--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ কথা ঘোষণা কৰে। টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাত ৩খন টি-২০, ৩ খন এদিনীয়া আৰু ২ খন টেষ্ট মেচ খেলিব। 

৩টা ফৰ্মেটত ৩জন পৃথক অধিনায়কৰ নেতৃত্বত অংশ ল’ব ভাৰতীয় দলটোৱে। অৱশ্যে দক্ষিণ আফ্ৰিকাত একাংশ জ্যেষ্ঠ ক্ৰিকেটাৰে টি-২০ আৰু এদিনীয়া শৃংখলাৰ পৰা বিৰত থাকিব৷
 
বিচিচিআই-এ টেষ্ট মেচ দলৰ সৈতে পৰীক্ষণ কৰা নাই। এই সিদ্ধান্ত টেষ্ট চেম্পিয়নশ্বিপৰ কথা মনত ৰাখি কৰা হৈছে। মহম্মদ ছামি এই টেষ্ট দলত আছে। কিন্তু টেষ্ট তেওঁৰ খেলক লৈ সম্প্ৰতি অনিশ্চয়তাৰ সৃষ্টি হৈছে।
 
সদ্যসমাপ্ত এদিনীয়া বিশ্বকাপত ২৩টা উইকেট দখল কৰি ছামিয়ে প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে চিহ্নিত হৈছিল৷ কিন্তু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ টেষ্ট শৃংখলাত ছামিৰ নামৰ আগত ষ্টাৰ চিহ্নিত কৰা হৈছে।

ভাৰতৰ ক্ৰিকেটপ্ৰেমীসকলৰ মনত এতিয়া প্ৰশ্ন— টেষ্ট শৃংখলাত কিয় অনিশ্চিত ছামিৰ অংশগ্ৰহণ? জানিব পৰামতে, মহম্মদ ছামিয়ে গোৰোহাত আঘাত পোৱা বাবে তেওঁ মুম্বাইত চিকিৎসাধীন হৈ আছে।

আকৌ বিচিচিআইৰ মতে, মহম্মদ ছামিয়ে সুস্থ হৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশ ল’বলৈ চেষ্টা চলাই আছে। আৰু সেয়ে তেওঁক দলত ৰখা হৈছে। আৰু যদি শেষমুহূৰ্তত ছামিয়ে আহিব নোৱাৰে, তেন্তে তেওঁৰ স্থানত ঘোষণা কৰা হ’ব আন এজন খেলুৱৈৰ নাম৷

জানি লওক দক্ষিণ আফ্ৰিকাৰ হৈ ভাৰতীয় টেষ্ট দলত থাকিব কোন কোন?

ৰোহিত শৰ্মা (অধিনায়ক),
শুভমান গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, ঋতুৰাজ গাইকোৱাদ, ঈশান কিষাণ (উইকেটকীপাৰ), কে এল ৰাহুল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, শ্বাৰ্দুল ঠাকুৰ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, মহম্মদ ছামি, জশপ্ৰীত বুমৰাহ (সহ:অধিনায়ক) আৰু প্ৰসিদ্ধ কৃষ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক