--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৈৰাজ্যৰ দেশ আফগানিস্তানত এইবাৰ পুনৰ স্ত্ৰী শিক্ষাৰ বিৰুদ্ধে নতুন ফটোৱা জাৰি কৰিলে তালিবানে৷ আফগানিস্তানৰ তালিবান প্ৰশাসনে শেহতীয়া দমনমূলক আদেশত দেশ খনৰ  ছাত্ৰীসকলক বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বহাটো  নিষিদ্ধ কৰিছে৷ 

বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ ডিচেম্বৰ মাহত তালিবানে পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো যুৱতী- মহিলাক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উপস্থিত নাথাকিবলৈ নিৰ্দেশ দিছিল৷তালিবানে  আফগানিস্তানত ষষ্ঠ শ্ৰেণীৰ পিছত শিক্ষা গ্ৰহণ কৰা ছোৱালী আৰু মহিলাৰ ওপৰত এনে নিষেধাজ্ঞা আৰোপ কৰিছিল৷

তালিবান প্ৰশাসনৰ শিক্ষা মন্ত্ৰালয়ে বিশ্ববিদ্যালয়সমূহলৈ এখন জাননী জাৰি কৰিছে য'ত কোৱা হৈছে যে ছোৱালীয়ে পৰৱৰ্তী জাননী নোপোৱালৈকে প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন কৰিব নোৱাৰিব। মহিলা শিক্ষাৰ্থীসকলক প্ৰৱেশ পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰাৰ বিষয়তো  নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ২০২১ চনৰ মে’ মাহত তালিবানে  দেশখনৰ নিয়ন্ত্ৰণ নিজৰ  দখললৈ নিয়াৰ পিছত  মহিলা আৰু সংখ্যালঘুসকলৰ অধিকাৰক সন্মান কৰিব বুলি   প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী কৰা নাই৷  তালিবানে দেশ খনত  ইছলামিক আইন কঠোৰভাবে  ৰূপায়ণ কৰিছে। 

তালিবানে  মহিলাসকলক   চাকৰিৰ কৰাটো  বাধা দি আহিছে৷ মহিলাসকলক জিম আৰু পাৰ্কলৈ যোৱাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷  আনকি সকলো স্থানীয় আৰু বিদেশী বেচৰকাৰী সংগঠনৰ (এনজিঅ') মহিলা কৰ্মচাৰীসকলক পৰৱৰ্তী জাননী  নিদিয়ালৈকে কামৰ কৰাৰ ক্ষেত্ৰত  নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷   ৰাষ্ট্ৰসংঘৰ অধিকাৰ বিশেষজ্ঞসকলে কৈছে যে তালিবানে মহিলা আৰু ছোৱালীক লক্ষ্য কৰি লোৱাটোৱে "তেওঁলোকৰ মানৱ অধিকাৰ আৰু স্বাধীনতাৰ স্পষ্ট উলংঘন কৰিছে"৷  এয়া মানৱতাৰ বিৰুদ্ধে এক অপৰাধ বুলিও ৰাষ্ট্ৰসংঘই কৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ