--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ আতংকতকৈয়ো এতিয়া বেছি আতংকৰ সৃষ্টি হৈছে কোভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াকলৈ। এষ্ট্ৰাজেনেকাই কোভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা আদালতত স্বীকাৰ কৰাৰ পিছতে সেই ভয় অধিক বৃদ্ধি পাইছে।  এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছিল যে কোভিশ্বিল্ডৰ মাৰাত্মক পাৰ্শ্বক্ৰিয়া আছে। ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই ইতিমধ্যে ব্ৰিটেইনৰ আদালতত ভেকছিনবিধৰ  পৰা হ’ব পৰা বিপদৰ কথা স্বীকাৰ কৰাৰ সময়তে বহুতে তেওঁলোকৰ প্ৰিয়জনক হেৰুওৱাৰ বাবে ভেকছিনকেই দায়ী কৰিছে। ২০২১  চনত মাত্ৰ  ২০  বছৰ বয়সত মৃত্যু হোৱা কাৰুণ্য নামৰ এগৰাকী যুৱতীৰ পিতৃয়ে কোভিশ্বিল্ড ভেকছিনৰ বাবেই তেওঁৰ কন্যাই অকাল মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ কৰি কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আদালতৰ কাষ চাপিছে।

 তেওঁ দাবী কৰিছে  যে কোভিশ্বিল্ডে ভেকছিনেই  তেওঁৰ কন্যাক  হত্যা কৰিছে। কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ কথা পোহৰলৈ অহাৰ পিছতে উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন  দাখিল কৰা হৈছে। এনে সময়তে ২০ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা  যুৱতীগৰাকীৰ  বিষয়টো পোহৰলৈ আহিছে। যুৱতীগৰাকীৰ  পিতৃ  বেণুগোপালন গোবিন্দনে  এষ্ট্ৰাজেনেকা আৰু ভাৰতত কোভিশ্বিল্ডৰ নিৰ্মাতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছআইআই)ৰ বিৰুদ্ধে সৰব হৈ পৰিছে। 

এক্সৰ এটা  পোষ্টত তেওঁ দাবী কৰিছে  যে ১৫  খন ইউৰোপীয় দেশে তেজ গোট মৰা পাৰ্শ্বক্ৰিয়াৰ বাবে কোভিশ্বিল্ডৰ ব্যৱহাৰ বন্ধ কৰাৰ পিছত চিৰাম ইনষ্টিটিউটে ভেকছিনবিধৰ যোগান বন্ধ কৰিব লাগিছিল। কিন্তু তেনে কৰা হোৱা নাছিল ।তেওঁ ইতিমধ্যে ন্যায় বিচাৰি  আদালতলৈ গৈছে। ভেকছিনবিধৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে এষ্ট্ৰাজেনেকাৰ স্বীকাৰোক্তিৰ  বিষয়ে তেওঁ লিখিছে, "তেওঁলোকে স্বীকাৰ কৰিছে,  কিন্তু বহু পলম কৈছিল। তেতিয়ালৈকে বহুলোকে অকালতে প্ৰাণ হেৰুৱাইছে। উল্লেখ্য ২০২১ চনত মৃত্যু হোৱা ১৮ বছৰীয়া ৰিতিকা নাম্নীৰ মাতৃ তথা  ২০ বছৰীয়া কাৰুণ্যৰ পিতৃ বেণুগোপালনে বহুদিন পূৰ্বেই  উচ্চতম ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰিছিল।


পুনেস্থিত চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক ভাৰতত এষ্ট্ৰাজেনেকাৰ ভেকছিন নিৰ্মাণৰ অনুজ্ঞাপত্ৰ দিয়া হৈছিল। কোভিড মহামাৰীৰ সময়ত  দেশৰ বেছিভাগ লোকে কোভিশ্বিল্ড ভেকছিন গ্ৰহণ কৰিছিল। ফলস্বৰূপে, সেই ভেকছিনৰ  পাৰ্শ্বক্ৰিয়াৰ আশংকাও  এতিয়া বহুতৰে মাজত বিয়পি পৰিছে। বিশাল তিৱাৰী নামৰ এজন অধিবক্তাই বুধবাৰে উচ্চতম ন্যায়ালয়ত আন এখন ৰাজহুৱা স্বাৰ্থড়িত  আবেদন  দাখিল কৰিছে। ব্ৰিটেইনৰ পিছত এতিয়া  কোভিশ্বিল্ডে ভাৰততো নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ