--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ সমুদ্ৰ মন্থন কৰি সুৰ সম্ৰাজ্ঞী গ’ললৈ অজান দেশলৈ। লতা মংগেশকাৰৰ বিষয়ে ভাবিলে সততে মনলৈ আহে অমিতাভ বচ্চনৰ কথা। বলীউডতো বিশেষভাৱে চৰ্চিত লতা-অমিতাভৰ কথা। শিল্পীৰ পৃথিৱীৰ দুই মহানায়কৰ এজনক বাদ দি আনজনৰ কথা আলোচনাৰ আওতালৈ অনাটো বৰ জটিল। তেওঁলোকৰ পৰস্পৰৰ মাজতো আছিল এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক। কেৱল পেছাগত দিশৰ পৰাই নহয় ব্যক্তিগতভাৱেও তেওঁলোক ইজনে-সিজনৰ অতিকৈ আপোন। স্মৰ্তব্য যে, দেওবাৰে পুৱা লতা মংগেশকাৰৰ মৃত্যুৰ খবৰ শুনি অমিতাভ বচ্চন তেওঁৰ বাসগৃহলৈ লহৰি গৈছিল। অন্তিমবাৰৰ বাবে বকুৰ আপোনজনক সাক্ষাৎ কৰিবলৈ গৈছিল ‘বিগ বি’-এ। লতাজীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো বলীউডৰ নামী-দামী তাৰকাৰে ভৰি পৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে উপস্থিত নাছিল বিগ-বি। কিন্তু কিয় ? অনুৰাগীৰ মাজতো বিষয়তো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যায়। জানিবলৈ পোৱা মতে, অমিতাভে মুখ্যতঃ ক’ভিড বিধি বজাই ৰখাৰ বাবে লতাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নাছিল। স্মৰ্তব্য যে, কিংবদন্তি শিল্পীগৰাকীৰ অন্তিম সংস্কাৰ শিৱাজী পাৰ্কত সম্পন্ন কৰা হয়। সুৰসম্ৰাজ্ঞীলৈ অন্তিম শ্ৰদ্ধা নিৱেদনৰ বাবে অগণন লোকেৰে ভৰি পৰিছিল শিৱাজী পাৰ্ক। শ্বাহৰূখ খান, ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰৰ দৰে তাৰকাও উপস্থিত আছিল। কিন্তু অমিতাভ বচ্চনে কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে সাৱধানতা বজাই ৰাখিছিল। এইবিষয়ে বলীউড শ্বেহেনশ্বাহে কোনোধৰণৰ মন্তব্য নকৰিলেও তেওঁৰ ওচৰ চুবুৰীয়া এজন ব্যক্তিয়ে সংবাদ মাধ্যমক কয়, ‘অমিতাভ বচ্চনে লতাজীৰ ঘৰলৈ গৈছে। তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিছে। কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসমাগমৰ মাজত লতাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নাছিল।’ অৱশ্যে, অমিতাভে লতাৰ বাসগৃহলৈ গৈ পৰিয়ালৰ সদস্যসকলে সকলোৰে সৈতে কথা পাতিছে। বেছ কিছুসময়ো অতিবাহিত কৰিছে তেওঁলোকৰ সৈতে। বিগ-বিৰ সৈতে লতাজীৰ বাসগৃহলৈ গৈছিল তেওঁৰে জীয়ৰী শ্বেতা বচ্চন নন্দাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ