--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চিনেমা জগতত যেতিয়াই খলনায়কৰ কথা চৰ্চা হয়, তেতিয়াই পুৰুষৰ এখন দীঘলীয়া তালিকা বনাব পাৰি। কিন্তু মহিলা খলনায়িকাৰ কেইটামান নামহে চৰ্চালৈ আহে। হিন্দী চিনেমাত এটা সময় আছিল যেতিয়া মহিলাৰ বাবে ছবিত কাম কৰাটো এটা ডাঙৰ কথা আছিল, সেই সময়ছোৱাত এগৰাকী মহিলাই ফাৰ্ষ্ট লেডী ভিলেইনৰ খিতাপ অৰ্জন কৰিছিল। সেই অভিনেত্ৰীগৰাকীয়ে ছবিবোৰত নায়কৰ লগত ৰোমাঞ্চ কৰা নাছিল বৰঞ্চ শক্তিশালী চৰিত্ৰ ৰূপায়ন কৰি নিজৰ পৰিচয় গঢ়ি তুলিছিল।
Remembering Florence Ezekiel Nadira on her 11th death anniversary. | by  BollywooDirect | Medium
নাদিৰাক বলীউডৰ ফাৰ্ষ্ট লেডী ভিলেইন বুলি কোৱা হয়। নাদিৰাৰ প্ৰকৃত নামটো আছিল ফ্লৰেন্স ইজেকিয়েল। ভাৰতীয় চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ সময়ত তেওঁৰ নাম নাদিৰা ৰখা হৈছিল। ১০ বছৰ বয়সত নাদিৰাই ‘মৌজ’ ছবিৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। নাদিৰাই জনপ্ৰিয়তা লাভ কৰিছিল ‘আন’ (১৯৫২) ছবিখনৰ পৰা।
नादिरा को नेगेटिव किरदार ने बना दिया था खलनायिका, महीनों नहीं मिला काम
বাগদাদৰ ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা নাদিৰাক চলচ্চিত্ৰ জগতখনলৈ ভাগ্যই টানি লৈ আহিছিল। যেতিয়া তেওঁ এখন বিয়াত উপস্থিত হ’বৰ বাবে ভাৰতলৈ আহিছিল, তেতিয়া মেহবুব খানে তেওঁৰ ছবি ‘আন’ৰ বাবে এগৰাকী অভিনেত্ৰী বিচাৰি আছিল। তেতিয়া মেহবুব খানে নাদিৰাক লগ পালে। কিন্তু নাদিৰাৰ মাতৃয়ে নিজ কন্যাই চিনেমাত কাম কৰাটো ভাল নাপালে। মাতৃয়ে ক’লে যে নাদিৰাই যদি চিনেমাত কাম কৰে তেন্তে কোনেও তেওঁক বিয়া নকৰাব আৰু তেওঁক ইহুদীসকলৰ পূজাস্থলীলৈ যাবলৈ দিয়া নহ’ব।
Nadira | Indian bollywood actress, Old bollywood movies, Beautiful  bollywood actress
নাদিৰাই নিজৰ মৰ্জিত জীৱনটো কটাব জানিছিল। তেওঁ অভিনয় জগতত খোজ পেলায়। মেহবুব খানৰ ‘আন’ ছবিৰ পিছত নাদিৰাই শ্ৰী ৪২০, দিল আপনা ঔৰ প্ৰীত পৰাই, পাকিজা, জুলি, সাগৰ আদি বহু ছবিত অভিনয় কৰিছিল। ৰাজ কাপুৰৰ ছবি ‘শ্ৰী ৪২০’ৰ পাছত নাদিৰাই বহুত ভেম্প ৰ’ল কৰিছিল। সেই সময়ৰ আটাইতকৈ দামী গাড়ী ৰ’লছ ৰয়ছ ক্ৰয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী আছিল নাদিৰা।
Yesteryear Actress Nadira Unseen Photos
নাদিৰাৰ প্ৰেম কাহিনীৰ আলোচনা চলচ্চিত্ৰ মহলত খুব কমেইহে চৰ্চা হয়। নাদিৰাৰ জীৱনলৈ কোনো পুৰুষৰ আগমন ঘটিছিল নে নাই সেয়া জনা নাযায়। নাদিৰাই সদায় কেৰিয়াৰ আৰু ছবিক প্ৰথম প্ৰেম বুলি গণ্য কৰিছিল। এই কাৰণেই জীৱনৰ শেষ সময়ত তেওঁৰ কাষত কোনো নাছিল। খবৰ অনুসৰি নাদিৰাৰ মৃত্যুৰ সময়ত তেওঁৰ লগত মাত্ৰ এগৰাকী বনকৰা মহিলা আছিল।বহুদিনীয়া অসুস্থতাৰ অন্তত ২০০৬ চনত ৭৪ বছৰ বয়সত নাদিৰাৰ মৃত্যু হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement