈছে। মাষ্টাৰ ব্লাষ্টাৰে নিজেই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি সমগ্ৰ বিষয়টো বুজাই দিয়ে। শচীন তেণ্ডুলকাৰে তেওঁৰ পোষ্টত লিখিছে যে এই ভিডিঅ’টোত ডিপফেক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু তেওঁক এটা এপৰ প্ৰচাৰ কৰা দেখা গৈছে।

শচীন টেণ্ডুলকাৰে এক্সত লিখিছে যে “এই ভিডিঅ'টো ভুৱা, আপোনালোকক প্ৰতাৰণা কৰিবলৈ বনোৱা হৈছে।” তেণ্ডুলকাৰে আৰু লিখিছে যে “ডিপফেকৰ অপব্যৱহাৰ সঠিক নহয়। আপোনালোক সকলোকে এনে ভিডিঅ বা এপ বা বিজ্ঞাপন দেখিলে অতি সোনকালে ৰিপৰ্ট কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো সাৱধান হ’ব লাগে। সংশ্লিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।” ইয়াৰ লগতে মাষ্টাৰ ব্লাষ্টাৰে ইলেক্ট্ৰনিকছ, আই টি মন্ত্ৰালয় আৰু এই মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰকো এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।



ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ডিপফেক ভিডিঅ’টোত শচীন টেণ্ডুলকাৰে কোৱা দেখা গৈছে যে তেওঁৰ কন্যাই অনলাইন গেম এভিয়েটৰ খেলে আৰু ইয়াৰ পৰা ১৮০ হাজাৰ টকা উপাৰ্জন কৰি আছে। 

উল্লেখ্য যে, ডিপফেকে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰে। এই কৌশলৰ জৰিয়তে যিকোনো ব্যক্তিৰ ভুৱা ছবি সহজে তৈয়াৰ কৰিব পৰা যায়। লগতে ডিপ লাৰ্নিং, এক প্ৰকাৰৰ এআই, যিকোনো ছবি, অডিঅ’ বা ভিডিঅ’ক ভুৱা বুলি দেখুৱাবলৈ ইয়াত ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াক ডিপফেক টেকন’লজি বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু