--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিগ’ৰ বিমান কাণ্ডই লৈছে নতুন পাক৷ দিল্লী বিমানবন্দৰত উৰণত পলম হোৱা সন্দৰ্ভত ঘোষণা কৰি থকাৰ সময়তে ইণ্ডিগ’ বিমানৰ পাইলটক আক্ৰমণ কৰাৰ পাছত সোমবাৰে পুৱা এজন বিমান যাত্ৰীক গ্ৰেপ্তাৰ কৰা হয়।

একেখন বিমানতে থকা এজন যাত্ৰীয়ে দাবী কৰে যে সহ-পাইলটেহে এই কাণ্ডৰ উচটনি দিছিল। ইণ্ডিয়া টুডে টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দিল্লী আৰু গোৱাৰ মাজৰ ইণ্ডিগ’ বিমান ৬E-২১৭৫ৰ এজন সহযাত্ৰীয়ে দাবী কৰে যে ১২ ঘণ্টাৰো অধিক পলম হোৱাৰ পিছতো সহ-পাইলটে যাত্ৰীসকলৰ ওপৰত দোষ জাপি দিছে।


এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ঘটনাৰ এটা ভিডিঅ’ত দেখা গৈছে যে ছাহিল কাটাৰিয়া নামৰ লোকজনে সহ-পাইলটৰ ওচৰলৈ দৌৰি গৈ ব্যক্তিজনৰ মুখত আঘাত কৰে। হালধীয়া জেকেট পৰিধান কৰি অভিযুক্তই বিমানখনৰ ভিতৰতে এই ঘোষণা কৰি থকাৰ সময়তে পাইলটজনক আক্ৰমণ কৰে।লগে লগে কাটাৰিয়াক বিমানখনৰ পৰা ডিবৰ্ড কৰি কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীক গতাই দিয়ে।


এই ঘটনাক লৈ যেন বিভক্ত হৈ পৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল। কেইবাজনো লোকে অভিযুক্ত যাত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ বিপৰীতে আন কিছুমানে বাতিল আৰু অত্যধিক পলমৰ দৰে বিষয়ক লৈ ইণ্ডিগ’ৰ বিৰুদ্ধে অভিযোগৰ ধাৰাটোৰ উদাহৰণ দি যাত্ৰীসকলৰ মাজত থকা হতাশাৰ ওপৰত আলোকপাত কৰে।


বিমান সংস্থাসমূহে অৱশ্যে এই কাণ্ডটো বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে স্বতন্ত্ৰ আভ্যন্তৰীণ সমিতিলৈ প্ৰেৰণ কৰা হৈছে আৰু নিয়ন্ত্ৰণমূলক নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি অভিযুক্ত যাত্ৰীজনক ‘নো-ফ্লাই লিষ্ট’ত অন্তৰ্ভুক্ত কৰা হৈছে।


ফ্লাইট ট্ৰেকিং ৱেবছাইট flightradar24 ৰ তথ্য অনুসৰি ১০ ঘণ্টাৰো অধিক পলম হোৱাৰ পাছত সন্ধিয়া ৬ বজাত দিল্লীৰ পৰা উৰা মাৰে। সহ-পাইলট অনুপ কুমাৰে যাত্ৰীজনৰ বিৰুদ্ধে দিল্লী আৰক্ষীত এজাহাৰ দাখিল কৰে যাৰ ভিত্তিত গোচৰটোত এফআইআৰ ৰুজু হৈছে।ইয়াৰ পাছতে যাত্ৰীজনক থানালৈ লৈ যোৱা হয় আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু