--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰায়বৰেলীৰ পৰা কংগ্ৰেছে কাক প্ৰাৰ্থী কৰিব তাকেলৈ চৰ্চা চলি থকাৰ সময়তে শেহতীয়াকৈ  কংগ্ৰেছে সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। কংগ্ৰেছৰ এনে ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  ৱায়নাডৰ পিছত ৰাহুল গান্ধীয়ে ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাৰ পিছতে মোদীয়ে কয়-'ডৰো মত, ভাগো মত'। 

উল্লেখ্য  কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰিছিল। কিন্তু শেষত  ৰাহুল গান্ধীয়ে তুলনামূলকভাৱে 'সুৰক্ষিত' ৰায়বৰেলীক দ্বিতীয় আসন হিচাপে বাছনি কৰে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীৰ সিদ্ধান্তকলৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে বিভিন্ন সভাত কৰ্মীসকলক কৈছিল, "ডৰো মত, ভাগো মত।’’ ৰাহুলে কৈছিল যে  বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাহসৰ প্ৰয়োজন। ৰাহুলৰ বক্তব্যকে এইবাৰ মোদীয়ে ব্যৱহাৰ কৰিছে।   বৰ্ধমানত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "তেওঁলোকে ঘূৰি ফুৰে আৰু সকলোকে কয়, 'ডৰো মত'। আজি মই  কৈছো, মই মোৰ হৃদয়ৰ পৰা কৈছো,  ডৰো মত, ভাগো মত!" প্ৰধানমন্ত্ৰীয়ে কয়, "মই কৈছো  যে ৰাহুল  ৱায়নাডৰ পৰাজিত হ'বলৈ গৈ আছে। পৰাজয়ৰ আশংকাত তেওঁ দ্বিতীয় খন আসন বিচাৰিবলৈ আৰম্ভ কৰিছিল। কংগ্ৰেছৰ পালি নেতাসকলে  কৈ আহিছিল যে ৰাহুল  আমেথিলৈ আহিব। তেওঁ পৰাজয়ৰ ভয়ত তালৈ যাব নোৱাৰিলে। অৱশেষত, তেওঁ ৰায়বৰেলীলৈ গ'ল।  ডৰো মত, ভাগো মত!"

ছোনিয়া গান্ধী আৰু কংগ্ৰেছক লক্ষ্য কৰি মোদীয়ে কয়, "ফলাফল কি হ'ব তাকে লৈ কিছু লোকে সন্দেহ প্ৰকাশ কৰিছে।কিন্তু  কোনো জনমত জৰীপৰ প্ৰয়োজন নাই। মই আগতে কৈছিলো যে তেওঁলোকৰ আটাইতকৈ ডাঙৰ নেতায়ো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ভয়তে পলাই যাব। তেওঁ ৰাজস্থানলৈ পলাই গৈছে। ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ’’। মোদীয়ে লগতে কয় "কংগ্ৰেছে এইবাৰ যোৱাবাৰতকৈ কম আসন লাভ কৰিব। তেওঁলোকে সেয়া  জানে, সেয়েহে তেওঁলোকে এইবাৰ কম আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকে নিৰ্বাচন জিকিবলৈ যুঁজ দিয়া নাই। তেওঁলোকে কেৱল দেশক বিভাজন কৰিবলৈ যুঁজ দি আছে। ”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু