--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ ৰাজনীতিয়ে লৈছে নতুন পাক৷তামিলনাডুত যোৱা ডিচেম্বৰ মাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ত উপস্থিত হোৱাৰ পাছতে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। সোমবাৰে শুনানি গ্ৰহণ কৰি অহা লোকসভা নিৰ্বাচনত ডি এম কে-কংগ্ৰেছ-বাওঁপন্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কোইম্বটুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তামিল অভিনেতা-ৰাজনীতিবিদ কমল হাছানে।ইয়াৰ পূৰ্বে কমল হাছা নিজেও অৱশ্যে এই সন্দৰ্ভত কোনো প্ৰত্যক্ষ ঘোষণা কৰা নাছিল। 

চলচ্চিত্ৰ তাৰকা কমল হাজানে ২০১৮ চনত নিজৰ দল ‘মক্কল নেধি মায়ম’ (MNM) গঠন কৰিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ দলটোৱে তামিলনাডুৰ ৩৯খন আসনৰ ভিতৰত ৩৭খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও এখনো আসনত জয়ী হোৱা নাছিল। হাছানৰ দলটোৱে ৩.৫ শতাংশ ভোট লাভ কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কমলে কোয়ম্বটুৰ দক্ষিণ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১৫০০ ভোটৰ ব্যৱধানত এডিএমকে-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল যদিও প্ৰায় ৩৪ শতাংশ ভোট লাভ কৰিছিল। 

শেহতীয়াকৈ ‘সনাতন ধৰ্ম’ বিতৰ্কত তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধিৰ কাষত কমল হাছানে থিয় দিছিল। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে যে জনপ্ৰিয় অভিনেতাগৰাকী যদি লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত যোগদান কৰে তেন্তে তামিলনাডুত কমলৰ প্ৰভাৱ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ