--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাছানৰ প্ৰাক্তন সাংসদ তথা জনতা দল চেকুলাৰ (জেডিএছ) নেতা প্ৰজ্জ্বল ৰেভান্নাৰ ভাতৃ সূৰজক দলৰ পুৰুষকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা মাহত কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰজ্জ্বলক। এইবাৰ তেওঁৰ ভাতৃ সুৰজকো যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। দেওবাৰে পুৱা কৰ্ণাটক আৰক্ষীয়ে সূৰজক গ্ৰেপ্তাৰ কৰে। শনিবাৰে হাছান জিলাৰ হোলেনৰাচিপুৰা থানাত সূৰজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জেডিএছ দলৰ এগৰাকী পুৰুষ কৰ্মীয়ে।

অভিযোগ অনুসৰি ১৬ জুনত সূৰজে তেওঁক   ঘৰলৈ মাতি নি জোৰকৈ চুমা খাইছিল। সূৰযে তেওঁৰ ওঁঠ আৰু গালত কামুৰিছিল। আনকি মৃত্যুৰ ভাবুকিও দিয়া বুলি অভিযোগকাৰীয়ে অভিযোগ কৰে। সেই অভিযোগৰ ভিত্তিত দেওবাৰে পুৱা আৰক্ষীয়ে সূৰজক গ্ৰেপ্তাৰ কৰে।  প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি তথা কৰ্ণাটক বিধান সভাৰ পৰিষদৰ   জে ডি এছৰ সদস্য সূৰজে অভিযোগকাৰীয়ে  তেওঁৰ পৰা ৫ কোটি টকা বিচৰা  বুলি দাবী কৰে। সেই ধন নিদিয়াৰ বাবেই এই ভুৱা অভিযোগ উত্থাপন কৰা  হৈছে বুলিও সূৰযে কয় । মন কৰিবলগীয়া যে শনিবাৰে সূৰজ আৰু তেওঁৰ সহায়ক শিৱকুমাৰে দাবী কৰিছিল যে দুজন ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে ‘মিছা যৌন নিৰ্যাতন’ৰ অভিযোগ উত্থাপন কৰিব বুলি ভাবুকি দিছে।
সূৰজৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ নতুন নহয়। ইয়াৰ পূৰ্বেও তেওঁৰ দলৰ যুৱ শাখাৰ কৰ্মী চেতন কে এছ আৰু তেওঁৰ ভায়েকে একে অভিযোগ উত্থাপন কৰিছিল। অভিযোগ অনুসৰি সূৰজে তেওঁলোকক নিজৰ ফাৰ্ম হাউচলৈ মাতি নি যৌন নিৰ্যাতন চলাইছিল।  সূৰযৰ বিৰুদ্ধে আনকি  ধৰ্ষণৰ অভিযোগো উঠিছিল। অৱশ্যে এই সকলোবোৰ অভিযোগ মিছা বুলি খাৰিজ কৰিছিল প্ৰজ্জ্বলৰ ভাতৃয়ে। 

উল্লেখ্য প্ৰজ্জ্বল ৰেভান্নাই তেওঁৰ ঘৰত কাম কৰা  একাধিক মহিলাক যৌন নিৰ্যাতন চলোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছত গ্ৰেপ্তাৰ হৈছিল। তেওঁ এতিয়া জে’লত আছে। প্ৰজ্জ্বল-সূৰযৰ পিতৃ তথা কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী এইচ ডি ৰেভান্নাকো ভুক্তভোগীক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হৈছিল। এইবাৰ গ্ৰেপ্তাৰ হ’ল সূৰয।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু