--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ব্যৱধান ১২ বছৰৰ৷ তথাপিও যেন হাত এৰি দিয়া নাই প্ৰেমিকাৰ৷ আশা এটাই ৰঙা সুৰুজে কঢ়িয়াই আনিব আশাৰ ৰেঙনি৷ তথাপিও ছ'চিয়েল মিডিয়াত এই দম্পতীহালক লৈ হয় বহু সমালোচনা৷ বাতৰি কাকতৰ মনোৰঞ্জন শাখাৰ প্ৰায়ে শিৰোনাম দখল কৰে এই দম্পতীহালে৷ এই প্ৰেমিক যুগল হৈছে বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু নৃত্য শৈলীৰে সকলোকে মুহিত কৰা মালাইকা আৰোৰা৷ অৰ্জুন কাপুৰে প্ৰেমিকা মালাইকা অৰোৰাৰ সৈতে সম্পৰ্ক আনুষ্ঠানিক কৰাৰ পাছৰে ছ'চিয়েল মিডিয়াত ট্ৰলিঙৰ চিকাৰ হৈছে৷ তেওঁলোকৰ ১২ বছৰ বয়সৰ ব্যৱধানৰ সৌজন্যত বহুজনে বহু সমালোচনাও কৰে আৰু প্ৰায়ে অনলাইন প্লেটফৰ্মত দুয়োকে কৰা হয় ট্ৰ'ল৷ যাৰ বাবে অৱশেষত মুখ খুলিবলৈ বাধ্য হয় অৰ্জুন কাপুৰ৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত অৰ্জুনে কৈছিল যে তেওঁ ২০১৯ চনত যেতিয়া সম্পৰ্কৰ মোহৰ মাৰিছল তেতিয়াই এই সকলোবোৰ বাবে সাজু আছিল তেওঁ৷ ২০১৯ চনত অৰ্জুনৰ জন্মদিনৰ দিনা ইনষ্টাগ্ৰামত কৰা এক পোষ্টে সকলোকে আচৰিত কৰি তুলিছিল৷ দুয়োৰে সম্পৰ্কৰ মোহৰ লগাই পোষ্টটো কৰিছিল অৰ্জুনে আৰু তাৰ পাছৰে পৰা দুয়ো অনাকাংক্ষিত ট্ৰ'লিঙৰ চিকাৰ হয়৷ সাক্ষাৎকাৰটোত অৰ্জুনে কৈছিল যে বিগত কিছু বছৰ ধৰি অৰ্জুনে বহু বেয়া পৰিস্থিতিৰ সম্মুখীন হৈছিল যাৰ ফলত ট্ৰ'লিঙে তেওঁক বেছি প্ৰভাৱিত কৰিব পৰা নাছিল। ব্যক্তিগত জীৱনৰ উদাহৰণ দাঙি ধৰি অৰ্জুনে এইদৰে কৈছিল- 'ট্ৰ'লৰ প্ৰতিক্ৰিয়া চৰম হোৱাৰ বাবে মই প্ৰস্তুত আছিলো। ইয়াৰ মাজেৰে নিজকে কেনেদৰে আগুৱাই লৈ যাব পাৰি তাৰ বাবে মই নিজকে প্ৰস্তুত কৰি লৈছিলো৷ মই জীৱনৰ এনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈছো যিবোৰ বহুত বেয়া হৈছে- মোৰ মা-দেউতাক বিভক্ত হোৱা, মাক হেৰুওৱা, মোৰ দেউতাৰ উত্থান-পতন দেখি, প্ৰিয়জন, তেওঁৰ পত্নী শ্ৰীদেৱীক হেৰুৱাই পেলোৱা- আপুনি উপলব্ধি কৰিছে যে জীৱন অতি চঞ্চল আৰু অস্থায়ী। কেৱল প্ৰেম স্থায়ী।' তেওঁ লগতে কয় যে 'জীৱনে পৰীক্ষা ল'বই৷ এই পৰীক্ষাত আপুনি কিদৰে অৱতীৰ্ণ হ'ব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব৷ ইয়াৰ বাবে নীৰৱতাতকৈ উত্তম একো হ'ব নোৱাৰে। আপুনি পৰিস্থিতি, জটিলতাবোৰো বুজিব লাগিব আৰু সময় দিব লাগিব।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু