--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ মৃত্যুৰ লগে লগে ভাৰতে দেওবাৰে এটি ৰত্ন হেৰুৱালে। দেওবাৰে সন্ধিয়া মুম্বাইৰ শিৱাজী পাৰ্কত ৰাষ্ট্ৰীয় মৰ্যাদাৰে লতা মংগেশকাৰৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত লতাজীলৈ অন্তিম শ্ৰদ্ধা জনাবলৈ দেশৰ কেইবাগৰাকীও তাৰকা আৰু প্ৰসিদ্ধ ব্যক্তি উপস্থিত আছিল। উপস্থিত হৈছিল অভিনেতা শ্বাহৰুখ খানো। অন্ত্যেষ্টিক্ৰিয়াত অংশ লৈ শ্বাহৰুখ খানেও যাচিছিল শেষ শ্ৰদ্ধা৷ কিন্তু, শ্বাহৰুখ খানে প্ৰাৰ্থনা কৰা কেইবাখনো ফটো আৰু ভিডিঅ’ বিকৃত ৰূপত সামাজিক মাধ্যমত বিয়পি পৰে৷ লতা মংগেশকাৰৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত অভিনেতাগৰাকীয়ে থু পেলোৱা বুলি অপপ্ৰচাৰ বিয়পাই দিয়া হয়৷ যাৰ বাবে দেশজুৰি একাংশ লোকে সমালোচনাৰে থকা-সৰকা কৰে অভিনেতাগৰাকীক৷ অৱশ্যে, দেশৰ গৰিষ্ঠসংখ্যক জনতাই অভিনেতাজনৰ সমৰ্থনত আগবাঢ়ি আহিছিল আৰু তেওঁৰ সেয়া ইছলাম ধৰ্মাৱলম্বী লোকে দোৱা কৰাৰ পাছৰ এক ধৰ্মীয় কাৰ্য বুলি স্পষ্ট কৰি দিছিল৷ তছলিমা নাছৰিনেও সেই কথাই বুজাই দিছিল তেওঁৰ টুইটাৰ হেণ্ডেলত৷ এই ঘটনাৰ পাছত ভাৰতৰ সামাজিক প্ৰেক্ষাপটত দুখন ভিন্ন ছবি দেখিবলৈ পোৱা গৈছিল৷ তাৰে এখন ছবি সন্মান আৰু মৰমেৰে ভৰি আছিল, আৰু আনখন ধৰ্মীয় গোড়ামিৰে উপচি পৰিছিল। শ্বাহৰুখ খানে তেওঁৰ মেনেজাৰ পূজা দাদলানিৰ সৈতে লতাজীৰ অন্ত্যোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। যেতিয়া তেওঁৰ মেনেজাৰে প্ৰাৰ্থনাত তেওঁৰ হাত ভাঁজ কৰিছিল, ছুপাৰষ্টাৰে ‘ফতিহা’ পঢ়িবলৈ হাত তুলিছিল, যিটো বিদায়ীজনৰৰ বাবে এটি মাথোঁ প্ৰাৰ্থনা আছিল। কোনোবাই তেওঁলোক দুয়োকে একেলগে ভাৰতৰ নাইটিংগেলক তেওঁলোকৰ নিজ নিজ ধৰণে শেষ শ্ৰদ্ধা জনোৱাৰ ফটো তুলিছিল। ছবিখন তৎক্ষণাৎ ভাইৰেল হৈ পৰিছিল আৰু দেশবাসীয়ে দাবী কৰিছিল যে এয়াই হৈছে ভাৰতৰ প্ৰকৃত প্ৰতিচ্ছবি, য’ত বিভিন্ন ধৰ্মই এখন মঞ্চত পাৰস্পৰিক সন্মানৰ সৈতে একত্ৰিত হয়। এইটো সঁচাকৈয়ে এটা সুন্দৰ মুহূৰ্ত আছিল। কিন্তু, আমি এতিয়া সেই একেখন ভাৰততে বাস কৰোঁনে, যিদৰে বহুতে দাবী কৰিছে? বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু সহনশীলতাৰ নিদৰ্শনেৰে ভাৰতে অনৈক্যৰ মাজকো ঐক্যৰ সাঁকো গঢ়ি আহিছে৷ ঘৃণাৰ পৰিৱেশে মনবোৰ অৱৰুদ্ধ কৰা ভাৰতখন আমাৰ চিনাকি নাছিল৷ মুছলমান মানেই দেশদ্ৰোহী, পাকিস্তানী সজোৱা এই ভাৰতখন আমাৰ পৰিচিত নাছিল৷ শ্বাহৰুখ খানৰ ক্ষেত্ৰত ঘৃণাৰ পৰিভাষা এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও শ্বাহৰুখ খানক অবাঞ্চিতভাৱে ঘৃণাৰে ওপচাই দিয়া হৈছে৷ ভাৰতৰ যিকোনো ক্ষেত্ৰতেই এতিয়া মুছলমান ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি লোৱাতো এটা নতুন পৰম্পৰাত পৰিণত হৈছে৷ ২০২০ বৰ্ষতো ভাৰতত ক’ভিড বিয়পি পৰাত তবলীগ জামাতৰ পৰা মুছলমানসকলেই ভাৰতত ক’ভিড বিয়পালে বুলি প্ৰচাৰ চলোৱা হৈছিল৷ এই ঘৃণাৰ ভাৰতখন আমাৰ কাম্য নহয়৷ বৈচিত্ৰ্যৰ মাজতো ঐক্যৰ সেতুৰে বৰ্ণিল আৰু আদৰ্শ ভাৰতখনহে আমাৰ কাম্য৷ শ্বাহৰুখ খানৰ ক্ষেত্ৰত হোৱা শেহতীয়া ঘটনাই সাম্প্ৰতিক সময়ত ভাৰতৰ সামাজিক প্ৰেক্ষাপটৰ দুখন বিপৰীতমুখী ছবিকেই পুনৰ প্ৰকট কৰি তোলা পৰিলক্ষিত হ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ