--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা সাংবাদিকক তীৰ্যক মন্তব্য কৰি আদালতৰ ৰোষত এজন বিজেপি নেতা সোমবাৰে (১৯ ফেব্ৰুৱাৰী) তামিল অভিনেতা, ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক এছ ভি শেখৰক আপত্তিজনক ছ’চিয়েল মিডিয়া পোষ্ট শ্বেয়াৰ কৰাৰ অপৰাধত এমাহৰ কাৰাদণ্ড আৰু ১৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ শাস্তি প্ৰদান কৰে চেন্নাইৰ আদালতে৷


২০১৮ চনত ছ’চিয়েল মিডিয়াত কৰা এই পোষ্টটোত নেতাজনে মহিলা সাংবাদিকক লৈ অপমানজনক, অশ্লীল আৰু আপত্তিজনক মন্তব্য কৰিছিল।এনডিটিভিৰ বাতৰি অনুসৰি যদিও শেখৰে জৰিমনা আদায় দিছে, তথাপিও উচ্চ ন্যায়ালয়ত আপীল কৰিবলৈ অনুমতি দিবলৈ আদালতে তেওঁৰ কাৰাদণ্ড স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।এছ ভি শেখৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য প্ৰমাণিত হোৱা বুলিও আদালতে প্ৰকাশ কৰে।


এছ ভি শেখৰে ২০১৮ চনত ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত এখন চৰকাৰী অনুষ্ঠানত তেতিয়াৰ তামিলনাডুৰ ৰাজ্যপাল বানৱৰীলাল পুৰোহিতে গালত থপৰিয়াই আপত্তি কৰা এগৰাকী মহিলা সাংবাদিকক লৈ অপমানজনক মন্তব্য প্ৰকাশ কৰিছিল।পোষ্টটোত কোৱা হৈছে যে ৰাজ্যপালে হাত দুখন স্পৰ্শ কৰাৰ আগতে ‘ফেনাইলেৰে হাত ধুব লাগে’।

পাছত তেওঁ এই পোষ্ট ডিলিট কৰে।নেতাজনৰ পোষ্টটোত মহিলা সাংবাদিকক ‘অশিক্ষিত’, ‘মূৰ্খ’ আৰু ‘কুৎসিত’ বুলি অভিহিত কৰা হৈছিল, যাৰ বাবে শেখৰৰ বিৰুদ্ধে ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। পোষ্টটো ডিলিট কৰাৰ পিছত তেওঁ ক্ষমা বিচাৰি কয় যে পোষ্টটো সম্পূৰ্ণকৈ পঢ়া নোহোৱাকৈয়ে পোষ্টটো শ্বেয়াৰ কৰা হৈছে।

দ্য নিউজ মিনিটৰ প্ৰতিবেদন অনুসৰি তামিলনাডু জাৰ্নেলিষ্ট প্ৰটেকচন ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শেখৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। যদিও শেখৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠক গোচৰটো বাতিল কৰিবলৈ আবেদন জনাইছিল, তথাপিও আদালতে তেনে কৰিবলৈ অস্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ