--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু এখন যুদ্ধৰ অশনি সংকেত পোৱা গৈছে কোৰিয়ান উপদ্বীপত। আগ্ৰাসী ৰূপ লৈ এতিয়া যেন উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে দক্ষিণ কোৰিয়া আক্ৰমণৰ বাবে সাজু হৈছে। যিকোনো মুহূৰ্ততে কোৰিয়ান উপদ্বীপত বাজি উঠিব পাৰে ৰণশিঙা। শুকুৰবাৰে উত্তৰ কোৰিয়াৰ প্ৰায় ১৮০ খন যুদ্ধ বিমানে আক্ৰমণাত্মক ৰূপত আকাশত উৰা দেখা যায়।উত্তৰ কোৰিয়াৰ এনে যুদ্ধৰ প্ৰস্তুতি দেখি দক্ষিণ কোৰিয়ায়ো  ৮০ খন যুঁজাৰু বিমান সীমান্তলৈ  প্ৰেৰণ কৰিছে।

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে এক বিবৃতিত কয় যে শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত কিমৰ সেনাৰ প্ৰায় ১৮০ খন যুঁজাৰু বিমানৰ চলাচল ৰাডাৰত ধৰা পৰিছিল। বিমানবোৰ অত্যন্ত আক্ৰমণাত্মক ভংগীত আছিল। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ দক্ষিণ কোৰিয়ায়ো ৮০ খন যুঁজাৰু বিমান প্ৰেৰণ কৰে। দক্ষিণ কোৰিয়াৰ যুদ্ধ বিমানৰ  ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰা অত্যাধুনিক এফ-৩৫ ষ্টিল্থ ফাইটাৰ জেটো আছে। বিশ্লেষকসকলৰ মতে, দুয়োখন কোৰিয়াৰ মাজত যিধৰণে উত্তেজনা বাঢ়ি আহিছে, ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বই আন এক যুদ্ধৰ সন্মুখীন হ'বলৈ গৈ আছে। যদি এনে হয় আমেৰিকা, চীন, ৰাছিয়াৰ দৰে দেশসমূহ এই যুঁজত জড়িত হৈ পৰাৰ সম্ভাৱনা অতি স্পষ্ট। ফলস্বৰূপে সৃষ্টি হ’ব পাৰে তৃতীয় বিশ্বযুদ্ধ ।

উল্লেখ্য আমেৰিকা  আৰু  দক্ষিণ কোৰিয়াৰ সৈন্যবাহিনীয়ে যোৱা সোমবাৰৰ পৰা 'ভিজিলেণ্ট ষ্টৰ্ম' শীৰ্ষক এক যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰিছে। দুয়োখন দেশৰ হাজাৰ হাজাৰ সৈন্যই যুদ্ধজাহাজ আৰু যুদ্ধবিমানৰ জৰিয়তে  যুদ্ধৰ কৌশল প্ৰদৰ্শন কৰি আছে। দক্ষিণ কোৰিয়াই দাবী কৰিছে যে এই অনুশীলন প্ৰকৃততে যুদ্ধৰ বাবেই প্ৰস্তুতি।  ৱাশ্বিংটন আৰু চিউলে দ্ৰুতগতিত উপদ্বীপটোক প্ৰৰোচিত কৰি সংঘাতৰ দিশে আগুৱাই নিছে বুলিও অভিযোগ উঠি আহিছে। বুধবাৰে কমিউনিষ্ট কোৰিয়াৰ একনায়ক কিম জং উনৰ সৈন্যবাহিনীয়ে সাগৰত ২৩ টা মিছাইল নিক্ষেপ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ কোৰিয়াৰ সেনায়ো মিছাইল উৎক্ষেপণ কৰিছিল।

ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে পেন্টাগনত দক্ষিণ কোৰিয়াৰ প্ৰতিনিধিৰ সৈতে পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত মিলিত হৈছে।  তেওঁ উত্তৰ কোৰিয়াৰ মিছাইল উৎক্ষেপণক এক অত্যন্ত দায়িত্বহীন কাৰ্য বুলি অভিহিত কৰিছে। "এনে ধৰণৰ সামৰিক কাৰ্যকলাপে অঞ্চলটোত অস্থিৰতাৰ সৃষ্টি কৰিছে। আমি উত্তৰ কোৰিয়াক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছো"। মন কৰিব লগীয়া যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াই ৫ নৱেম্বৰলৈকে এই অনুশীলন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক