--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ সমুদ্ৰ মন্থন কৰি সুৰ সম্ৰাজ্ঞী গ’ললৈ অজান দেশলৈ। লতা মংগেশকাৰৰ বিষয়ে ভাবিলে সততে মনলৈ আহে অমিতাভ বচ্চনৰ কথা। বলীউডতো বিশেষভাৱে চৰ্চিত লতা-অমিতাভৰ কথা। শিল্পীৰ পৃথিৱীৰ দুই মহানায়কৰ এজনক বাদ দি আনজনৰ কথা আলোচনাৰ আওতালৈ অনাটো বৰ জটিল। তেওঁলোকৰ পৰস্পৰৰ মাজতো আছিল এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক। কেৱল পেছাগত দিশৰ পৰাই নহয় ব্যক্তিগতভাৱেও তেওঁলোক ইজনে-সিজনৰ অতিকৈ আপোন। স্মৰ্তব্য যে, দেওবাৰে পুৱা লতা মংগেশকাৰৰ মৃত্যুৰ খবৰ শুনি অমিতাভ বচ্চন তেওঁৰ বাসগৃহলৈ লহৰি গৈছিল। অন্তিমবাৰৰ বাবে বকুৰ আপোনজনক সাক্ষাৎ কৰিবলৈ গৈছিল ‘বিগ বি’-এ। লতাজীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো বলীউডৰ নামী-দামী তাৰকাৰে ভৰি পৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে উপস্থিত নাছিল বিগ-বি। কিন্তু কিয় ? অনুৰাগীৰ মাজতো বিষয়তো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যায়। জানিবলৈ পোৱা মতে, অমিতাভে মুখ্যতঃ ক’ভিড বিধি বজাই ৰখাৰ বাবে লতাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নাছিল। স্মৰ্তব্য যে, কিংবদন্তি শিল্পীগৰাকীৰ অন্তিম সংস্কাৰ শিৱাজী পাৰ্কত সম্পন্ন কৰা হয়। সুৰসম্ৰাজ্ঞীলৈ অন্তিম শ্ৰদ্ধা নিৱেদনৰ বাবে অগণন লোকেৰে ভৰি পৰিছিল শিৱাজী পাৰ্ক। শ্বাহৰূখ খান, ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰৰ দৰে তাৰকাও উপস্থিত আছিল। কিন্তু অমিতাভ বচ্চনে কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে সাৱধানতা বজাই ৰাখিছিল। এইবিষয়ে বলীউড শ্বেহেনশ্বাহে কোনোধৰণৰ মন্তব্য নকৰিলেও তেওঁৰ ওচৰ চুবুৰীয়া এজন ব্যক্তিয়ে সংবাদ মাধ্যমক কয়, ‘অমিতাভ বচ্চনে লতাজীৰ ঘৰলৈ গৈছে। তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিছে। কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসমাগমৰ মাজত লতাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নাছিল।’ অৱশ্যে, অমিতাভে লতাৰ বাসগৃহলৈ গৈ পৰিয়ালৰ সদস্যসকলে সকলোৰে সৈতে কথা পাতিছে। বেছ কিছুসময়ো অতিবাহিত কৰিছে তেওঁলোকৰ সৈতে। বিগ-বিৰ সৈতে লতাজীৰ বাসগৃহলৈ গৈছিল তেওঁৰে জীয়ৰী শ্বেতা বচ্চন নন্দাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু