--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অপেনাৰ ৰোহিত শৰ্মাই এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়াক অধিনায়ক হিচাপে নেতৃত্ব দিছিল। ৰোহিত আৰু টীম ইণ্ডিয়াৰ প্ৰদৰ্শন বিশ্বকাপত আশ্চৰ্যজনক আছিল যদিও ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ স্বপ্নভংগ কৰিছিল৷ 

এদিনীয়া বিশ্বকাপৰ পাছত অহা বছৰ অনুষ্ঠিতব্য টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ অধিনায়কত্ব কোনে গ্ৰহণ কৰিব সেইটো এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।

উল্লেখ্য যে ৰোহিত শৰ্মা দীৰ্ঘদিন ধৰি ভাৰতৰ টি-২০ দলৰ অংশ হোৱা নাই। ৰোহিতৰ অনুপস্থিতিত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই টি-২০ দলৰ দায়িত্ব গ্ৰহণ কৰে। এতিয়া হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হোৱাত সূৰ্যকুমাৰ যাদৱে এই ফৰ্মেটত দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰি আছে। 

আনহাতে, প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে আগন্তুক টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ অধিনায়কত্বৰ বিষয়ে নিজৰ পচন্দ প্ৰকাশ কৰিছে৷ ২০০৩ৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় দলৰ ৰানাৰ্ছ আপ হোৱা প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও নিজৰ পচন্দ ৰাজহুৱা কৰিছে। 

ৰোহিত শৰ্মাই বিশ্ৰামৰ পাছত তিনিওটা ফৰ্মেটত দললৈ উভতি আহিলে ভাৰতক নেতৃত্ব দিয়া উচিত বুলি মন্তব্য কৰিছে গাংগুলীয়ে৷ তেওঁ কয়, ৰোহিতে শেহতীয়া এদিনীয়া বিশ্বকাপত যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। তেওঁ টি-২০ বিশ্বকাপলৈকে ভাৰতীয় দলৰ অধিনায়ক হৈ থাকিব লাগে।

অহাবছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে আয়োজন কৰিবলগা টি-২০ বিশ্বকাপ-২০২৪ৰ বাবে ২০টা দল নিৰ্বাচিত হৈছে৷ এই আইচিচি প্ৰতিযোগিতাখন ৪ৰ পৰা ৩০জুনলৈ চলিব। ইয়াৰ ২০টা দলক ৫-৫ৰ দ্বাৰা ৪টা গোটত বিভক্ত কৰা হ’ব। প্ৰতিটো গোটৰ শীৰ্ষ-২ দল ছুপাৰ-৮ ৰাউণ্ডলৈ আগবাঢ়িব। 

যোগ্যতা অৰ্জনকাৰী দলবোৰক ৪-৪ৰ দুটা গোটত বিভক্ত কৰা হ’ব। ইয়াৰ পাছত শীৰ্ষ-২ যোগ্যতা অৰ্জনকাৰী দলবোৰে নকআউট ৰাউণ্ডত উপনীত হ’ব। পিছত এই ৪টা দলৰ মাজত ছেমি ফাইনেল হ’ব। ফাইনেল অনুষ্ঠিত হ’ব ৩০ জুনত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক