--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা সাংবাদিকক তীৰ্যক মন্তব্য কৰি আদালতৰ ৰোষত এজন বিজেপি নেতা সোমবাৰে (১৯ ফেব্ৰুৱাৰী) তামিল অভিনেতা, ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক এছ ভি শেখৰক আপত্তিজনক ছ’চিয়েল মিডিয়া পোষ্ট শ্বেয়াৰ কৰাৰ অপৰাধত এমাহৰ কাৰাদণ্ড আৰু ১৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ শাস্তি প্ৰদান কৰে চেন্নাইৰ আদালতে৷


২০১৮ চনত ছ’চিয়েল মিডিয়াত কৰা এই পোষ্টটোত নেতাজনে মহিলা সাংবাদিকক লৈ অপমানজনক, অশ্লীল আৰু আপত্তিজনক মন্তব্য কৰিছিল।এনডিটিভিৰ বাতৰি অনুসৰি যদিও শেখৰে জৰিমনা আদায় দিছে, তথাপিও উচ্চ ন্যায়ালয়ত আপীল কৰিবলৈ অনুমতি দিবলৈ আদালতে তেওঁৰ কাৰাদণ্ড স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।এছ ভি শেখৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য প্ৰমাণিত হোৱা বুলিও আদালতে প্ৰকাশ কৰে।


এছ ভি শেখৰে ২০১৮ চনত ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত এখন চৰকাৰী অনুষ্ঠানত তেতিয়াৰ তামিলনাডুৰ ৰাজ্যপাল বানৱৰীলাল পুৰোহিতে গালত থপৰিয়াই আপত্তি কৰা এগৰাকী মহিলা সাংবাদিকক লৈ অপমানজনক মন্তব্য প্ৰকাশ কৰিছিল।পোষ্টটোত কোৱা হৈছে যে ৰাজ্যপালে হাত দুখন স্পৰ্শ কৰাৰ আগতে ‘ফেনাইলেৰে হাত ধুব লাগে’।

পাছত তেওঁ এই পোষ্ট ডিলিট কৰে।নেতাজনৰ পোষ্টটোত মহিলা সাংবাদিকক ‘অশিক্ষিত’, ‘মূৰ্খ’ আৰু ‘কুৎসিত’ বুলি অভিহিত কৰা হৈছিল, যাৰ বাবে শেখৰৰ বিৰুদ্ধে ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। পোষ্টটো ডিলিট কৰাৰ পিছত তেওঁ ক্ষমা বিচাৰি কয় যে পোষ্টটো সম্পূৰ্ণকৈ পঢ়া নোহোৱাকৈয়ে পোষ্টটো শ্বেয়াৰ কৰা হৈছে।

দ্য নিউজ মিনিটৰ প্ৰতিবেদন অনুসৰি তামিলনাডু জাৰ্নেলিষ্ট প্ৰটেকচন ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শেখৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। যদিও শেখৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠক গোচৰটো বাতিল কৰিবলৈ আবেদন জনাইছিল, তথাপিও আদালতে তেনে কৰিবলৈ অস্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু