--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজ্য খনত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ স্পষ্ট ইংগিত দিছে।  কংগ্ৰেছ দলে এই মুহূৰ্তত  ১২৯ খন আসনত শক্তিশালী অগ্ৰগতি লাভ কৰিছে, বিজেপি মাত্ৰ ৬৬ খন আসনৰ অগ্ৰগতিৰ সৈতে পিছ পৰি আছে৷  কংগ্ৰেছে কৰ্ণাটক নিৰ্বাচনত জয়ী হ'ব বুলি আশা কৰাৰ সময়তে এটা প্ৰশ্ন উত্থাপিত হৈছে – কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব?

 বৰ্তমান কৰ্ণাটকত মুখ্যমন্ত্ৰী পদৰ বাবে যুঁজ মূলতঃ কংগ্ৰেছৰ দুজন শীৰ্ষ নেতাৰ  মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে। তেওঁলোক হৈছে কংগ্ৰেছ দলৰ   নেতা সিদ্ধাৰামাইয়া আৰু কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে  শিৱকুমাৰ ।ডি কে শিৱকুমাৰ বৰ্তমান কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী আৰু ৰাজ্যখনত তেওঁৰ বেছ  জনপ্ৰিয়তাও আছে। শিৱকুমাৰে কৰ্ণাটকৰ নিৰ্বাচনী  প্ৰচাৰৰ সময়ত বহু কষ্ট কৰিছে। তেওঁক বহুতেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিব পৰা যোগ্য  ব্যক্তি বুলি অভিহিত কৰিছে।  সিদ্দাৰামাইয়া  বৰ্তমান কৰ্ণাটকৰ বিৰোধী দলৰ নেতা, আৰু তেওঁ ২০১৩ চনৰ পৰা ২০১৮  চনলৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

তেওঁৰ  পিছত বিজেপি নেতা বাসবৰাজ বোম্মাই ৰাজ্য খনৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলৰ মাজৰে এজন আৰু মুখ্যমন্ত্ৰী পদৰ স্পষ্ট দাবীদাৰো। কংগ্ৰেছ দলে নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শনৰ পিছতো এতিয়ালৈকে   মুখ্যমন্ত্ৰী কোন হ'ব সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ে সিদ্ধান্ত ল'বলৈ কংগ্ৰেছ দলে সকলো নতুন বিধায়কৰ মাজত গণতান্ত্ৰিক ভোট অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে৷ কৰ্ণাটকত নিৰ্বাচন  অনুষ্ঠিত হৈছিল ১০ মে’ত  আৰু আজি ভোটগণনা কৰা হৈছে৷ 

কংগ্ৰেছৰ শক্তিশালী ভোটবেংক থকা কৰ্ণাটকত বিজেপিয়ে বাৰুকৈয়ে মুখ থেকেচা খাইছে। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে  দুৱাৰ মুকলি কৰিব বুলি ইতিমধ্যে  দলটোৰ ৰাজ্যিক গোটৰ মুৰব্বী ডি কে শিৱকুমাৰে মন্তব্য কৰিছে।

শেহতীয়াকৈ  এক সাক্ষাৎকাৰত তেওঁ ২২৪ জনীয়া বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে  ১৪১ খন আসনত জিকিব বুলি আশা প্ৰকাশ কৰিছিল। তেওঁ লগতে  দৃঢ়তাৰে কৈছিল যে দক্ষিণৰ ৰাজ্যখনত 'মোদী কাৰক'টোৱে কাম নকৰিব। তেওঁ কৈছিল  যে কৰ্ণাটকত মানুহে সম্পূৰ্ণৰূপে স্থানীয় আৰু উন্নয়নমূলক বিষয়সমূহতে মনোনিৱেশ কৰিছে। 

শিৱকুমাৰে লগতে কৈছিল  যে মুখ্যমন্ত্ৰী পদক লৈ তেওঁৰ আৰু   সিদ্দাৰামাইয়াৰ মাজত কোনো কাজিয়া নাই। তেওঁ কৈছিল ’’ আমাৰ  এতিয়া একমাত্ৰ লক্ষ্য হৈছে নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা আৰু কংগ্ৰেছ শাসনলৈ অহাটো নিশ্চিত কৰা। দলটো জয়ী হ'লে, হাইকমাণ্ডে  মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ত সিদ্ধান্ত ল’ব।’’  সিদ্দাৰামাইয়ো শেহতীয়াকৈ   দিয়া এক সাক্ষাৎকাৰত একে ধৰণৰ মন্তব্যই কৰিছিল। ৬০ বছৰীয়া কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ এতিয়া কংগ্ৰেছে  ঘোষণা কৰা নিৰ্বাচনৰ "গেৰাণ্টি"ৰ সমূহৰ বাবে  "বিচলিত" হৈছে।  কিয়নো বিজেপিয়ে  যি প্ৰতিশ্ৰুতি দিছিল সেয়া তেওঁলোকে পূৰণ কৰিব পৰা নাই"।  

তেওঁ লগতে কৈছিল  যে  কৰ্ণাটকৰ লোকসকল যথেষ্ট পৰিপক্ক। কৰ্ণাটক  দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰৱেশদ্বাৰ। তেওঁলোকে (বিজেপি) আৱেগিক বিষয় উত্থাপন কৰিছে, আমি উন্নয়নৰ বিষয়ত মনোনিবেশ কৰিব বিচাৰো। মূল্যবৃদ্ধিয়ে প্ৰতিজন সাধাৰণ মানুহক প্ৰভাৱান্বিত কৰিছে, আমি তেওঁলোকক সহায় কৰিব বিচাৰো। চাৰে তিনি বছৰ ধৰি বিজেপিৰ "ডাবল ইঞ্জিন" চৰকাৰ আছে, কিন্তু সেয়া সম্পূৰ্ণৰূপে বিফল হৈছে। গ্লোবেল ইনভেষ্টৰ্ছ মিটত চৰকাৰে দাবী কৰিছিল যে ১০  লাখ কোটি টকা বিনিয়োগ কৰা হ’ব। কিন্তু  বিজেপিয়ে কৰ্ণাটকৰ মালনাদ বা উপকূলীয় অঞ্চলৰ দৰে  অঞ্চলত চাকৰি সৃষ্টি কৰিবলৈ যোৱা নাই; নিবনুৱাৰ সংখ্যা সেয়ে  অধিক হৈছে। কৰ্ণাটক হৈছে জ্ঞানৰ ৰাজধানী আৰু হিজাব আৰু হালালৰ দৰে অবাঞ্ছিত আবেগিক বিষয়বোৰ মানুহে ঘিণ কৰে। 

সাক্ষাৎকাৰটোত  শিৱকুমাৰে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত একতাৰ আৰম্ভণি হ'ব, আৰু ২০২৪  চনৰ নিৰ্বাচন  কংগ্ৰেছ দলৰ বাবে হ’ব। কৰ্ণাটকৰ মানুহে দেশক এটা বাৰ্তা দিব। ইয়াৰ আগতেও দেৱৰাজ উৰ্ছৰ (প্ৰাক্তন মুখ্যমন্ত্ৰী) সময়ত যেতিয়া জনতা পাৰ্টি ৰাষ্ট্ৰীয় পৰ্যায়ত শাসনত আছিল, কৰ্ণাটকে কংগ্ৰেছৰ বাবে দুৱাৰ মুকলি কৰিছিল, এতিয়া পুনৰ কৰ্ণাটকে সেই  ভূমিকা পালন কৰিব।তেওঁ কয়  -  মই যোৱা ৩৫ বছৰ ধৰি বিধানসভাত আছো, মই আঠটা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছো, এটাত পৰাজিত হৈছো, সাতটাত জিকিছো - মই ৰাজনৈতিক গাণিতিক আৰু সামাজিক বিন্যাস ভালদৰেই বুজি পাওঁ। আমি এটা ডাঙৰ সংখ্যাৰ সৈতে জয়ী  হ'ম। ’’

শিৱকুমাৰে লগতে কৈছিল  যে বিজেপিয়ে কৰ্ণাটকত কৃষকসকলক এক লাখ টকাৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে খেতিয়কৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে সেইবোৰৰ একোৱেই কৰিব নোৱাৰিলে।  কংগ্ৰেছে  যি প্ৰতিশ্ৰুতি দিছে  তাৰ সৈতে একাত্ম হৈ আছে, আমি বাসৱন্নাৰ দেশত আছোঁ (দ্বাদশ শতিকাৰ সমাজ সংস্কাৰক), আমি যি কৈছো সেয়া প্ৰদান কৰিম। তেওঁলোক ভয়ত আছে, তেওঁলোকৰ মুখ শুকাই গৈছে । বিজেপিৰ অধীনত কৰ্ণাটক দেশৰ দুৰ্নীতিৰ ৰাজধানী হৈ পৰিছে বুলিও শিৱকুমাৰে স্পষ্টভাবে অভিযোগ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস