--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত  সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা। দলঙৰ পৰা এখন যাত্ৰীবাহী বাছ নদীত পৰি  যোৱাৰ ফলত কমেও ৩৯ জন যাত্ৰী  নিহত হৈছে। এই ঘটনাত কেইবাজনো লোক আহত হৈছে। ঘটনাটো শনিবাৰে মাজনিশা পাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। 

দ্য ডনত  প্ৰকাশিত  প্ৰতিবেদন অনুসৰি বাছখনে ৪৮ জন যাত্ৰী কঢ়িয়াই  কোৱেটা প্ৰদেশৰ পৰা কৰাচীলৈ গৈ আছিল। লাচবেলাৰ ওচৰৰ এখন নদীৰ দলঙৰ ওপৰত উঠাৰ পিছতে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় ।ফলত  বাছখনে দলঙৰ ৰেলিং ভাঙি নদীৰ পানীত পৰি যায়। নৈত পৰি যোৱাৰ সময়তে বাছখনত  জুই লাগিছিল। অগ্নিদগ্ধ হৈয়েই  বেছিভাগ যাত্ৰীৰ মৃত্যু ঘটা বুলি  লাচবেলাৰ সহকাৰী আয়ুক্ত হামজা অঞ্জুমে প্ৰকাশ কৰিছে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাটো স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ২.১৫ বজাত সংঘটিত হৈছে। এটা শিশুসহ তিনিজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। দেওবাৰে পুৱালৈকে ১৭  টা দগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পিছত আৰু কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে। স্থানীয় প্ৰশাসনৰ দ্বাৰা মুঠ ৩৯জন লোকৰ  মৃত্যু ঘটা বুলি  নিশ্চিত কৰা হৈছে। ঘটনাটোৰ পৰা বাচি যোৱা সকলৰ বহুতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ফলস্বৰূপে আৰক্ষীয়ে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা