--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাছানৰ প্ৰাক্তন সাংসদ তথা জনতা দল চেকুলাৰ (জেডিএছ) নেতা প্ৰজ্জ্বল ৰেভান্নাৰ ভাতৃ সূৰজক দলৰ পুৰুষকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা মাহত কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰজ্জ্বলক। এইবাৰ তেওঁৰ ভাতৃ সুৰজকো যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। দেওবাৰে পুৱা কৰ্ণাটক আৰক্ষীয়ে সূৰজক গ্ৰেপ্তাৰ কৰে। শনিবাৰে হাছান জিলাৰ হোলেনৰাচিপুৰা থানাত সূৰজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জেডিএছ দলৰ এগৰাকী পুৰুষ কৰ্মীয়ে।

অভিযোগ অনুসৰি ১৬ জুনত সূৰজে তেওঁক   ঘৰলৈ মাতি নি জোৰকৈ চুমা খাইছিল। সূৰযে তেওঁৰ ওঁঠ আৰু গালত কামুৰিছিল। আনকি মৃত্যুৰ ভাবুকিও দিয়া বুলি অভিযোগকাৰীয়ে অভিযোগ কৰে। সেই অভিযোগৰ ভিত্তিত দেওবাৰে পুৱা আৰক্ষীয়ে সূৰজক গ্ৰেপ্তাৰ কৰে।  প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি তথা কৰ্ণাটক বিধান সভাৰ পৰিষদৰ   জে ডি এছৰ সদস্য সূৰজে অভিযোগকাৰীয়ে  তেওঁৰ পৰা ৫ কোটি টকা বিচৰা  বুলি দাবী কৰে। সেই ধন নিদিয়াৰ বাবেই এই ভুৱা অভিযোগ উত্থাপন কৰা  হৈছে বুলিও সূৰযে কয় । মন কৰিবলগীয়া যে শনিবাৰে সূৰজ আৰু তেওঁৰ সহায়ক শিৱকুমাৰে দাবী কৰিছিল যে দুজন ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে ‘মিছা যৌন নিৰ্যাতন’ৰ অভিযোগ উত্থাপন কৰিব বুলি ভাবুকি দিছে।
সূৰজৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ নতুন নহয়। ইয়াৰ পূৰ্বেও তেওঁৰ দলৰ যুৱ শাখাৰ কৰ্মী চেতন কে এছ আৰু তেওঁৰ ভায়েকে একে অভিযোগ উত্থাপন কৰিছিল। অভিযোগ অনুসৰি সূৰজে তেওঁলোকক নিজৰ ফাৰ্ম হাউচলৈ মাতি নি যৌন নিৰ্যাতন চলাইছিল।  সূৰযৰ বিৰুদ্ধে আনকি  ধৰ্ষণৰ অভিযোগো উঠিছিল। অৱশ্যে এই সকলোবোৰ অভিযোগ মিছা বুলি খাৰিজ কৰিছিল প্ৰজ্জ্বলৰ ভাতৃয়ে। 

উল্লেখ্য প্ৰজ্জ্বল ৰেভান্নাই তেওঁৰ ঘৰত কাম কৰা  একাধিক মহিলাক যৌন নিৰ্যাতন চলোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছত গ্ৰেপ্তাৰ হৈছিল। তেওঁ এতিয়া জে’লত আছে। প্ৰজ্জ্বল-সূৰযৰ পিতৃ তথা কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী এইচ ডি ৰেভান্নাকো ভুক্তভোগীক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হৈছিল। এইবাৰ গ্ৰেপ্তাৰ হ’ল সূৰয।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ