--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানেকটিকাটৰ বাসিন্দা ২২ বছৰীয়া চাভানা ব্লোউইনে নিজৰ ডিম্বাশয় আঁতৰাই তৈয়াৰ কৰিলে  এটা লকেট । ছ'চিয়েল মিডিয়াত যুৱতীগৰাকীয়ে প্ৰস্তুত কৰা লকেটটোক লৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে৷ 

যুৱতীগৰাকীয়ে এই লকেটটো এডাল ৰূপৰ চেইনৰ সৈতে  ডিঙিত পৰিধান কৰে ৷চেইনডালত  দুটা ঘূৰণীয়া লকেট আছে।প্ৰথম দৃষ্টিত লকেটটো কিহৰ দ্বাৰা  তৈয়াৰ কৰা হৈছে সেইয়া বুজি পোৱাৰ টান। অৱশ্যে,  অলপ মনোযোগেৰে চালেই চকুত ধৰা পৰে ইয়াৰ আচৰিত বিশেষত্ব। লকেটোৰ ভিতৰত যুৱতীগৰাকীৰ  ডিম্বাণু আছে! আৰু এই যুৱতীগৰাকীৰ নাম হৈছে  চাভানা ব্লোউইন।

কিয় চাভানা ব্লোউইনে প্ৰস্তুত কৰিলে ডিম্বাশয়ৰ অলংকাৰ?

 পেছাত ভেগান ৰেষ্টুৰেণ্টৰ এগৰাকী কৰ্মচাৰী চাভানাই ছ'চিয়েল মিডিয়াক কৈছিল যে তেওঁ কেতিয়াও সন্তান জন্ম দিব নিবিচাৰে। সেয়েহে এই বছৰৰ জুলাই মাহত, তেওঁ অস্ত্ৰোপচাৰৰ জৰিয়তে ডিম্বাশয় আঁতৰাবলৈ সিদ্ধান্ত লৈছিল। যুৱতীগৰাকীয়ে কৈছিল যে, লকেটটো সৃষ্টি কৰাৰ আঁৰত এক প্ৰতিবাদী মনোভাৱ আছে। তেওঁ ৰোৱে বনাম ৱেডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিপৰীত প্ৰতিবাদত নিজৰ 'ফেলোপিয়ান টিউব' বা ডিম্বাকৃতিৰে এটা লকেট নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭৩ চনত ৰো বনাম ৱেডৰ ৰায়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে গৰ্ভপাতক মহিলাৰ সাংবিধানিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ে। কিন্তু শেহতীয়া ৰায়ত সেই অধিকাৰ কাঢ়ি লোৱা হৈছিল।

চাভানাৰ মতে, তেওঁৰ নিজৰ গৰ্ভৰ অধিকাৰ মহিলাৰ হাতত থাকিব লাগে। এগৰাকী মহিলা কেতিয়া মাতৃ হ'ব, বা তেওঁ একেবাৰে হ'ব নে নাই আন কোনেও সিদ্ধান্ত ল'ব নোৱাৰে। লকেটটো সেই চিন্তাৰ প্ৰতীক। লগতে তেওঁ এটি ভিডিঅ’ৰ জৰিয়তে  ডিম্বাশয়ৰ সৈতে লকেট বনোৱাৰ গোটেই প্ৰক্ৰিয়াটো ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ