--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট সামাজিক মাধ্যমলৈ উভতি অহাৰ পিছতে ফুটাই গৈছে ইটোৰ পিছত সিটোকৈ বোমা।কেতিয়াবা কংগনাৰ লক্ষ্য হৈ পৰিছে বলীউডৰ 'চলচ্চিত্ৰ মাফিয়া', কেতিয়াবা আকৌ নায়িকাগৰাকীয়ে  জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ  বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে । দেওবাৰে কংগনাই  ৰণবীৰ আৰু আলিয়াক সতৰ্কবাণী জাৰি কৰিছিল। কংগনাই ২৪ ঘণ্টা অতিবাহিত কৰাৰ পিছত বিষয়টোলৈ পুনৰ  উভতি আহিছিল। 

ৰণবীৰ আৰু আলিয়াই তাইৰ ওপৰত চকু ৰাখিছে বুলি অভিনেত্ৰীগৰাকীয়ে দেওবাৰে তেওঁৰ সামাজিক মাধ্যমত আওপকীয়াকৈ লিখিছিল৷  যদিও কংগনাই বলীউডৰ তাৰকা দম্পতীৰ নাম উল্লেখ কৰা হোৱা নাই,  তেওঁৰ লিখনিৰ ভাষাৰ পৰা স্পষ্ট যে ৰণবীৰ-আলিয়াকেই তেওঁ লক্ষ্য হিচাবে বাছি লৈছে। কংগনাই এইবাৰ আন  এটা বাৰ্তা প্ৰেৰণ কৰিছে। সতৰ্কবাৰ্তাটোত কংগনাই লিখিছে যে যদি সংশোধন  নহয়, তেন্তে তেওঁ ঘৰত প্ৰৱেশ কৰি পিটি থৈ আহিব৷  কিন্তু কংগনাই কাক পিটি থৈ আহিব সেয়া স্পষ্টভাবে কোৱা নাই৷ 


উল্লেখ্য দেওবাৰে , কংগনাই তেওঁৰ পোষ্টত লিখিছিল, "মই য'লৈকে যাওঁ, কোনোবাই মোক অনুসৰণ কৰি আছে আৰু তেওঁলোকে মোক নিৰীক্ষণ কৰি আছে। কেৱল ৰাস্তাতে নহয়। মোৰ ঘৰৰ পাৰ্কিং , ঘৰৰ চাদ, , সকলো ঠাইতে কোনোবাই মোক নিৰীক্ষণ কৰি আছে। এয়া  সকলোৱে জানে যে অভিনেতাসকলেহে পাপাৰাজিক খূৰ দিয়ে। কেৱল সেয়াই নহয়, আজিকালি, অভিনেতাসকলেও তেওঁলোকক ফটো তুলিবলৈ টকা দিয়ে। পুৱা ৬-৩০ বজাত, মই ফটো তুলি আছিলো। তেওঁলোকে মোৰ সময়সূচী কেনেকৈ লাভ কৰিছে? মোৰ  ছবিবোৰৰ সৈতে কি কৰা হৈছে? পুৱা, যেতিয়া মই মোৰ নৃত্য পৰিচালনা সমাপ্ত কৰিছিলো আৰু ষ্টুডিঅ'ৰ পৰা ওলাই আছিলো, মই তেওঁলোকৰ বহুতকে বাহিৰত থিয় হৈ থকা দেখিছিলো। কোনেও তেওঁলোকক আগতে কোৱা নাছিল যে মই এই সময়ত ইয়াত থাকিম। তেন্তে তেওঁলোকে কেনেকৈ খবৰটো পালে?"









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু