--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাহিনীটোৰ এগৰাকী মহিলা কনিষ্টবলৰ সৈতে আৰক্ষী বিষয়াজনে ৰক্ষা কৰি চলিছিল অবৈধ শাৰীৰিক সম্পৰ্ক। বিবাহ বহিৰ্ভূত এনে সম্পৰ্কৰ  বাবেই উত্তৰ প্ৰদেশৰ এজন আৰক্ষী বিষয়াক ডি এছ পি পদৰ পৰা অৱনমিত কৰি  কৰি কনিষ্টবল হিচাপে নিযুক্তি দিয়া হৈছে। আৰক্ষী বিষয়াজনৰ নাম কৃপাশংকৰ কনৌজিয়া। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰই  প্ৰকাশ কৰা  মতে কনৌজিয়াই উন্নাওৰ বিঘাপুৰত চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল।

 বৰ্তমান তেওঁ গোৰখপুৰত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছে। তিনি বছৰ আগতেই বিষয়াজনে তেওঁৰ বিভাগৰে এগৰাকী মহিলা কৰ্মীৰে অবৈধ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল।  ২০২১ চনৰ জুলাই মাহত পাৰিবাৰিক কাৰণত ছুটী লৈছিল  বিষয়াগৰাকীয়ে। কিন্তু ঘৰলৈ নগৈ তেওঁ সেই মহিলা কৰ্মীগৰাকীৰ সৈতে কটাইছিল। আনকি তেওঁক ফোনতো কোনেও পোৱা নাছিল। ইপিনে স্বামীৰ কিবা   ‘বিপদ’ হোৱা বুলি ভাবি কৃপাশংকৰৰ পত্নীয়ে  উন্নাওৰ এছ পিৰ কাষ চাপিছিল। ইয়াৰ পিছতে তেওঁৰ পত্নীয়ে কৃপাশংকৰৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে  কৃপাশংকৰক বিচাৰিবলৈ আৰম্ভ কৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে বিষয়াজনৰ  মোবাইল ফোন বন্ধ হৈ থকা পায়। 

মোবাইল নেটৱৰ্ক ট্ৰেক কৰি কাণপুৰৰ এখন হোটেলত উপস্থিত হয় আৰক্ষী। কিন্তু  কেঁচু খান্দোতে ওলাই আহিল সাপ! হোটেলখনৰ চিচিটিভি ফুটেজত তেওঁক এগৰাকী মহিলাৰ সৈতে দেখা গ’ল। কোঠাৰ ভিতৰত মহিলা কৰ্মীগৰাকীৰ সৈতে ওলাল কৃপাশংকৰ। আৰক্ষী বিষয়াগৰাকীৰ এনে  বিবাহ বহিৰ্ভূত প্ৰেমৰ কথা লগে লগে ৰাষ্ট্ৰ হৈ পৰিল। লাজত পৰিল আৰক্ষী।  ঘটনাৰ তদন্তও আৰম্ভ হ’ল। অৱশেষত  লক্ষ্ণৌ ৰেঞ্জৰ  আই জি পিয়ে কৃপাশংকৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে। তিনি বছৰৰ পাছত সেই ঘটনাৰ বাবেই তেওঁক পদচ্যুত কৰা হ’ল। চৰকাৰৰ পৰা নিৰ্দেশ লাভ কৰি এডিজিয়ে জাৰি কৰে এক নিৰ্দেশনা।  আৰক্ষী বিষয়া কৃপাশংকৰক ডিএছপি পদৰ পৰা অৱনমিত কৰি  কনিষ্টবল হিচাপে নিযুক্তি দিয়া হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু