--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাৰীৰিক ৰোগ আৰু অন্যান্য ব্যক্তিগত সমস্যাই জুৰুলা কৰাৰ পাছত পুনৰ ঘূৰি আহিছে আমেৰিকাৰ গায়িকা মাইলী চাইৰাছ। যোৱা মাৰ্চ মাহত দীৰ্ঘদিনীয়া বিৰতিৰ পিছত পুনৰ সংগীতৰ ক্ষেত্ৰখনলৈ ঘূৰি আহিছিল জনপ্ৰিয় পপষ্টাৰগৰাকী।  অষ্টমটো এলবাম ‘এণ্ডলেছ ছামাৰ ভেকেচন’ অনুৰাগীক প্ৰদান কৰিছে তেওঁ। কিন্তু দুমাহৰ পাছতে অনুৰাগীক হতাশ কৰিছে মাইলীয়ে।

বিশ্বজুৰি তেওঁৰ অনুৰাগীসকলে তেওঁক সংগীতৰ মঞ্চত চাবলৈ আগ্ৰহী হৈ থকাৰ সময়তে মাইলীয়ে কয় যে তেওঁ আৰু অনুৰাগীৰ অনুৰোধ পূৰণ কৰিব নোৱাৰে। মঞ্চত সংগীত পৰিবেশন কৰিব পৰাকৈ তেওঁ শাৰীৰিক চাপ ল’ব নোৱাৰে। তদুপৰি হেঁপাহো কমিছে।

৩০ বছৰীয়া পপষ্টাৰগৰাকীয়ে এক সাক্ষাৎকাৰত কয়, ‘মই দীৰ্ঘদিন ধৰি বিষত ভুগি আছো। মঞ্চত গান গাবলৈ আৰু ঘূৰি নুফৰো।" তেওঁৰ স্পষ্ট কথা, "মই নিজৰ কথা পাহৰি কেৱল আনৰ সুখৰ বাবে, আনৰ সাফল্যৰ বাবে জীয়াই থকা উচিত নেকি?"

ডাঙৰ কনচাৰ্টৰ অব্যৱস্থাক লৈও ক্ষোভ প্ৰকাশ কৰে মাইলীয়ে। তেওঁ কয়- “আতিথ্য নাই, কোনো নিৰাপত্তা নাই। এইবোৰ কথা মোৰ বাবে স্বাভাৱিক যেন নালাগে। সন্মুখত এক লাখ মানুহ থাকিলেও অকলশৰীয়া অনুভৱ হয়!”

তেওঁ কয়- ''যদি কোনো ৰেকৰ্ডিং বা শ্বুটিং নাথাকে তেন্তে তেওঁ এতিয়াৰ বাবে শান্তিপূৰ্ণ জীৱন যাপন কৰিব বিচাৰে। এইটো নহয় যে মই নিজকে বেছি গুৰুত্ব দিছো। মই ক’ব পাৰো, মোৰ বিকাশ হৈছে।’’
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement