--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাহিনীটোৰ এগৰাকী মহিলা কনিষ্টবলৰ সৈতে আৰক্ষী বিষয়াজনে ৰক্ষা কৰি চলিছিল অবৈধ শাৰীৰিক সম্পৰ্ক। বিবাহ বহিৰ্ভূত এনে সম্পৰ্কৰ  বাবেই উত্তৰ প্ৰদেশৰ এজন আৰক্ষী বিষয়াক ডি এছ পি পদৰ পৰা অৱনমিত কৰি  কৰি কনিষ্টবল হিচাপে নিযুক্তি দিয়া হৈছে। আৰক্ষী বিষয়াজনৰ নাম কৃপাশংকৰ কনৌজিয়া। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰই  প্ৰকাশ কৰা  মতে কনৌজিয়াই উন্নাওৰ বিঘাপুৰত চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল।

 বৰ্তমান তেওঁ গোৰখপুৰত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছে। তিনি বছৰ আগতেই বিষয়াজনে তেওঁৰ বিভাগৰে এগৰাকী মহিলা কৰ্মীৰে অবৈধ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল।  ২০২১ চনৰ জুলাই মাহত পাৰিবাৰিক কাৰণত ছুটী লৈছিল  বিষয়াগৰাকীয়ে। কিন্তু ঘৰলৈ নগৈ তেওঁ সেই মহিলা কৰ্মীগৰাকীৰ সৈতে কটাইছিল। আনকি তেওঁক ফোনতো কোনেও পোৱা নাছিল। ইপিনে স্বামীৰ কিবা   ‘বিপদ’ হোৱা বুলি ভাবি কৃপাশংকৰৰ পত্নীয়ে  উন্নাওৰ এছ পিৰ কাষ চাপিছিল। ইয়াৰ পিছতে তেওঁৰ পত্নীয়ে কৃপাশংকৰৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে  কৃপাশংকৰক বিচাৰিবলৈ আৰম্ভ কৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে বিষয়াজনৰ  মোবাইল ফোন বন্ধ হৈ থকা পায়। 

মোবাইল নেটৱৰ্ক ট্ৰেক কৰি কাণপুৰৰ এখন হোটেলত উপস্থিত হয় আৰক্ষী। কিন্তু  কেঁচু খান্দোতে ওলাই আহিল সাপ! হোটেলখনৰ চিচিটিভি ফুটেজত তেওঁক এগৰাকী মহিলাৰ সৈতে দেখা গ’ল। কোঠাৰ ভিতৰত মহিলা কৰ্মীগৰাকীৰ সৈতে ওলাল কৃপাশংকৰ। আৰক্ষী বিষয়াগৰাকীৰ এনে  বিবাহ বহিৰ্ভূত প্ৰেমৰ কথা লগে লগে ৰাষ্ট্ৰ হৈ পৰিল। লাজত পৰিল আৰক্ষী।  ঘটনাৰ তদন্তও আৰম্ভ হ’ল। অৱশেষত  লক্ষ্ণৌ ৰেঞ্জৰ  আই জি পিয়ে কৃপাশংকৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে। তিনি বছৰৰ পাছত সেই ঘটনাৰ বাবেই তেওঁক পদচ্যুত কৰা হ’ল। চৰকাৰৰ পৰা নিৰ্দেশ লাভ কৰি এডিজিয়ে জাৰি কৰে এক নিৰ্দেশনা।  আৰক্ষী বিষয়া কৃপাশংকৰক ডিএছপি পদৰ পৰা অৱনমিত কৰি  কনিষ্টবল হিচাপে নিযুক্তি দিয়া হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement