--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ কথা ঘোষণা কৰে। টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাত ৩খন টি-২০, ৩ খন এদিনীয়া আৰু ২ খন টেষ্ট মেচ খেলিব। 

৩টা ফৰ্মেটত ৩জন পৃথক অধিনায়কৰ নেতৃত্বত অংশ ল’ব ভাৰতীয় দলটোৱে। অৱশ্যে দক্ষিণ আফ্ৰিকাত একাংশ জ্যেষ্ঠ ক্ৰিকেটাৰে টি-২০ আৰু এদিনীয়া শৃংখলাৰ পৰা বিৰত থাকিব৷
 
বিচিচিআই-এ টেষ্ট মেচ দলৰ সৈতে পৰীক্ষণ কৰা নাই। এই সিদ্ধান্ত টেষ্ট চেম্পিয়নশ্বিপৰ কথা মনত ৰাখি কৰা হৈছে। মহম্মদ ছামি এই টেষ্ট দলত আছে। কিন্তু টেষ্ট তেওঁৰ খেলক লৈ সম্প্ৰতি অনিশ্চয়তাৰ সৃষ্টি হৈছে।
 
সদ্যসমাপ্ত এদিনীয়া বিশ্বকাপত ২৩টা উইকেট দখল কৰি ছামিয়ে প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে চিহ্নিত হৈছিল৷ কিন্তু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ টেষ্ট শৃংখলাত ছামিৰ নামৰ আগত ষ্টাৰ চিহ্নিত কৰা হৈছে।

ভাৰতৰ ক্ৰিকেটপ্ৰেমীসকলৰ মনত এতিয়া প্ৰশ্ন— টেষ্ট শৃংখলাত কিয় অনিশ্চিত ছামিৰ অংশগ্ৰহণ? জানিব পৰামতে, মহম্মদ ছামিয়ে গোৰোহাত আঘাত পোৱা বাবে তেওঁ মুম্বাইত চিকিৎসাধীন হৈ আছে।

আকৌ বিচিচিআইৰ মতে, মহম্মদ ছামিয়ে সুস্থ হৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশ ল’বলৈ চেষ্টা চলাই আছে। আৰু সেয়ে তেওঁক দলত ৰখা হৈছে। আৰু যদি শেষমুহূৰ্তত ছামিয়ে আহিব নোৱাৰে, তেন্তে তেওঁৰ স্থানত ঘোষণা কৰা হ’ব আন এজন খেলুৱৈৰ নাম৷

জানি লওক দক্ষিণ আফ্ৰিকাৰ হৈ ভাৰতীয় টেষ্ট দলত থাকিব কোন কোন?

ৰোহিত শৰ্মা (অধিনায়ক),
শুভমান গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, ঋতুৰাজ গাইকোৱাদ, ঈশান কিষাণ (উইকেটকীপাৰ), কে এল ৰাহুল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, শ্বাৰ্দুল ঠাকুৰ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, মহম্মদ ছামি, জশপ্ৰীত বুমৰাহ (সহ:অধিনায়ক) আৰু প্ৰসিদ্ধ কৃষ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক