--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক; অসমীয়া চিনেমাক নতুন গতি দিয়া ব্ৰজেন বৰুৱা পৰিচালিত ‘ডক্তৰ বেজবৰুৱা’ৰ Remake ‘ডক্তৰ বেজবৰুৱা ২’ক লৈ আগ্ৰহ বৃদ্ধি পাইছে অসমবাসীৰ৷ নৱবৰ্ষৰ প্ৰাৰম্ভতে মুক্তি লাভ কৰিব বহুপ্ৰতীক্ষিত ‘ডক্তৰ বেজবৰুৱা ২’য়ে৷

ড° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণ প্ৰযোজিত আৰু নিপন গোস্বামী পৰিচালিত এই কথাছবিখনৰ দুটি গীতে ইতিমধ্যে হৃদয় জিনিছে শ্ৰোতা-দৰ্শকৰ৷ ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি যোৰহাটত ছবিখনৰ এটি আকৰ্ষণীয় গীত ‘জিলিকি জিলিকা তৰা আকাশৰে’ মুক্তি দিয়া হয়৷ 

জিলিকি জিলিকাৰ অভূতপূৰ্ব সমাদৰ আৰু সফলতাৰ পাছত আজি ছবিখনৰ দ্বিতীয়টো গীত ‘কি নাম দি মাতিম’ আনুষ্ঠানিকভাৱে শ্ৰোতাৰ বাবে মুকলি কৰি দিয়া হয়৷ গীতিকাৰ দিগন্ত ভাৰতীৰ নৱ সংযোজিত কথাৰে নৱনিৰ্মিত জনপ্ৰিয় গীতটোত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু ভাস্বতী ভাৰতীয়ে৷ 

অৰ্ধশতিকাৰো অধিক কাল অসমীয়া শ্ৰোতা-দৰ্শকৰ প্ৰাণ উজ্জীৱিত কৰি ৰখা কি নাম দি মাতিমৰ নৱতম সংস্কৰণটোক অসমবাসীয়ে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে ছবিখনৰ প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণে৷ আজি আবেলি গুৱাহাটীৰ বৰলুইতৰ পাৰত ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত এই গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷

লগতে, বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিৱেদনৰ অৰ্থে আজি অসমৰ দহটা অঞ্চলত বৰলুইতৰ পাৰত পাৰ চৰাই মুকলি কৰি দিয়া হয়৷ ‘ডক্তৰ বেজবৰুৱা ২’ক অসমবাসীয়ে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ অন্যতম প্ৰযোজক ডাঃ অক্ষতা নাৰায়ণে৷

অসমৰ প্ৰথমখন থ্ৰীলাৰ আৰু বাণিজ্যিকভাৱে সফল ছবি ‘ডক্তৰ বেজবৰুৱা’ৰ মুক্তিৰ পঞ্চাশ বছৰ পাছত নিৰ্মাণ কৰা হৈছে ছবিখনৰ ৰীমেক ‘ডক্তৰ বেজবৰুৱা ২’৷ য’ত অভিনয় কৰিছে নিপন গোস্বামীৰ তনয় সিদ্ধাৰ্থ গোস্বামী, কিংকিনী গোস্বামী, আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন, নিপন গোস্বামীকে ধৰি ভালেসংখ্যক অভিনেতা-অভিনেত্ৰীয়ে৷ আজিৰে পৰা কি নাম দি মাতিম গীতটো ‘Saregama Regional’ ইউটিউব চেনেলত উপলব্ধ হৈছে৷ 

আজি ‘কি নাম দি মাতিম’ শীৰ্ষক গীতটোৰ উন্মোচনী অনুষ্ঠানত প্ৰযোজকদ্বয়ৰ লগতে অভিনেতা সিদ্ধাৰ্থ গোস্বামী, কিংকিনী গোস্বামী, সদানন্দ গগৈ আৰু চলচ্চিত্ৰখনৰ কলা-কুশলীৰ লগতে সাংস্কৃতিক জগতৰ বহু বিশিষ্ট ব্যক্তি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু