--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ব্যৱধান ১২ বছৰৰ৷ তথাপিও যেন হাত এৰি দিয়া নাই প্ৰেমিকাৰ৷ আশা এটাই ৰঙা সুৰুজে কঢ়িয়াই আনিব আশাৰ ৰেঙনি৷ তথাপিও ছ'চিয়েল মিডিয়াত এই দম্পতীহালক লৈ হয় বহু সমালোচনা৷ বাতৰি কাকতৰ মনোৰঞ্জন শাখাৰ প্ৰায়ে শিৰোনাম দখল কৰে এই দম্পতীহালে৷ এই প্ৰেমিক যুগল হৈছে বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু নৃত্য শৈলীৰে সকলোকে মুহিত কৰা মালাইকা আৰোৰা৷ অৰ্জুন কাপুৰে প্ৰেমিকা মালাইকা অৰোৰাৰ সৈতে সম্পৰ্ক আনুষ্ঠানিক কৰাৰ পাছৰে ছ'চিয়েল মিডিয়াত ট্ৰলিঙৰ চিকাৰ হৈছে৷ তেওঁলোকৰ ১২ বছৰ বয়সৰ ব্যৱধানৰ সৌজন্যত বহুজনে বহু সমালোচনাও কৰে আৰু প্ৰায়ে অনলাইন প্লেটফৰ্মত দুয়োকে কৰা হয় ট্ৰ'ল৷ যাৰ বাবে অৱশেষত মুখ খুলিবলৈ বাধ্য হয় অৰ্জুন কাপুৰ৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত অৰ্জুনে কৈছিল যে তেওঁ ২০১৯ চনত যেতিয়া সম্পৰ্কৰ মোহৰ মাৰিছল তেতিয়াই এই সকলোবোৰ বাবে সাজু আছিল তেওঁ৷ ২০১৯ চনত অৰ্জুনৰ জন্মদিনৰ দিনা ইনষ্টাগ্ৰামত কৰা এক পোষ্টে সকলোকে আচৰিত কৰি তুলিছিল৷ দুয়োৰে সম্পৰ্কৰ মোহৰ লগাই পোষ্টটো কৰিছিল অৰ্জুনে আৰু তাৰ পাছৰে পৰা দুয়ো অনাকাংক্ষিত ট্ৰ'লিঙৰ চিকাৰ হয়৷ সাক্ষাৎকাৰটোত অৰ্জুনে কৈছিল যে বিগত কিছু বছৰ ধৰি অৰ্জুনে বহু বেয়া পৰিস্থিতিৰ সম্মুখীন হৈছিল যাৰ ফলত ট্ৰ'লিঙে তেওঁক বেছি প্ৰভাৱিত কৰিব পৰা নাছিল। ব্যক্তিগত জীৱনৰ উদাহৰণ দাঙি ধৰি অৰ্জুনে এইদৰে কৈছিল- 'ট্ৰ'লৰ প্ৰতিক্ৰিয়া চৰম হোৱাৰ বাবে মই প্ৰস্তুত আছিলো। ইয়াৰ মাজেৰে নিজকে কেনেদৰে আগুৱাই লৈ যাব পাৰি তাৰ বাবে মই নিজকে প্ৰস্তুত কৰি লৈছিলো৷ মই জীৱনৰ এনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈছো যিবোৰ বহুত বেয়া হৈছে- মোৰ মা-দেউতাক বিভক্ত হোৱা, মাক হেৰুওৱা, মোৰ দেউতাৰ উত্থান-পতন দেখি, প্ৰিয়জন, তেওঁৰ পত্নী শ্ৰীদেৱীক হেৰুৱাই পেলোৱা- আপুনি উপলব্ধি কৰিছে যে জীৱন অতি চঞ্চল আৰু অস্থায়ী। কেৱল প্ৰেম স্থায়ী।' তেওঁ লগতে কয় যে 'জীৱনে পৰীক্ষা ল'বই৷ এই পৰীক্ষাত আপুনি কিদৰে অৱতীৰ্ণ হ'ব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব৷ ইয়াৰ বাবে নীৰৱতাতকৈ উত্তম একো হ'ব নোৱাৰে। আপুনি পৰিস্থিতি, জটিলতাবোৰো বুজিব লাগিব আৰু সময় দিব লাগিব।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু