--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী বলয়ত প্ৰভাৱ বিস্তাৰ কৰা বিজেপিয়ে এইবেলি কৰ্ণাটক বিধানসভা নিৰ্বাচনত অতি শোচনীয় ফলাফল লাভ কৰিছে। এই প্ৰতিবেদন যুগুত কৰা পৰলৈকে বিজেপিয়ে ৭ খন আসনত জয়লাভ কৰাৰ লগতে ৫৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। একেদৰে কংগ্ৰেছে ১৮ খন আসনত জয়লাভ কৰাৰ লগতে ১২২ খন আসনত অগ্ৰগতি লাভ কৰিছে (দিনৰ ২.০৫ বজালৈ)।

 জনতা দল ছেকুলাৰে এতিয়ালৈকে এখনো আসনত জয়লাভ কৰা নাই যদিও ২২ খন আসনত অগ্ৰগতি লাভ কৰি আছে। কল্যান ৰাজ্য প্ৰগতি পক্ষ আৰু সৰ্বোদয় কৰ্ণাটক পক্ষ নামৰ দল দুটাই ১ খনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে। কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে  প্ৰকাশ পোৱা নিৰপেক্ষ  এক্সিট পোলৰ কথা প্ৰায় ৯০ শতাংশ মিলি গৈছে। এক্সিট পোলত প্ৰকাশ পোৱাৰ ধৰণেই এতিয়া ৰাজ্য খনত  কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠাতা লাভৰ দিশে অগ্ৰসৰ হৈছে। এক্সিট পোলত কোৱা হৈছিল যে কংগ্ৰেছে  ২২৪ জনীয়া কৰ্ণাটক বিধানসভাত ১০৩-১১৮ আসন লাভ কৰিব। বিজেপি দ্বিতীয় স্থানত থাকিব আৰু  জেডিএছে আকৌ কিংমেকাৰৰ স্থিতিত থাকিব ।

কৰ্ণাটক বিধানসভা নিৰ্বাচন ২০২৩ৰ বাবে জি নিউজ-মেট্ৰিজ এক্সিট পোলত কংগ্ৰেছ একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে। এই নিৰ্বাচনত ১০৩-১১৮ খন আসন লাভেৰে পুৰণি দলটোৱে চৰকাৰ গঢ়িব বুলি আশা কৰা হৈছে। বৰ্তমান শাসনত থকা  ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বাধিক ৯৩ খন আসন লাভ কৰিব বুলি এক্সি্য পোলত কোৱা হৈছিল৷  বিজেপিয়ে লাভ কৰিবলগীয়া আসন হৈছে  ৭৯-৯৩। জনতা দল চেকুলাৰে ২৫-৩৩ খন আসনৰ ভিতৰত থাকিব বুলি এক্সিট পোলত কোৱা হৈছিল। এইবেলি কৰ্ণা্যকত ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ২২৪  খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছিল, আনহাতে কংগ্ৰেছে ২২৩ খন বিধানসভা আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কংগ্ৰেছে  ৰাজ্যখনৰ মেলুকোট আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই।

 আজ টকৰ সমীক্ষা অনুসৰি   কংগ্ৰেছ  ১২২-১৪০,বিজেপি ৬২-৮০ জেডিএছ ২০-২০ খন আসন লাভ কৰিব বুলি কোৱা হৈছিল৷  ৰিপাব্লিক টিভিৰ এক্সি্য পোল অনুসৰি কংগ্ৰেছ ৯৪-১০৮, বিজেপি ৮৫-১০০, জেডিএছ ২৪-৩২ খন আসন লাভ কৰিব বুলি কোৱা হৈছিল। ৰিপাব্লিক টিভিৰ এক্সি্য পোল অৱশ্যে এইবেলি বিজেপিৰ ক্ষেত্ৰত  সিমান সঠিক প্ৰমাণিত নহ’ব বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ