--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতীতক যোৱাহে পাহৰি৷ এই নীতিয়েই এতিয়া গ্ৰহণ কৰিছে ৰাখী সাৱন্তে৷  বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাখীক বহুতেই  মূলতঃ ড্ৰামা কুইন বুলিয়েই জানে৷   তেওঁ যোৱা কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ বিশেষকৈ নিজৰ ধৰ্ম সলনি কৰি আদিল দুৰানীৰ সৈতে  বিয়াত বহিও সুখী নহ’ল ৰাখী৷ ৰাখীৰ সৈতে আদিল খানৰ বিয়া হোৱাৰ পিছতে  ধৰ্ষণৰ গোচৰত আদিল এতিয়া কাৰাগাৰত। অভিনেত্ৰীগৰাকীয়েকেমেৰাৰ সন্মুখত কান্দি কান্দি তেওঁৰ দুখৰ কথা কেৱল বৰ্ণনা কৰি গৈছে৷ 

অভিনেত্ৰী ৰাখী সাৱন্তে তেওঁৰ স্বামী আদিল খান দুৰানীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। ৰাখীয়ে  দাবী কৰিছে যে আদিলে তেওঁক বিয়া ককৰোৱাৰ  আগৰে পৰাই  বহু কথা  লুকুৱাই ৰাখিছিল। আনকি নিজৰ পেছাৰ কথাও  গোপনে ৰাখিছিল। ৰাখী সাৱন্তে আদিল খানৰ বিৰুদ্ধে  আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰো  অভিযোগ উত্থাপন কৰিছিল। কিন্তু এইবাৰ ৰাখী সাৱন্তে এই সকলোবোৰ বকথা পাহৰি  নতুন ৰূপত  অনুৰাগীসকলৰ সন্মুখলৈ আহিছে৷ হিজাবো তেওঁ এতিয়া এৰি পেলাইছে৷ 

তেওঁ চকুপানী মচি নতুনকৈ কামত লাগি পৰিছে৷ এইটো জনা যায় যে তেওঁ শেহতীয়াকৈ ডুবাইত এটা অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ খুলিবলৈ পৰিকল্পনা কৰিছে। যিসকলে বলীউডত কাম কৰিব বিচাৰে তেওঁলোকক ৰাখী সাৱন্তৰ প্ৰশিক্ষণ কেন্দ্ৰত   প্ৰশিক্ষণ দিয়া হ'ব। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছে । ভিডিঅ’টোত ৰাখীয়ে  এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিষয়ে কোৱা শুনা গৈছে৷ 

অভিনেত্ৰী ৰাখী সাৱন্তক দেওবাৰে বিমানবন্দৰত দেখা গৈছিল।জানিব পৰা গৈছে যে তেওঁ ডুবাইলৈ যাবলৈ বিমানবন্দৰলৈ আহিছিল।  বহুতে ধাৰণা কৰিছে যে অভিনেত্ৰীগৰাকীয়ে এই সিদ্ধান্ত লৈছে কাৰণ তেওঁ দেশৰ পৰা আঁতৰি থাকিব বিচাৰিছিল।

উল্লেখ্য অভিনেত্ৰী ৰাখী সাৱন্তে গোপনে আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত তেওঁ নিজৰ নাম সলনি কৰিলে। ফাতিমা নাম গ্ৰহণ কৰি ৰাখী সাৱন্তে আদিলৰ সৈতে নতুন জীৱন আৰম্ভ কৰিব বিচাৰিছিল।  কিন্তু ৰাখীৰ সেই আশা পূৰণ নহ’ল৷ আদিল পেছাত বাছ চালক বুলি জনাৰ পিছত ৰাখীয়ে আৰু অধিক দুখ পাইছে৷ কাৰণ আদিলে তেওঁৰ পেছাৰ কথা ৰাখীক মিছাকৈ কৈ আহিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক