--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে (১৬ আগষ্ট) কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ সাৱনৰ বিবৃতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰে। লগতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকো আক্ৰমণৰ কেন্দ্ৰবিন্দু কৰি লয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী শাৰদ পাৱাৰে কয় যে কংগ্ৰেছৰ নেতাসকলে যদি কিবা বক্তব্য দিছে, তেন্তে মই সেই বিষয়ে অৱগত নহয়, কিন্তু বৈঠকৰ সময়ত অজিত পাৱাৰৰ সৈতে কোনো প্ৰস্তাৱৰ আলোচনা হোৱা নাছিল। বৈঠকৰ সময়ত অজিত পাৱাৰে তেনে কোনো কথা কোৱা নাছিল।তেওঁ আৰু কয় যে দেৱেন্দ্ৰ ফাড়নাবিছে আকৌ আহিম বুলি কৈ আছিল, কিন্তু দ্বিতীয় পদত অৰ্থাৎ উপ-মুখ্যমন্ত্ৰীত আহিছিল, কিন্তু মুখ্যমন্ত্ৰী হোৱা নাছিল।

হিন্দুস্তান টাইমছৰ প্রতিবেদন অনুসৰি প্রাক্তন মুখ্যমন্ত্রী পৃথ্বীৰাজ সাৱনে দাবী কৰিছিল যে এই বৈঠকৰ সময়ত ভতিজা অজিত পাৱাৰে খুড়াক শাৰদ পাৱাৰক অফাৰ দিছিল৷ তেওঁ ক’লে, “অজিত পাৱাৰে শাৰদ পাৱাৰক দুটা অফাৰ দিছিল। ইয়াত প্ৰথমটো আছিল যে তেওঁ কেন্দ্ৰত কৃষি মন্ত্ৰী হওক বা নিটি আয়োগৰ অধ্যক্ষ পদ গ্ৰহণ কৰক।

উল্লেখযোগ্য যে শনিবাৰে পুনেৰ এজন ব্যৱসায়ীৰ বাসগৃহত শদৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ মাজত এখন বৈঠক হৈছিল। ইয়াৰ পূৰ্বেও এন চি পিৰ বিভাজনৰ পাছত চাৰিবাৰকৈ দুয়োজন নেতাৰ বৈঠকত মিলিত হৈছে। এই বৈঠকসমূহে এমভিএৰ নেতাসকলক সন্দেহৰ আৱৰ্তত পেলাইছে।

এন চি পিক শিৱসেনাৰ পৰা পৃথক কৰি কংগ্ৰেছ আৰু উদ্ধৱ থাকৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ জল্পনা-কল্পনাৰ সন্দৰ্ভত শাৰদ পাৱাৰে কয় যে তেনেকুৱা একো নাই। এয়া কেৱল ভুল কথা, ইয়াত কোনো বাস্তৱতা নাই। বিজেপিৰ লগত যোৱাৰ প্ৰশ্নত তেওঁ কয় যে এনে নহ’ব। আচলতে তিনিওটা দলেই মহাবিকাশ আঘাদী (MVA)ৰ অংশ।

বিজেপিক লক্ষ্য কৰি শৰদ পাৱাৰে কয় যে বিজেপিয়ে জনসাধাৰণক বিভাজন কৰি আছে। তেওঁ কয়, ‘দেশৰ ক্ষমতা বিজেপি আৰু মিত্ৰশক্তিৰ হাতত। তেওঁলোকৰ ভূমিকা সমাজত ঐক্য বজাই ৰখাৰ, কিন্তু তেওঁলোকে মানুহক বিভাজন কৰি আছে।তেওঁ আৰু কয় যে তেওঁলোকে (বিজেপি) ৰাজ্য চৰকাৰসমূহক কেনেদৰে নমাই আনিছে তাৰ বহু উদাহৰণ আছে - যেনে গোৱা, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰখন উফৰাই দিয়াৰ পাছত মহাৰাষ্ট্ৰত কি হৈছিল সেয়া সকলোৱে দেখিছে।মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি শাৰদ পাৱাৰে কয় যে ৰাজ্যখনৰ পৰিস্থিতি চিন্তনীয়। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তালৈ গৈ মানুহক আস্থাত লোৱা উচিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ