--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হালধি এনে এবিধ মছলা যিটো প্ৰতিখন ভাৰতীয় পাকঘৰত সহজে পোৱা যায়। ইয়াৰ বাহিৰেও আয়ুৰ্বেদত হালধিক বনৌষধি হিচাপে গণ্য কৰা হৈছে। হালধিত প্ৰটিন, কাৰ্বহাইড্ৰেট, কেলচিয়াম, ফাইবাৰ, আইৰণ, কপাৰ, জিংক আৰু ফছফৰাছ আদি বহুতো স্বাস্থ্যকৰ গুণ থাকে। 

কিন্তু আপুনি কেতিয়াবা হালধিৰ পানী সেৱন কৰিছেনে? যদি নাই, তেন্তে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো হালধি পানী সেৱনৰ উপকাৰিতাৰ কথা। হালধি পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াক সেৱন কৰিলে গাঁঠিৰ বিষৰ পৰাও সকাহ পায়। ইয়াৰ লগতে আপোনাৰ হজম শক্তি আৰু যকৃতো সুস্থ হৈ থাকে, গতিকে হালধি পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

হালধি পানী খোৱাৰ উপকাৰিতা

১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ হালধিত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণ আছে যিয়ে আপোনাৰ শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ লগতে হালধিৰ পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়।

২) ওজন কমেঃ এনে বহু গুণ হালধিত পোৱা যায় যিবোৰ আপোনাৰ হজম শক্তি উন্নত কৰাত উপযোগী। হালধিৰ পানীয়ে পেট ফুলা, গেছ আৰু পেটৰ লগত জড়িত বহু সমস্যাৰ পৰা সকাহ দিয়ে। সেইবাবেই হালধিৰ পানী সেৱন কৰি সহজে ওজন কমাব পাৰি।

৩) শৰীৰ বিষমুক্ত কৰাঃ আপোনাৰ শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ হালধিৰ পানী খালে সহজে আঁতৰি যায়। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ ওপৰতো অতি ভাল প্ৰভাৱ পৰে, বিশেষকৈ দাগ আৰু নিৰ্জীৱ ছালত ই অতি উপকাৰী। সেইবাবেই হালধিৰ পানী ডিটক্স ড্ৰিংক হিচাপে সেৱন কৰিব পাৰি।

৪) হাড়ৰ বিষৰ পৰা উপশমঃ হাড়ৰ বিষ বা ঋতুভিত্তিক ফ্লুৰ ফলত হোৱা শৰীৰৰ বিষত হালধি পানীৰ পৰা উপশম পোৱা যায়। এই পানী সেৱন কৰিলে কেইমিনিটমানৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখাবলৈ আৰম্ভ কৰে আৰু হাড়ৰ বিষৰ পৰা সকাহ পাব পাৰে।

হালধিৰ পানী কেনেকৈ বনাব পাৰি

হালধিৰ পানী বনাবলৈ প্ৰথমে কেৰাহীত পানী উতলাই লওক। তাৰ পিছত আপুনি তাত আৰু একাপ পানী দিব। ইয়াৰ পিছত তাত সৰু চামুচৰে হালধি দি বা কেঁচা হালধি এটুকুৰা দি ভালদৰে উতলাই লওক। তাৰ পিছত কাপত ফিল্টাৰ কৰি আধা চামুচ নেমুৰ ৰস মিহলাই গৰমকৈ খাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু