--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত  সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা। দলঙৰ পৰা এখন যাত্ৰীবাহী বাছ নদীত পৰি  যোৱাৰ ফলত কমেও ৩৯ জন যাত্ৰী  নিহত হৈছে। এই ঘটনাত কেইবাজনো লোক আহত হৈছে। ঘটনাটো শনিবাৰে মাজনিশা পাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। 

দ্য ডনত  প্ৰকাশিত  প্ৰতিবেদন অনুসৰি বাছখনে ৪৮ জন যাত্ৰী কঢ়িয়াই  কোৱেটা প্ৰদেশৰ পৰা কৰাচীলৈ গৈ আছিল। লাচবেলাৰ ওচৰৰ এখন নদীৰ দলঙৰ ওপৰত উঠাৰ পিছতে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় ।ফলত  বাছখনে দলঙৰ ৰেলিং ভাঙি নদীৰ পানীত পৰি যায়। নৈত পৰি যোৱাৰ সময়তে বাছখনত  জুই লাগিছিল। অগ্নিদগ্ধ হৈয়েই  বেছিভাগ যাত্ৰীৰ মৃত্যু ঘটা বুলি  লাচবেলাৰ সহকাৰী আয়ুক্ত হামজা অঞ্জুমে প্ৰকাশ কৰিছে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাটো স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ২.১৫ বজাত সংঘটিত হৈছে। এটা শিশুসহ তিনিজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। দেওবাৰে পুৱালৈকে ১৭  টা দগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পিছত আৰু কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে। স্থানীয় প্ৰশাসনৰ দ্বাৰা মুঠ ৩৯জন লোকৰ  মৃত্যু ঘটা বুলি  নিশ্চিত কৰা হৈছে। ঘটনাটোৰ পৰা বাচি যোৱা সকলৰ বহুতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ফলস্বৰূপে আৰক্ষীয়ে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ