--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু এখন যুদ্ধৰ অশনি সংকেত পোৱা গৈছে কোৰিয়ান উপদ্বীপত। আগ্ৰাসী ৰূপ লৈ এতিয়া যেন উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে দক্ষিণ কোৰিয়া আক্ৰমণৰ বাবে সাজু হৈছে। যিকোনো মুহূৰ্ততে কোৰিয়ান উপদ্বীপত বাজি উঠিব পাৰে ৰণশিঙা। শুকুৰবাৰে উত্তৰ কোৰিয়াৰ প্ৰায় ১৮০ খন যুদ্ধ বিমানে আক্ৰমণাত্মক ৰূপত আকাশত উৰা দেখা যায়।উত্তৰ কোৰিয়াৰ এনে যুদ্ধৰ প্ৰস্তুতি দেখি দক্ষিণ কোৰিয়ায়ো  ৮০ খন যুঁজাৰু বিমান সীমান্তলৈ  প্ৰেৰণ কৰিছে।

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে এক বিবৃতিত কয় যে শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত কিমৰ সেনাৰ প্ৰায় ১৮০ খন যুঁজাৰু বিমানৰ চলাচল ৰাডাৰত ধৰা পৰিছিল। বিমানবোৰ অত্যন্ত আক্ৰমণাত্মক ভংগীত আছিল। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ দক্ষিণ কোৰিয়ায়ো ৮০ খন যুঁজাৰু বিমান প্ৰেৰণ কৰে। দক্ষিণ কোৰিয়াৰ যুদ্ধ বিমানৰ  ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰা অত্যাধুনিক এফ-৩৫ ষ্টিল্থ ফাইটাৰ জেটো আছে। বিশ্লেষকসকলৰ মতে, দুয়োখন কোৰিয়াৰ মাজত যিধৰণে উত্তেজনা বাঢ়ি আহিছে, ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বই আন এক যুদ্ধৰ সন্মুখীন হ'বলৈ গৈ আছে। যদি এনে হয় আমেৰিকা, চীন, ৰাছিয়াৰ দৰে দেশসমূহ এই যুঁজত জড়িত হৈ পৰাৰ সম্ভাৱনা অতি স্পষ্ট। ফলস্বৰূপে সৃষ্টি হ’ব পাৰে তৃতীয় বিশ্বযুদ্ধ ।

উল্লেখ্য আমেৰিকা  আৰু  দক্ষিণ কোৰিয়াৰ সৈন্যবাহিনীয়ে যোৱা সোমবাৰৰ পৰা 'ভিজিলেণ্ট ষ্টৰ্ম' শীৰ্ষক এক যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰিছে। দুয়োখন দেশৰ হাজাৰ হাজাৰ সৈন্যই যুদ্ধজাহাজ আৰু যুদ্ধবিমানৰ জৰিয়তে  যুদ্ধৰ কৌশল প্ৰদৰ্শন কৰি আছে। দক্ষিণ কোৰিয়াই দাবী কৰিছে যে এই অনুশীলন প্ৰকৃততে যুদ্ধৰ বাবেই প্ৰস্তুতি।  ৱাশ্বিংটন আৰু চিউলে দ্ৰুতগতিত উপদ্বীপটোক প্ৰৰোচিত কৰি সংঘাতৰ দিশে আগুৱাই নিছে বুলিও অভিযোগ উঠি আহিছে। বুধবাৰে কমিউনিষ্ট কোৰিয়াৰ একনায়ক কিম জং উনৰ সৈন্যবাহিনীয়ে সাগৰত ২৩ টা মিছাইল নিক্ষেপ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ কোৰিয়াৰ সেনায়ো মিছাইল উৎক্ষেপণ কৰিছিল।

ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে পেন্টাগনত দক্ষিণ কোৰিয়াৰ প্ৰতিনিধিৰ সৈতে পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত মিলিত হৈছে।  তেওঁ উত্তৰ কোৰিয়াৰ মিছাইল উৎক্ষেপণক এক অত্যন্ত দায়িত্বহীন কাৰ্য বুলি অভিহিত কৰিছে। "এনে ধৰণৰ সামৰিক কাৰ্যকলাপে অঞ্চলটোত অস্থিৰতাৰ সৃষ্টি কৰিছে। আমি উত্তৰ কোৰিয়াক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছো"। মন কৰিব লগীয়া যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াই ৫ নৱেম্বৰলৈকে এই অনুশীলন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক