--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট সামাজিক মাধ্যমলৈ উভতি অহাৰ পিছতে ফুটাই গৈছে ইটোৰ পিছত সিটোকৈ বোমা।কেতিয়াবা কংগনাৰ লক্ষ্য হৈ পৰিছে বলীউডৰ 'চলচ্চিত্ৰ মাফিয়া', কেতিয়াবা আকৌ নায়িকাগৰাকীয়ে  জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ  বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে । দেওবাৰে কংগনাই  ৰণবীৰ আৰু আলিয়াক সতৰ্কবাণী জাৰি কৰিছিল। কংগনাই ২৪ ঘণ্টা অতিবাহিত কৰাৰ পিছত বিষয়টোলৈ পুনৰ  উভতি আহিছিল। 

ৰণবীৰ আৰু আলিয়াই তাইৰ ওপৰত চকু ৰাখিছে বুলি অভিনেত্ৰীগৰাকীয়ে দেওবাৰে তেওঁৰ সামাজিক মাধ্যমত আওপকীয়াকৈ লিখিছিল৷  যদিও কংগনাই বলীউডৰ তাৰকা দম্পতীৰ নাম উল্লেখ কৰা হোৱা নাই,  তেওঁৰ লিখনিৰ ভাষাৰ পৰা স্পষ্ট যে ৰণবীৰ-আলিয়াকেই তেওঁ লক্ষ্য হিচাবে বাছি লৈছে। কংগনাই এইবাৰ আন  এটা বাৰ্তা প্ৰেৰণ কৰিছে। সতৰ্কবাৰ্তাটোত কংগনাই লিখিছে যে যদি সংশোধন  নহয়, তেন্তে তেওঁ ঘৰত প্ৰৱেশ কৰি পিটি থৈ আহিব৷  কিন্তু কংগনাই কাক পিটি থৈ আহিব সেয়া স্পষ্টভাবে কোৱা নাই৷ 


উল্লেখ্য দেওবাৰে , কংগনাই তেওঁৰ পোষ্টত লিখিছিল, "মই য'লৈকে যাওঁ, কোনোবাই মোক অনুসৰণ কৰি আছে আৰু তেওঁলোকে মোক নিৰীক্ষণ কৰি আছে। কেৱল ৰাস্তাতে নহয়। মোৰ ঘৰৰ পাৰ্কিং , ঘৰৰ চাদ, , সকলো ঠাইতে কোনোবাই মোক নিৰীক্ষণ কৰি আছে। এয়া  সকলোৱে জানে যে অভিনেতাসকলেহে পাপাৰাজিক খূৰ দিয়ে। কেৱল সেয়াই নহয়, আজিকালি, অভিনেতাসকলেও তেওঁলোকক ফটো তুলিবলৈ টকা দিয়ে। পুৱা ৬-৩০ বজাত, মই ফটো তুলি আছিলো। তেওঁলোকে মোৰ সময়সূচী কেনেকৈ লাভ কৰিছে? মোৰ  ছবিবোৰৰ সৈতে কি কৰা হৈছে? পুৱা, যেতিয়া মই মোৰ নৃত্য পৰিচালনা সমাপ্ত কৰিছিলো আৰু ষ্টুডিঅ'ৰ পৰা ওলাই আছিলো, মই তেওঁলোকৰ বহুতকে বাহিৰত থিয় হৈ থকা দেখিছিলো। কোনেও তেওঁলোকক আগতে কোৱা নাছিল যে মই এই সময়ত ইয়াত থাকিম। তেন্তে তেওঁলোকে কেনেকৈ খবৰটো পালে?"









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক