--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি আপৰ বহু শীৰ্ষ নেতা এতিয়া কাৰাগাৰত আছে। এনে সময়তে একেটা গোচৰতে গ্ৰেপ্তাৰ হৈ ছমাহ ধৰি কাৰাগাৰত থকা আপৰ সাংসদ সঞ্জয় সিঙে অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সঞ্জয় সিঙৰ জামিন লাভে আপক অক্সিজেন প্ৰদান কৰিব বুলি বহুতে ধাৰণা কৰিছে।  উচ্চতম ন্যায়ালয়ে মঙলবাৰে আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙক জামিন প্ৰদান কৰে। 

আদালতে  আনকি সিঙক  গ্ৰেপ্তাৰ কৰা সংস্থা - প্ৰৱৰ্তন সঞ্চালকালয়ক  কেতবোৰ অনুসন্ধানমূলক প্ৰশ্নও  কৰে। আদালতে ইডিক এইবুলি প্ৰশ্ন কৰে যে সিঙক  কিয় উৎকোচ গ্ৰহণৰ অভিযোগৰ কোনো বিবেচনা নকৰাকৈ ছমাহৰ অধিক সময়ৰ বাবে কাৰাগাৰাত ৰখা হৈছে। আদালতত ইডিৰ হৈ উপস্থিত থাকে  অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ.ভি. ৰাজু।    আদালতে আজি লক্ষ্য কৰে  যে দিনেশ অৰোৰা(এজন অভিযুক্ত যি পিছত  চৰকাৰী সাক্ষী হৈছিল)ই  প্ৰকৃততে  সিঙক তেওঁৰ প্ৰাৰম্ভিক বিবৃতিত জড়িত কৰা নাছিল।  অৰোৰাক যোৱা বছৰ আগষ্টত চৰকাৰী সাক্ষী  হোৱাৰ পিছত ধাৰা ৪৫ ৰ অধীনত জামিনত মুক্তি দিয়া হৈছিল। সঞ্জয় সিঙে যোৱা বছৰ অক্টোবৰত কথিত সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা দিল্লীৰ তিহাৰ কাৰাগাৰত আছে।  সাংসদ  সিঙক কথিত কেলেংকাৰীৰ সৈতে জড়িত ধন ৰপ্তানিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। 

সিঙৰ জামিনৰ বাবে দিল্লী উচ্চ ন্যায়ালয়কে ধৰি নিম্ন আদালতত আবেদন  দাখিল কৰা  হৈছিল যদিও তেওঁৰ জামিন আবেদন প্ৰত্যাখ্যান কৰা হৈছিল।  অৱশেষত মঙলবাৰে ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ দীপংকৰ দত্ত আৰু ন্যায়াধীশ প্ৰসন্ন বি ভাৰালেৰ বিচাৰপীঠে কয় যে বিচাৰ চলি থাকিলেও  সিঙক মুকলি কৰি দিয়া হ'ব পাৰে। আদালতে কয় যে মুক্তিৰ চৰ্তাৱলী আৰু নিয়মাৱলী বিচাৰ আদালতৰ দ্বাৰা নিৰ্ধাৰণ কৰিব লাগিব। অৱশ্যে গুৰুত্বপূৰ্ণ কথাটো হ'ল এয়াই  যে  সিঙে ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰিব, অৰ্থাৎ তেওঁ আপৰ হৈ প্ৰচাৰ চলাব পাৰিব, যি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আপৰ বাবে এক ডাঙৰ সকাহ হিচাবে বিবেচিত হৈছে। অৱশ্যে, তেওঁক ইডিৰ তদন্তৰ ওপৰত মন্তব্য দিয়াৰপৰা বিৰত থাকিবলৈ  সতৰ্ক কৰি দিয়া হৈছে।  

সিঙৰ মুক্তিৰ  ৰায়ক তেওঁৰ সহকৰ্মী আৰু দিল্লীৰ পিডব্লিউডি মন্ত্ৰী আতিশীয়ে আদৰণি জনাইছে। তেওঁ  এক্স (পূৰ্বতে টুইটাৰ)ত "সত্যমেৱ জয়তে" বা "সত্য জিকিব" বুলি পোষ্ট কৰে। ইপিনে একেটা গোচৰতে সোমবাৰে চিবিআইৰ বিশেষ আদালতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৫ দিনৰ ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement