--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অপেনাৰ ৰোহিত শৰ্মাই এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়াক অধিনায়ক হিচাপে নেতৃত্ব দিছিল। ৰোহিত আৰু টীম ইণ্ডিয়াৰ প্ৰদৰ্শন বিশ্বকাপত আশ্চৰ্যজনক আছিল যদিও ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ স্বপ্নভংগ কৰিছিল৷ 

এদিনীয়া বিশ্বকাপৰ পাছত অহা বছৰ অনুষ্ঠিতব্য টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ অধিনায়কত্ব কোনে গ্ৰহণ কৰিব সেইটো এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।

উল্লেখ্য যে ৰোহিত শৰ্মা দীৰ্ঘদিন ধৰি ভাৰতৰ টি-২০ দলৰ অংশ হোৱা নাই। ৰোহিতৰ অনুপস্থিতিত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই টি-২০ দলৰ দায়িত্ব গ্ৰহণ কৰে। এতিয়া হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হোৱাত সূৰ্যকুমাৰ যাদৱে এই ফৰ্মেটত দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰি আছে। 

আনহাতে, প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে আগন্তুক টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ অধিনায়কত্বৰ বিষয়ে নিজৰ পচন্দ প্ৰকাশ কৰিছে৷ ২০০৩ৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় দলৰ ৰানাৰ্ছ আপ হোৱা প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও নিজৰ পচন্দ ৰাজহুৱা কৰিছে। 

ৰোহিত শৰ্মাই বিশ্ৰামৰ পাছত তিনিওটা ফৰ্মেটত দললৈ উভতি আহিলে ভাৰতক নেতৃত্ব দিয়া উচিত বুলি মন্তব্য কৰিছে গাংগুলীয়ে৷ তেওঁ কয়, ৰোহিতে শেহতীয়া এদিনীয়া বিশ্বকাপত যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। তেওঁ টি-২০ বিশ্বকাপলৈকে ভাৰতীয় দলৰ অধিনায়ক হৈ থাকিব লাগে।

অহাবছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে আয়োজন কৰিবলগা টি-২০ বিশ্বকাপ-২০২৪ৰ বাবে ২০টা দল নিৰ্বাচিত হৈছে৷ এই আইচিচি প্ৰতিযোগিতাখন ৪ৰ পৰা ৩০জুনলৈ চলিব। ইয়াৰ ২০টা দলক ৫-৫ৰ দ্বাৰা ৪টা গোটত বিভক্ত কৰা হ’ব। প্ৰতিটো গোটৰ শীৰ্ষ-২ দল ছুপাৰ-৮ ৰাউণ্ডলৈ আগবাঢ়িব। 

যোগ্যতা অৰ্জনকাৰী দলবোৰক ৪-৪ৰ দুটা গোটত বিভক্ত কৰা হ’ব। ইয়াৰ পাছত শীৰ্ষ-২ যোগ্যতা অৰ্জনকাৰী দলবোৰে নকআউট ৰাউণ্ডত উপনীত হ’ব। পিছত এই ৪টা দলৰ মাজত ছেমি ফাইনেল হ’ব। ফাইনেল অনুষ্ঠিত হ’ব ৩০ জুনত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement