--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লতা-সন্ধ্যাৰ পাছে পাছে বাপ্পী লাহিড়িও গ’লগৈ উভতি নহা বাটে। বিশিষ্ট সুৰকাৰ, অভিনেতা তথা সংগীত শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মাণ সাংস্কৃতিক জগত। দেশৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে শিল্পীগৰাকীলৈ যাচিছে অশ্ৰু অঞ্জলি। ইয়াৰ সমান্তৰালকৈ শিল্পীগৰাকীৰ আঁৰৰ নানান স্মৃতিকথা এতিয়া পোহৰলৈ আহিছে। বাপ্পী লাহিড়িৰৰ কথা ক’লেই সোণৰ গহণাৰ কথা মনলৈ আহে প্ৰতিজন অনুৰাগীৰ। প্ৰণিধানযোগ্য যে, বাপ্পী লাহিড়িৰ সোণ-প্ৰীতিক লৈ আজিও সৰ্বত্ৰে চৰ্চা, অন্তহীন কৌতুহল বিৰাজমান। তেওঁৰ এই সোণ-প্ৰীতি কিছুমানৰ দৃষ্টিত প্ৰশংসনীয় আন কাৰোবাৰ দৃষ্টিত সেয়া উপহাসৰ বিষয়। কিন্তু প্ৰশংসা বা সমালোচনাৰ জোৱাৰত নিজকে সলনি কৰিবলৈ চেষ্টা কৰা নাছিল বাপ্পী লাহিড়িয়ে। সুৰকাৰ গৰাকীৰ মহাপ্ৰয়াণত শোকস্তব্ধ প্ৰতিগৰাকী ব্যক্তিৰ মনলৈ আহিছে ‘বাপ্পীদা’ৰ ধেমেলীয়া কাহিনীবোৰ। বাপ্পীৰ বিভিন্ন ধেমেলীয়া কাহিনীৰ ভিতৰত মনলৈ আছে এগৰাকী বিশেষ ব্যক্তিৰ কথা। বলীউডৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেতা ৰাজ কুমাৰে এবাৰ বাপ্পী লাহিড়িক তেওঁৰ ব্যতিক্ৰমী আচৰণৰ বাবে অপমান কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাজকুমাৰৰ কথাক তিলমানো গুৰুত্ব দিয়া নাছিল সুৰকাৰ বাপ্পীয়ে। নিজৰ ওপৰত থকা প্ৰচুৰ বিশ্বাস আৰু ব্যতিক্ৰমী চিন্তাৰে জীৱনৰ প্ৰতিটো পল উদযাপন কৰিছিল ডিস্কো কিঙে। স্মৰ্তব্য যে, এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বাপ্পীৰে সাক্ষাত্‍ হৈছিল ৰাজ কুমাৰৰ। বিশিষ্ট সুৰকাৰজনৰ ডিঙিত থকা গধুৰ সোণৰ অলংকাৰবোৰ দেখি ৰাজ কুমাৰে উপহাস কৰিছিল। তেওঁ কৈছিল, ‘মই মাত্ৰ এডাল মঙ্গলসূত্ৰৰ অভাৱ দেখিছো।’ বিবাহৰ চিহ্ন হিচাপে হিন্দু মহিলাসকলে ডিঙিত মঙ্গলসূত্ৰ পিন্ধে। কিন্তু সোণৰ গহনাক ঈশ্বৰ জ্ঞান কৰিছিল বাপ্পীয়ে। সোণেই আছিল তেওঁৰ প্ৰাণ। সোণেই আছিল তেওঁৰ সৌভাগ্যৰ প্ৰতীক। সেইবাবে হয়তো সমালোচনাই তেওঁৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল বা কৰিব পৰা নাছিল আহত। সুৰৰ সদাগৰ এইগৰাকী শিল্পীৰ জীৱনজোৰা সাধনা আৰু সৃষ্টিয়ে সাংস্কৃতিক জগতক এক স্বকীয় মৰ্যাদা দিছে। তেওঁ তেওঁৰ সৃষ্টিৰ মাজেৰেই মানুহৰ অন্তৰৰ গভীৰলৈ শিপাই থাকিব চিৰকাল। উল্লেখ্য যে, মঙলবাৰে মাজনিশা মুম্বাইৰ জুহুৰ এখন ব্যক্তিগত চিকিৎসালয়ত বিশিষ্ট সংগীত শিল্পীগৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। বিগত বৰ্ষৰ এপ্ৰিল মাহত কৰ’নাত আক্ৰান্ত হৈছিল বাপ্পী। বাপ্পী লাহিড়িক সেই সময়ত মুম্বাইৰ ব্ৰিচ কেণ্ডী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কেইদিনমানৰ পিছত তেওঁ সুস্থ হৈ ঘৰলৈ উভতি আহিল। মঙলবাৰে মাজনিশা অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়া (অ'এছএ)ত ভুগা সংগীত শিল্পীগৰাকীয়ে মুম্বাইৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু