--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কুকিং শ্ব’ৰে মন জয় কৰা এগৰাকী কুক ৷ জনপ্ৰিয় অনুষ্ঠান ‘কুকু উইথ কোমালি’ৰ তৃতীয় ছিজন বৰ্তমান সম্প্ৰচাৰ হৈ আছে টেলিভিছনৰ পৰ্দাত৷ আন দুটা ছিজনৰ দৰে এই ছিজনটোৱে দৰ্শকৰ পৰা লাভ কৰিছে অভূৰ্তপূৰ্ব সঁহাৰি৷ পিছে এইবাৰ এই ছিজনটো এগৰাকী বিশেষ কুকে সকলোকে মুহিত কৰিবলৈ সক্ষম হৈছে৷ তেওঁ হৈছে ছিজনটোৰ এগৰাকী প্ৰতিযোগী শ্ৰুতিকা৷ তৃতীয় ছিজনত সকলো তাৰকাৰ বাবে এটা বিশেষ পাৰ্টীৰ আয়োজন কৰিছিল কৰিছিল শ্ৰুতিকাই। তেওঁ এটা ডিনাৰ পাৰ্টীৰ আয়োজন কৰিছিল আৰু এই পাৰ্টীৰ ৰন্ধন প্ৰণালীয়ে সকলোকে কৰিছিল বিমুগ্ধ। অনুষ্ঠানটোৰ অংশ গ্ৰহণ কৰা সুনীতা গগৈয়ে কিছুমান ফটো পোষ্ট কৰিছিল। প্ৰিয় কুকজনৰ ফটো পায় কমেণ্টযোগে মনৰ ভাব প্ৰকাশ কৰিছিল অনুৰাগীসকলে। ছবিবোৰ শ্বেয়াৰ কৰি সুনীতাই শিৰোনামটোত লিখিছিল, “যোৱা নিশাৰ বিষয়ে... এটা ধুনীয়া সময়কনৰ বাবে শ্ৰুতিকা আৰু অৰ্জুনক ধন্যবাদ।” এই পোষ্টটোত সুনীতাই শ্ৰুতিকাকো টেগ কৰিছিল। পোষ্টটো তিনিদিন আগতে শ্বেয়াৰ কৰা হৈছিল। শ্ৰুতিকাইও সুনীতাৰ দৰে প্ৰায় একে সময়তে এই ডিনাৰ পাৰ্টীৰ কিছুমান ফটো পোষ্ট কৰিছিল। তেওঁ পোষ্টটোৰ শিৰোনামত লিখিছিল যে “Cwc3 family…চাৰিওফালে ইমান মৰমলগা মানুহ পাই ধন্য অনুভৱ কৰিছো৷” শ্ৰুতিকাৰ দ্বাৰা আয়োজিত এই নৈশভোজটোৱে অনুৰাগীসকলক আকৃষ্ট কৰিছিল। বহুতো প্ৰখ্যাত ব্যক্তিত্বৰ লোকেও এই ছিজনত অনুষ্ঠানটোৰ অংশ হৈ পৰিছে। পূৰ্বে, কেৱল গৃহিণীসকলেহে ৰন্ধন প্ৰদৰ্শনী চাইছিল। অৱশ্যে, এতিয়া পৰিস্থিতি সলনি হৈছে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ‘কুকু উইথ কোমালি’ৰ উপভোগ কৰে। অনুষ্ঠানটোৰ ধাৰণাটো এনেকুৱা যে ই সকলো বয়সৰ দৰ্শকক মনোৰঞ্জন দিয়ে। অতি জনপ্ৰিয় কৌতুক অভিনেতাও এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। প্ৰতিযোগীসকলে মঞ্চত সৃষ্টি কৰা হাস্যৰসৰ বাবে বহুতে অনুষ্ঠানটো উপভোগ কৰিবলৈ ভাল পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু