--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চিনেমা জগতত যেতিয়াই খলনায়কৰ কথা চৰ্চা হয়, তেতিয়াই পুৰুষৰ এখন দীঘলীয়া তালিকা বনাব পাৰি। কিন্তু মহিলা খলনায়িকাৰ কেইটামান নামহে চৰ্চালৈ আহে। হিন্দী চিনেমাত এটা সময় আছিল যেতিয়া মহিলাৰ বাবে ছবিত কাম কৰাটো এটা ডাঙৰ কথা আছিল, সেই সময়ছোৱাত এগৰাকী মহিলাই ফাৰ্ষ্ট লেডী ভিলেইনৰ খিতাপ অৰ্জন কৰিছিল। সেই অভিনেত্ৰীগৰাকীয়ে ছবিবোৰত নায়কৰ লগত ৰোমাঞ্চ কৰা নাছিল বৰঞ্চ শক্তিশালী চৰিত্ৰ ৰূপায়ন কৰি নিজৰ পৰিচয় গঢ়ি তুলিছিল।
Remembering Florence Ezekiel Nadira on her 11th death anniversary. | by  BollywooDirect | Medium
নাদিৰাক বলীউডৰ ফাৰ্ষ্ট লেডী ভিলেইন বুলি কোৱা হয়। নাদিৰাৰ প্ৰকৃত নামটো আছিল ফ্লৰেন্স ইজেকিয়েল। ভাৰতীয় চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ সময়ত তেওঁৰ নাম নাদিৰা ৰখা হৈছিল। ১০ বছৰ বয়সত নাদিৰাই ‘মৌজ’ ছবিৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। নাদিৰাই জনপ্ৰিয়তা লাভ কৰিছিল ‘আন’ (১৯৫২) ছবিখনৰ পৰা।
नादिरा को नेगेटिव किरदार ने बना दिया था खलनायिका, महीनों नहीं मिला काम
বাগদাদৰ ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা নাদিৰাক চলচ্চিত্ৰ জগতখনলৈ ভাগ্যই টানি লৈ আহিছিল। যেতিয়া তেওঁ এখন বিয়াত উপস্থিত হ’বৰ বাবে ভাৰতলৈ আহিছিল, তেতিয়া মেহবুব খানে তেওঁৰ ছবি ‘আন’ৰ বাবে এগৰাকী অভিনেত্ৰী বিচাৰি আছিল। তেতিয়া মেহবুব খানে নাদিৰাক লগ পালে। কিন্তু নাদিৰাৰ মাতৃয়ে নিজ কন্যাই চিনেমাত কাম কৰাটো ভাল নাপালে। মাতৃয়ে ক’লে যে নাদিৰাই যদি চিনেমাত কাম কৰে তেন্তে কোনেও তেওঁক বিয়া নকৰাব আৰু তেওঁক ইহুদীসকলৰ পূজাস্থলীলৈ যাবলৈ দিয়া নহ’ব।
Nadira | Indian bollywood actress, Old bollywood movies, Beautiful  bollywood actress
নাদিৰাই নিজৰ মৰ্জিত জীৱনটো কটাব জানিছিল। তেওঁ অভিনয় জগতত খোজ পেলায়। মেহবুব খানৰ ‘আন’ ছবিৰ পিছত নাদিৰাই শ্ৰী ৪২০, দিল আপনা ঔৰ প্ৰীত পৰাই, পাকিজা, জুলি, সাগৰ আদি বহু ছবিত অভিনয় কৰিছিল। ৰাজ কাপুৰৰ ছবি ‘শ্ৰী ৪২০’ৰ পাছত নাদিৰাই বহুত ভেম্প ৰ’ল কৰিছিল। সেই সময়ৰ আটাইতকৈ দামী গাড়ী ৰ’লছ ৰয়ছ ক্ৰয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী আছিল নাদিৰা।
Yesteryear Actress Nadira Unseen Photos
নাদিৰাৰ প্ৰেম কাহিনীৰ আলোচনা চলচ্চিত্ৰ মহলত খুব কমেইহে চৰ্চা হয়। নাদিৰাৰ জীৱনলৈ কোনো পুৰুষৰ আগমন ঘটিছিল নে নাই সেয়া জনা নাযায়। নাদিৰাই সদায় কেৰিয়াৰ আৰু ছবিক প্ৰথম প্ৰেম বুলি গণ্য কৰিছিল। এই কাৰণেই জীৱনৰ শেষ সময়ত তেওঁৰ কাষত কোনো নাছিল। খবৰ অনুসৰি নাদিৰাৰ মৃত্যুৰ সময়ত তেওঁৰ লগত মাত্ৰ এগৰাকী বনকৰা মহিলা আছিল।বহুদিনীয়া অসুস্থতাৰ অন্তত ২০০৬ চনত ৭৪ বছৰ বয়সত নাদিৰাৰ মৃত্যু হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু