--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক; অসমীয়া চিনেমাক নতুন গতি দিয়া ব্ৰজেন বৰুৱা পৰিচালিত ডক্তৰ বেজবৰুৱাRemake ‘ডক্তৰ বেজবৰুৱা ২ক লৈ আগ্ৰহ বৃদ্ধি পাইছে অসমবাসীৰ৷ নৱবৰ্ষৰ প্ৰাৰম্ভতে মুক্তি লাভ কৰিব বহুপ্ৰতীক্ষিত ডক্তৰ বেজবৰুৱা ২য়ে৷

° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণ প্ৰযোজিত আৰু নিপন গোস্বামী পৰিচালিত এই কথাছবিখনৰ দুটি গীতে ইতিমধ্যে হৃদয় জিনিছে শ্ৰোতা-দৰ্শকৰ৷ ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি যোৰহাটত ছবিখনৰ এটি আকৰ্ষণীয় গীত জিলিকি জিলিকা তৰা আকাশৰেমুক্তি দিয়া হয়৷ 

জিলিকি জিলিকাৰ অভূতপূৰ্ব সমাদৰ আৰু সফলতাৰ পাছত আজি ছবিখনৰ দ্বিতীয়টো গীত কি নাম দি মাতিমআনুষ্ঠানিকভাৱে শ্ৰোতাৰ বাবে মুকলি কৰি দিয়া হয়৷ গীতিকাৰ দিগন্ত ভাৰতীৰ নৱ সংযোজিত কথাৰে নৱনিৰ্মিত জনপ্ৰিয় গীতটোত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু ভাস্বতী ভাৰতীয়ে৷ 

অৰ্ধশতিকাৰো অধিক কাল অসমীয়া শ্ৰোতা-দৰ্শকৰ প্ৰাণ উজ্জীৱিত কৰি ৰখা কি নাম দি মাতিমৰ নৱতম সংস্কৰণটোক অসমবাসীয়ে আদৰি লব বুলি আশা প্ৰকাশ কৰে ছবিখনৰ প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণে৷ আজি আবেলি গুৱাহাটীৰ বৰলুইতৰ পাৰত ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত এই গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷

লগতে, বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিৱেদনৰ অৰ্থে আজি অসমৰ দহটা অঞ্চলত বৰলুইতৰ পাৰত পাৰ চৰাই মুকলি কৰি দিয়া হয়৷ ডক্তৰ বেজবৰুৱা ২ক অসমবাসীয়ে আদৰি লব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ অন্যতম প্ৰযোজক ডাঃ অক্ষতা নাৰায়ণে৷

অসমৰ প্ৰথমখন থ্ৰীলাৰ আৰু বাণিজ্যিকভাৱে সফল ছবি ডক্তৰ বেজবৰুৱাৰ মুক্তিৰ পঞ্চাশ বছৰ পাছত নিৰ্মাণ কৰা হৈছে ছবিখনৰ ৰীমেক ডক্তৰ বেজবৰুৱা ২৷ যত অভিনয় কৰিছে নিপন গোস্বামীৰ তনয় সিদ্ধাৰ্থ গোস্বামী, কিংকিনী গোস্বামী, আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন, নিপন গোস্বামীকে ধৰি ভালেসংখ্যক অভিনেতা-অভিনেত্ৰীয়ে৷ আজিৰে পৰা কি নাম দি মাতিম গীতটো ‘Saregama Regional’ ইউটিউব চেনেলত উপলব্ধ হৈছে৷ 

আজি কি নাম দি মাতিমশীৰ্ষক গীতটোৰ উন্মোচনী অনুষ্ঠানত প্ৰযোজকদ্বয়ৰ লগতে অভিনেতা সিদ্ধাৰ্থ গোস্বামী, কিংকিনী গোস্বামী, সদানন্দ গগৈ আৰু চলচ্চিত্ৰখনৰ কলা-কুশলীৰ লগতে সাংস্কৃতিক জগতৰ বহু বিশিষ্ট ব্যক্তি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক