--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ জয় কৰিব নোৱাৰিলেও কোটি কোটি লোকৰ হৃদয় জয় কৰিলে ফ্ৰান্সৰ তাৰকা ফুটবলাৰ কিলিয়ান এমবাপ্পেই। এতিয়া সকলোতে এমবাপ্পেৰে জয়গান। 

১৯৯৮ চনৰ ২০ ডিচেম্বৰত পেৰিছত জন্মগ্ৰহণ কৰিছিল এমবাপ্পেই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এমবাপ্পেই ২০১৭ চনত ফ্ৰান্সৰ হৈ ছিনিয়ৰ অভিষেক ঘটায়। সেই সময়ত তেওঁৰ বয়স আছিল ১৮ বছৰ। ২০১৮ চনৰ ফিফা বিশ্বকাপত এমবাপ্পেই বিশ্বকাপত গ’ল দিয়া আটাইতকৈ কম বয়সীয়া ফৰাচী খেলুৱৈ হিচাপে পৰিগণিত হয়, আৰু পেলেৰ পিছত গ’ল দিয়া দ্বিতীয়জন কিশোৰ হিচাপে পৰিগণিত হয়। ফ্ৰান্সে প্ৰতিযোগিতাখনত জয়লাভ কৰাৰ লগে লগে তেওঁ যৌথ দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে অভিলেখ গঢ়ে। 

উন্নত প্ৰদৰ্শনৰ বাবে ফিফা বিশ্বকাপৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ আৰু ফ্ৰান্সৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কিলিয়ান এমবাপ্পেই। ২০২২ চনৰ ফিফা বিশ্বকাপত ফ্ৰান্সে ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰে। ফাইনেলত এমবাপ্পেই হেট্ৰিক অৰ্জন কৰি প্ৰতিযোগিতাখনৰ গোল্ডেন বুট লাভ কৰাৰ লগতে বিশ্বকাপৰ ফাইনেলত সৰ্বকালৰ শীৰ্ষ গ’লদাতা হিচাপে পৰিগণিত হয়।

ফ্ৰান্স আৰু পি এছ জিৰ ফুটবল তাৰকা কিলিয়ান এমবাপ্পেই মঙলবাৰে ২৪ সংখ্যক জন্মদিন উদযাপন কৰে। ফিফা বিশ্বকাপ ২০২২ৰ ‘গোল্ডেন বুট’ লাভ কৰা এমবাপ্পেই ৫৬ বছৰৰ ভিতৰত বিশ্বকাপৰ ফাইনেলত হেট্ৰিক অৰ্জন কৰা প্ৰথমজন ফুটবলাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ প্ৰেম জীৱনৰ বিষয়ে জানো আহক।
Kylian Mbappe girlfriend: Who is Alicia Aylies? All We Know About Her
কিলিয়ান এমবাপ্পে আৰু এলিচিয়া আইলেছ

কিলিয়ান এমবাপ্পেই মিছ ফ্ৰান্স এলিচিয়া আইলেছৰ সৈতে ডেটিং কৰিছিল। ২০১৮ চনৰ ফিফা বিশ্বকাপৰ সময়ৰ আশে-পাশে এলিচিয়া আইলেছ আৰু এমবাপেৰ ডেটিঙৰ উৰাবাতৰি ওলাইছিল। এলিচিয়া আইলেছ এগৰাকী ফৰাচী গায়িকা হোৱাৰ লগতে ২০১৭ চনৰ মিছ ফ্ৰান্সৰ খিতাপ অৰ্জন কৰিছিল। দুয়ো সমবয়সীয়া।
2022 - Kylian Mbappé in a relationship with Emma Smet has he really  forgotten his ex? She swings and sets the record straight! - Actual News  Magazine
এমবাপ্পে আৰু  এমা স্মেট

এমবাপ্পেই এমা স্মেটৰ লগতো ডেটিং কৰিছিল। এমবাপ্পে আৰু এমা স্মেটক একেলগে খেল চাই থকা দেখা গৈছিল আৰু তেতিয়াৰ পৰাই ফ্ৰান্সবাসীয়ে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰিছিল। এমা স্মেট এমবাপ্পেতকৈ এবছৰ ডাঙৰ। 
Mbappé e Inés Rau: quién es la modelo transgénero que es vinculada  sentimentalmente con el jugador del PSG | modelo | “PlayBoy” | Francia | |  RESPUESTAS | EL COMERCIO PERÚ
এমবাপ্পে আৰু ইনেছ ৰাউ

কিলিয়ান এমবাপ্পেই ট্ৰেন্সজেণ্ডাৰ প্লেবয় মডেল ইনেছ ৰাউৰ সৈতেও ডেটিং কৰিছিল। ইনেছ ৰাউ এগৰাকী ফৰাচী মডেল যিয়ে 'প্লেবয়' আলোচনীত প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ মডেল হিচাপে স্থান লভিবলৈ সক্ষম হৈছিল। ২০২১ চনত এমবাপ্পে আৰু ইনেছৰ মাজত মধুৰ সম্পৰ্ক থকা বুলি বাতৰি প্ৰকাশ পাইছিল। কিলিয়ান এমবাপ্পেতকৈ ৮ বছৰ ডাঙৰ ইনেছ ৰাউ।
Las imágenes de Kylian Mbappé pelando la pava con la top model Stella  Maxwell: ¿son novios?
এমবাপ্পে আৰু  ষ্টেলা মেক্সৱেল

এমবাপ্পেৰ বৰ্তমানৰ প্ৰেমিকাৰ নাম ষ্টেলা মেক্সৱেল। খবৰ অনুসৰি ২০২২ চনৰ মে’ মাহৰ পৰাই এমবাপ্পে আৰু ষ্টেলা মেক্সৱেলৰ ডেটিং আৰম্ভ হৈছিল। এমবাপ্পেতকৈ ষ্টেলা মেক্সৱেল ৮ বছৰ ডাঙৰ।  বৰ্তমান ষ্টেলাৰ সৈতেই সম্পৰ্কত আছে এইগৰাকী মহাতাৰকা ফুটবলাৰ। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত