--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হালধি এনে এবিধ মছলা যিটো প্ৰতিখন ভাৰতীয় পাকঘৰত সহজে পোৱা যায়। ইয়াৰ বাহিৰেও আয়ুৰ্বেদত হালধিক বনৌষধি হিচাপে গণ্য কৰা হৈছে। হালধিত প্ৰটিন, কাৰ্বহাইড্ৰেট, কেলচিয়াম, ফাইবাৰ, আইৰণ, কপাৰ, জিংক আৰু ফছফৰাছ আদি বহুতো স্বাস্থ্যকৰ গুণ থাকে। 

কিন্তু আপুনি কেতিয়াবা হালধিৰ পানী সেৱন কৰিছেনে? যদি নাই, তেন্তে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো হালধি পানী সেৱনৰ উপকাৰিতাৰ কথা। হালধি পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াক সেৱন কৰিলে গাঁঠিৰ বিষৰ পৰাও সকাহ পায়। ইয়াৰ লগতে আপোনাৰ হজম শক্তি আৰু যকৃতো সুস্থ হৈ থাকে, গতিকে হালধি পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

হালধি পানী খোৱাৰ উপকাৰিতা

১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ হালধিত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণ আছে যিয়ে আপোনাৰ শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ লগতে হালধিৰ পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়।

২) ওজন কমেঃ এনে বহু গুণ হালধিত পোৱা যায় যিবোৰ আপোনাৰ হজম শক্তি উন্নত কৰাত উপযোগী। হালধিৰ পানীয়ে পেট ফুলা, গেছ আৰু পেটৰ লগত জড়িত বহু সমস্যাৰ পৰা সকাহ দিয়ে। সেইবাবেই হালধিৰ পানী সেৱন কৰি সহজে ওজন কমাব পাৰি।

৩) শৰীৰ বিষমুক্ত কৰাঃ আপোনাৰ শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ হালধিৰ পানী খালে সহজে আঁতৰি যায়। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ ওপৰতো অতি ভাল প্ৰভাৱ পৰে, বিশেষকৈ দাগ আৰু নিৰ্জীৱ ছালত ই অতি উপকাৰী। সেইবাবেই হালধিৰ পানী ডিটক্স ড্ৰিংক হিচাপে সেৱন কৰিব পাৰি।

৪) হাড়ৰ বিষৰ পৰা উপশমঃ হাড়ৰ বিষ বা ঋতুভিত্তিক ফ্লুৰ ফলত হোৱা শৰীৰৰ বিষত হালধি পানীৰ পৰা উপশম পোৱা যায়। এই পানী সেৱন কৰিলে কেইমিনিটমানৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখাবলৈ আৰম্ভ কৰে আৰু হাড়ৰ বিষৰ পৰা সকাহ পাব পাৰে।

হালধিৰ পানী কেনেকৈ বনাব পাৰি

হালধিৰ পানী বনাবলৈ প্ৰথমে কেৰাহীত পানী উতলাই লওক। তাৰ পিছত আপুনি তাত আৰু একাপ পানী দিব। ইয়াৰ পিছত তাত সৰু চামুচৰে হালধি দি বা কেঁচা হালধি এটুকুৰা দি ভালদৰে উতলাই লওক। তাৰ পিছত কাপত ফিল্টাৰ কৰি আধা চামুচ নেমুৰ ৰস মিহলাই গৰমকৈ খাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement