--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিগ’ৰ বিমান কাণ্ডই লৈছে নতুন পাক৷ দিল্লী বিমানবন্দৰত উৰণত পলম হোৱা সন্দৰ্ভত ঘোষণা কৰি থকাৰ সময়তে ইণ্ডিগ’ বিমানৰ পাইলটক আক্ৰমণ কৰাৰ পাছত সোমবাৰে পুৱা এজন বিমান যাত্ৰীক গ্ৰেপ্তাৰ কৰা হয়।

একেখন বিমানতে থকা এজন যাত্ৰীয়ে দাবী কৰে যে সহ-পাইলটেহে এই কাণ্ডৰ উচটনি দিছিল। ইণ্ডিয়া টুডে টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দিল্লী আৰু গোৱাৰ মাজৰ ইণ্ডিগ’ বিমান ৬E-২১৭৫ৰ এজন সহযাত্ৰীয়ে দাবী কৰে যে ১২ ঘণ্টাৰো অধিক পলম হোৱাৰ পিছতো সহ-পাইলটে যাত্ৰীসকলৰ ওপৰত দোষ জাপি দিছে।


এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ঘটনাৰ এটা ভিডিঅ’ত দেখা গৈছে যে ছাহিল কাটাৰিয়া নামৰ লোকজনে সহ-পাইলটৰ ওচৰলৈ দৌৰি গৈ ব্যক্তিজনৰ মুখত আঘাত কৰে। হালধীয়া জেকেট পৰিধান কৰি অভিযুক্তই বিমানখনৰ ভিতৰতে এই ঘোষণা কৰি থকাৰ সময়তে পাইলটজনক আক্ৰমণ কৰে।লগে লগে কাটাৰিয়াক বিমানখনৰ পৰা ডিবৰ্ড কৰি কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীক গতাই দিয়ে।


এই ঘটনাক লৈ যেন বিভক্ত হৈ পৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল। কেইবাজনো লোকে অভিযুক্ত যাত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ বিপৰীতে আন কিছুমানে বাতিল আৰু অত্যধিক পলমৰ দৰে বিষয়ক লৈ ইণ্ডিগ’ৰ বিৰুদ্ধে অভিযোগৰ ধাৰাটোৰ উদাহৰণ দি যাত্ৰীসকলৰ মাজত থকা হতাশাৰ ওপৰত আলোকপাত কৰে।


বিমান সংস্থাসমূহে অৱশ্যে এই কাণ্ডটো বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে স্বতন্ত্ৰ আভ্যন্তৰীণ সমিতিলৈ প্ৰেৰণ কৰা হৈছে আৰু নিয়ন্ত্ৰণমূলক নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি অভিযুক্ত যাত্ৰীজনক ‘নো-ফ্লাই লিষ্ট’ত অন্তৰ্ভুক্ত কৰা হৈছে।


ফ্লাইট ট্ৰেকিং ৱেবছাইট flightradar24 ৰ তথ্য অনুসৰি ১০ ঘণ্টাৰো অধিক পলম হোৱাৰ পাছত সন্ধিয়া ৬ বজাত দিল্লীৰ পৰা উৰা মাৰে। সহ-পাইলট অনুপ কুমাৰে যাত্ৰীজনৰ বিৰুদ্ধে দিল্লী আৰক্ষীত এজাহাৰ দাখিল কৰে যাৰ ভিত্তিত গোচৰটোত এফআইআৰ ৰুজু হৈছে।ইয়াৰ পাছতে যাত্ৰীজনক থানালৈ লৈ যোৱা হয় আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক