--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৈৰাজ্যৰ দেশ আফগানিস্তানত এইবাৰ পুনৰ স্ত্ৰী শিক্ষাৰ বিৰুদ্ধে নতুন ফটোৱা জাৰি কৰিলে তালিবানে৷ আফগানিস্তানৰ তালিবান প্ৰশাসনে শেহতীয়া দমনমূলক আদেশত দেশ খনৰ  ছাত্ৰীসকলক বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বহাটো  নিষিদ্ধ কৰিছে৷ 

বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ ডিচেম্বৰ মাহত তালিবানে পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো যুৱতী- মহিলাক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উপস্থিত নাথাকিবলৈ নিৰ্দেশ দিছিল৷তালিবানে  আফগানিস্তানত ষষ্ঠ শ্ৰেণীৰ পিছত শিক্ষা গ্ৰহণ কৰা ছোৱালী আৰু মহিলাৰ ওপৰত এনে নিষেধাজ্ঞা আৰোপ কৰিছিল৷

তালিবান প্ৰশাসনৰ শিক্ষা মন্ত্ৰালয়ে বিশ্ববিদ্যালয়সমূহলৈ এখন জাননী জাৰি কৰিছে য'ত কোৱা হৈছে যে ছোৱালীয়ে পৰৱৰ্তী জাননী নোপোৱালৈকে প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন কৰিব নোৱাৰিব। মহিলা শিক্ষাৰ্থীসকলক প্ৰৱেশ পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰাৰ বিষয়তো  নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ২০২১ চনৰ মে’ মাহত তালিবানে  দেশখনৰ নিয়ন্ত্ৰণ নিজৰ  দখললৈ নিয়াৰ পিছত  মহিলা আৰু সংখ্যালঘুসকলৰ অধিকাৰক সন্মান কৰিব বুলি   প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী কৰা নাই৷  তালিবানে দেশ খনত  ইছলামিক আইন কঠোৰভাবে  ৰূপায়ণ কৰিছে। 

তালিবানে  মহিলাসকলক   চাকৰিৰ কৰাটো  বাধা দি আহিছে৷ মহিলাসকলক জিম আৰু পাৰ্কলৈ যোৱাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷  আনকি সকলো স্থানীয় আৰু বিদেশী বেচৰকাৰী সংগঠনৰ (এনজিঅ') মহিলা কৰ্মচাৰীসকলক পৰৱৰ্তী জাননী  নিদিয়ালৈকে কামৰ কৰাৰ ক্ষেত্ৰত  নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷   ৰাষ্ট্ৰসংঘৰ অধিকাৰ বিশেষজ্ঞসকলে কৈছে যে তালিবানে মহিলা আৰু ছোৱালীক লক্ষ্য কৰি লোৱাটোৱে "তেওঁলোকৰ মানৱ অধিকাৰ আৰু স্বাধীনতাৰ স্পষ্ট উলংঘন কৰিছে"৷  এয়া মানৱতাৰ বিৰুদ্ধে এক অপৰাধ বুলিও ৰাষ্ট্ৰসংঘই কৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ