--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানেকটিকাটৰ বাসিন্দা ২২ বছৰীয়া চাভানা ব্লোউইনে নিজৰ ডিম্বাশয় আঁতৰাই তৈয়াৰ কৰিলে  এটা লকেট । ছ'চিয়েল মিডিয়াত যুৱতীগৰাকীয়ে প্ৰস্তুত কৰা লকেটটোক লৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে৷ 

যুৱতীগৰাকীয়ে এই লকেটটো এডাল ৰূপৰ চেইনৰ সৈতে  ডিঙিত পৰিধান কৰে ৷চেইনডালত  দুটা ঘূৰণীয়া লকেট আছে।প্ৰথম দৃষ্টিত লকেটটো কিহৰ দ্বাৰা  তৈয়াৰ কৰা হৈছে সেইয়া বুজি পোৱাৰ টান। অৱশ্যে,  অলপ মনোযোগেৰে চালেই চকুত ধৰা পৰে ইয়াৰ আচৰিত বিশেষত্ব। লকেটোৰ ভিতৰত যুৱতীগৰাকীৰ  ডিম্বাণু আছে! আৰু এই যুৱতীগৰাকীৰ নাম হৈছে  চাভানা ব্লোউইন।

কিয় চাভানা ব্লোউইনে প্ৰস্তুত কৰিলে ডিম্বাশয়ৰ অলংকাৰ?

 পেছাত ভেগান ৰেষ্টুৰেণ্টৰ এগৰাকী কৰ্মচাৰী চাভানাই ছ'চিয়েল মিডিয়াক কৈছিল যে তেওঁ কেতিয়াও সন্তান জন্ম দিব নিবিচাৰে। সেয়েহে এই বছৰৰ জুলাই মাহত, তেওঁ অস্ত্ৰোপচাৰৰ জৰিয়তে ডিম্বাশয় আঁতৰাবলৈ সিদ্ধান্ত লৈছিল। যুৱতীগৰাকীয়ে কৈছিল যে, লকেটটো সৃষ্টি কৰাৰ আঁৰত এক প্ৰতিবাদী মনোভাৱ আছে। তেওঁ ৰোৱে বনাম ৱেডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিপৰীত প্ৰতিবাদত নিজৰ 'ফেলোপিয়ান টিউব' বা ডিম্বাকৃতিৰে এটা লকেট নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭৩ চনত ৰো বনাম ৱেডৰ ৰায়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে গৰ্ভপাতক মহিলাৰ সাংবিধানিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ে। কিন্তু শেহতীয়া ৰায়ত সেই অধিকাৰ কাঢ়ি লোৱা হৈছিল।

চাভানাৰ মতে, তেওঁৰ নিজৰ গৰ্ভৰ অধিকাৰ মহিলাৰ হাতত থাকিব লাগে। এগৰাকী মহিলা কেতিয়া মাতৃ হ'ব, বা তেওঁ একেবাৰে হ'ব নে নাই আন কোনেও সিদ্ধান্ত ল'ব নোৱাৰে। লকেটটো সেই চিন্তাৰ প্ৰতীক। লগতে তেওঁ এটি ভিডিঅ’ৰ জৰিয়তে  ডিম্বাশয়ৰ সৈতে লকেট বনোৱাৰ গোটেই প্ৰক্ৰিয়াটো ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক