--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৰাজনৈতিকভাৱে সফল নাৰী৷ৰাজনৈতিক পাকচক্ৰত পৰি স্ব-নিধনৰ চৰম পন্থা বাছি লৈছিল এইগৰাকী নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে৷অসম কঁপাই যোৱা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই গৃহ বিভাগৰ চৰম বিফলতা উদঙাই দিয়াৰ মাজতে সভ্য সমাজৰ মাজত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷


বিগত সময়ছোৱাত নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খোৱা দ্বিবন ডেকা,ৰিয়া দাস,অনুৰাগ চলিহা, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য,ৰাজ্যিক বিজেপিৰ সভাপতি  ভবেশ কলিতা আদি বিয়াগোম নেতাৰ নাম ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ সৈতে সাঙোৰ খোৱাৰ বাবে বিমোৰত পৰিছে অসম আৰক্ষী৷তহবিলদাৰৰ মৃত্যুৱে  ইতিমধ্যে বিজেপিৰ ভিতৰচ'ৰাৰ লবীকেন্দ্ৰীক ৰাজনীতি,চাকৰিৰ নামত চলা পালিনেতাৰ বেপাৰৰ বহু অধ্যায় উজাগৰ কৰিছে৷তথাপিও যেন হাত সাবটি থাকিবলগীয়া হৈছে অসম আৰক্ষী৷অভিমন্যু দাস,দ্বিবন ডেকা,অনুৰাগ চলিহাৰ দৰে কৰ্মীৰ বিৰুদ্ধে সৰব স্থিতি গ্ৰহণ কৰা অসম আৰক্ষীৰ বিজেপিৰ মুধাফুটা নেতাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাহস আছেনে সেয়া এক বৃহৎ প্ৰশ্নৰূপে ঠিয় দিছে৷


ইপিনে বিজেপি নেতাৰ নাম ভূমি কেলেংকাৰী,নাৰী কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰাৰ লগে লগে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰতো ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷  ১৫ আগষ্টত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে নাৰী সবলীকৰণৰ দ্বাৰা দেশক শক্তিশালী  কৰাৰ হুংকাৰ দিয়াৰ মাজতে জ্যেষ্ঠ বিজেপি নেত্ৰীৰ স্ব-নিধনৰ পাছত বিজেপিৰ ৰামৰাজ্যৰ সপোন প্ৰকৃততে ফলপ্ৰসূ হ’বনে?য’ত নাথাকিব নাৰীৰ ওপৰত অত্যাচাৰ,দুৰ্নীতি অথবা আন সামাজিক সমস্যা সেই কথাৰ আশা ৰাইজে ইতিমধ্যে কৰিবলৈ আৰম্ভ কৰিছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ