--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৰাজনৈতিকভাৱে সফল নাৰী৷ৰাজনৈতিক পাকচক্ৰত পৰি স্ব-নিধনৰ চৰম পন্থা বাছি লৈছিল এইগৰাকী নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে৷অসম কঁপাই যোৱা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই গৃহ বিভাগৰ চৰম বিফলতা উদঙাই দিয়াৰ মাজতে সভ্য সমাজৰ মাজত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷


বিগত সময়ছোৱাত নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খোৱা দ্বিবন ডেকা,ৰিয়া দাস,অনুৰাগ চলিহা, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য,ৰাজ্যিক বিজেপিৰ সভাপতি  ভবেশ কলিতা আদি বিয়াগোম নেতাৰ নাম ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ সৈতে সাঙোৰ খোৱাৰ বাবে বিমোৰত পৰিছে অসম আৰক্ষী৷তহবিলদাৰৰ মৃত্যুৱে  ইতিমধ্যে বিজেপিৰ ভিতৰচ'ৰাৰ লবীকেন্দ্ৰীক ৰাজনীতি,চাকৰিৰ নামত চলা পালিনেতাৰ বেপাৰৰ বহু অধ্যায় উজাগৰ কৰিছে৷তথাপিও যেন হাত সাবটি থাকিবলগীয়া হৈছে অসম আৰক্ষী৷অভিমন্যু দাস,দ্বিবন ডেকা,অনুৰাগ চলিহাৰ দৰে কৰ্মীৰ বিৰুদ্ধে সৰব স্থিতি গ্ৰহণ কৰা অসম আৰক্ষীৰ বিজেপিৰ মুধাফুটা নেতাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাহস আছেনে সেয়া এক বৃহৎ প্ৰশ্নৰূপে ঠিয় দিছে৷


ইপিনে বিজেপি নেতাৰ নাম ভূমি কেলেংকাৰী,নাৰী কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰাৰ লগে লগে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰতো ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷  ১৫ আগষ্টত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে নাৰী সবলীকৰণৰ দ্বাৰা দেশক শক্তিশালী  কৰাৰ হুংকাৰ দিয়াৰ মাজতে জ্যেষ্ঠ বিজেপি নেত্ৰীৰ স্ব-নিধনৰ পাছত বিজেপিৰ ৰামৰাজ্যৰ সপোন প্ৰকৃততে ফলপ্ৰসূ হ’বনে?য’ত নাথাকিব নাৰীৰ ওপৰত অত্যাচাৰ,দুৰ্নীতি অথবা আন সামাজিক সমস্যা সেই কথাৰ আশা ৰাইজে ইতিমধ্যে কৰিবলৈ আৰম্ভ কৰিছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু