--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰায়বৰেলীৰ পৰা কংগ্ৰেছে কাক প্ৰাৰ্থী কৰিব তাকেলৈ চৰ্চা চলি থকাৰ সময়তে শেহতীয়াকৈ  কংগ্ৰেছে সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। কংগ্ৰেছৰ এনে ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  ৱায়নাডৰ পিছত ৰাহুল গান্ধীয়ে ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাৰ পিছতে মোদীয়ে কয়-'ডৰো মত, ভাগো মত'। 

উল্লেখ্য  কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰিছিল। কিন্তু শেষত  ৰাহুল গান্ধীয়ে তুলনামূলকভাৱে 'সুৰক্ষিত' ৰায়বৰেলীক দ্বিতীয় আসন হিচাপে বাছনি কৰে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীৰ সিদ্ধান্তকলৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে বিভিন্ন সভাত কৰ্মীসকলক কৈছিল, "ডৰো মত, ভাগো মত।’’ ৰাহুলে কৈছিল যে  বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাহসৰ প্ৰয়োজন। ৰাহুলৰ বক্তব্যকে এইবাৰ মোদীয়ে ব্যৱহাৰ কৰিছে।   বৰ্ধমানত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "তেওঁলোকে ঘূৰি ফুৰে আৰু সকলোকে কয়, 'ডৰো মত'। আজি মই  কৈছো, মই মোৰ হৃদয়ৰ পৰা কৈছো,  ডৰো মত, ভাগো মত!" প্ৰধানমন্ত্ৰীয়ে কয়, "মই কৈছো  যে ৰাহুল  ৱায়নাডৰ পৰাজিত হ'বলৈ গৈ আছে। পৰাজয়ৰ আশংকাত তেওঁ দ্বিতীয় খন আসন বিচাৰিবলৈ আৰম্ভ কৰিছিল। কংগ্ৰেছৰ পালি নেতাসকলে  কৈ আহিছিল যে ৰাহুল  আমেথিলৈ আহিব। তেওঁ পৰাজয়ৰ ভয়ত তালৈ যাব নোৱাৰিলে। অৱশেষত, তেওঁ ৰায়বৰেলীলৈ গ'ল।  ডৰো মত, ভাগো মত!"

ছোনিয়া গান্ধী আৰু কংগ্ৰেছক লক্ষ্য কৰি মোদীয়ে কয়, "ফলাফল কি হ'ব তাকে লৈ কিছু লোকে সন্দেহ প্ৰকাশ কৰিছে।কিন্তু  কোনো জনমত জৰীপৰ প্ৰয়োজন নাই। মই আগতে কৈছিলো যে তেওঁলোকৰ আটাইতকৈ ডাঙৰ নেতায়ো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ভয়তে পলাই যাব। তেওঁ ৰাজস্থানলৈ পলাই গৈছে। ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ’’। মোদীয়ে লগতে কয় "কংগ্ৰেছে এইবাৰ যোৱাবাৰতকৈ কম আসন লাভ কৰিব। তেওঁলোকে সেয়া  জানে, সেয়েহে তেওঁলোকে এইবাৰ কম আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকে নিৰ্বাচন জিকিবলৈ যুঁজ দিয়া নাই। তেওঁলোকে কেৱল দেশক বিভাজন কৰিবলৈ যুঁজ দি আছে। ”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ