--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতীতক যোৱাহে পাহৰি৷ এই নীতিয়েই এতিয়া গ্ৰহণ কৰিছে ৰাখী সাৱন্তে৷  বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাখীক বহুতেই  মূলতঃ ড্ৰামা কুইন বুলিয়েই জানে৷   তেওঁ যোৱা কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ বিশেষকৈ নিজৰ ধৰ্ম সলনি কৰি আদিল দুৰানীৰ সৈতে  বিয়াত বহিও সুখী নহ’ল ৰাখী৷ ৰাখীৰ সৈতে আদিল খানৰ বিয়া হোৱাৰ পিছতে  ধৰ্ষণৰ গোচৰত আদিল এতিয়া কাৰাগাৰত। অভিনেত্ৰীগৰাকীয়েকেমেৰাৰ সন্মুখত কান্দি কান্দি তেওঁৰ দুখৰ কথা কেৱল বৰ্ণনা কৰি গৈছে৷ 

অভিনেত্ৰী ৰাখী সাৱন্তে তেওঁৰ স্বামী আদিল খান দুৰানীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। ৰাখীয়ে  দাবী কৰিছে যে আদিলে তেওঁক বিয়া ককৰোৱাৰ  আগৰে পৰাই  বহু কথা  লুকুৱাই ৰাখিছিল। আনকি নিজৰ পেছাৰ কথাও  গোপনে ৰাখিছিল। ৰাখী সাৱন্তে আদিল খানৰ বিৰুদ্ধে  আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰো  অভিযোগ উত্থাপন কৰিছিল। কিন্তু এইবাৰ ৰাখী সাৱন্তে এই সকলোবোৰ বকথা পাহৰি  নতুন ৰূপত  অনুৰাগীসকলৰ সন্মুখলৈ আহিছে৷ হিজাবো তেওঁ এতিয়া এৰি পেলাইছে৷ 

তেওঁ চকুপানী মচি নতুনকৈ কামত লাগি পৰিছে৷ এইটো জনা যায় যে তেওঁ শেহতীয়াকৈ ডুবাইত এটা অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ খুলিবলৈ পৰিকল্পনা কৰিছে। যিসকলে বলীউডত কাম কৰিব বিচাৰে তেওঁলোকক ৰাখী সাৱন্তৰ প্ৰশিক্ষণ কেন্দ্ৰত   প্ৰশিক্ষণ দিয়া হ'ব। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছে । ভিডিঅ’টোত ৰাখীয়ে  এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিষয়ে কোৱা শুনা গৈছে৷ 

অভিনেত্ৰী ৰাখী সাৱন্তক দেওবাৰে বিমানবন্দৰত দেখা গৈছিল।জানিব পৰা গৈছে যে তেওঁ ডুবাইলৈ যাবলৈ বিমানবন্দৰলৈ আহিছিল।  বহুতে ধাৰণা কৰিছে যে অভিনেত্ৰীগৰাকীয়ে এই সিদ্ধান্ত লৈছে কাৰণ তেওঁ দেশৰ পৰা আঁতৰি থাকিব বিচাৰিছিল।

উল্লেখ্য অভিনেত্ৰী ৰাখী সাৱন্তে গোপনে আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত তেওঁ নিজৰ নাম সলনি কৰিলে। ফাতিমা নাম গ্ৰহণ কৰি ৰাখী সাৱন্তে আদিলৰ সৈতে নতুন জীৱন আৰম্ভ কৰিব বিচাৰিছিল।  কিন্তু ৰাখীৰ সেই আশা পূৰণ নহ’ল৷ আদিল পেছাত বাছ চালক বুলি জনাৰ পিছত ৰাখীয়ে আৰু অধিক দুখ পাইছে৷ কাৰণ আদিলে তেওঁৰ পেছাৰ কথা ৰাখীক মিছাকৈ কৈ আহিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ