--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কুকিং শ্ব’ৰে মন জয় কৰা এগৰাকী কুক ৷ জনপ্ৰিয় অনুষ্ঠান ‘কুকু উইথ কোমালি’ৰ তৃতীয় ছিজন বৰ্তমান সম্প্ৰচাৰ হৈ আছে টেলিভিছনৰ পৰ্দাত৷ আন দুটা ছিজনৰ দৰে এই ছিজনটোৱে দৰ্শকৰ পৰা লাভ কৰিছে অভূৰ্তপূৰ্ব সঁহাৰি৷ পিছে এইবাৰ এই ছিজনটো এগৰাকী বিশেষ কুকে সকলোকে মুহিত কৰিবলৈ সক্ষম হৈছে৷ তেওঁ হৈছে ছিজনটোৰ এগৰাকী প্ৰতিযোগী শ্ৰুতিকা৷ তৃতীয় ছিজনত সকলো তাৰকাৰ বাবে এটা বিশেষ পাৰ্টীৰ আয়োজন কৰিছিল কৰিছিল শ্ৰুতিকাই। তেওঁ এটা ডিনাৰ পাৰ্টীৰ আয়োজন কৰিছিল আৰু এই পাৰ্টীৰ ৰন্ধন প্ৰণালীয়ে সকলোকে কৰিছিল বিমুগ্ধ। অনুষ্ঠানটোৰ অংশ গ্ৰহণ কৰা সুনীতা গগৈয়ে কিছুমান ফটো পোষ্ট কৰিছিল। প্ৰিয় কুকজনৰ ফটো পায় কমেণ্টযোগে মনৰ ভাব প্ৰকাশ কৰিছিল অনুৰাগীসকলে। ছবিবোৰ শ্বেয়াৰ কৰি সুনীতাই শিৰোনামটোত লিখিছিল, “যোৱা নিশাৰ বিষয়ে... এটা ধুনীয়া সময়কনৰ বাবে শ্ৰুতিকা আৰু অৰ্জুনক ধন্যবাদ।” এই পোষ্টটোত সুনীতাই শ্ৰুতিকাকো টেগ কৰিছিল। পোষ্টটো তিনিদিন আগতে শ্বেয়াৰ কৰা হৈছিল। শ্ৰুতিকাইও সুনীতাৰ দৰে প্ৰায় একে সময়তে এই ডিনাৰ পাৰ্টীৰ কিছুমান ফটো পোষ্ট কৰিছিল। তেওঁ পোষ্টটোৰ শিৰোনামত লিখিছিল যে “Cwc3 family…চাৰিওফালে ইমান মৰমলগা মানুহ পাই ধন্য অনুভৱ কৰিছো৷” শ্ৰুতিকাৰ দ্বাৰা আয়োজিত এই নৈশভোজটোৱে অনুৰাগীসকলক আকৃষ্ট কৰিছিল। বহুতো প্ৰখ্যাত ব্যক্তিত্বৰ লোকেও এই ছিজনত অনুষ্ঠানটোৰ অংশ হৈ পৰিছে। পূৰ্বে, কেৱল গৃহিণীসকলেহে ৰন্ধন প্ৰদৰ্শনী চাইছিল। অৱশ্যে, এতিয়া পৰিস্থিতি সলনি হৈছে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ‘কুকু উইথ কোমালি’ৰ উপভোগ কৰে। অনুষ্ঠানটোৰ ধাৰণাটো এনেকুৱা যে ই সকলো বয়সৰ দৰ্শকক মনোৰঞ্জন দিয়ে। অতি জনপ্ৰিয় কৌতুক অভিনেতাও এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। প্ৰতিযোগীসকলে মঞ্চত সৃষ্টি কৰা হাস্যৰসৰ বাবে বহুতে অনুষ্ঠানটো উপভোগ কৰিবলৈ ভাল পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ