--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দৈনন্দিন কাম-কাজবোৰে আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। যদি কোনো নিচা তৎক্ষণাত দূৰ নহয়, তেন্তে আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত ইয়াৰ বিধ্বংসী প্ৰভাৱ পৰিব পাৰে। শেহতীয়াকৈ হায়দৰাবাদৰ ডা০ সুধীৰ কুমাৰে এটা টুইটাৰ থ্ৰেড শ্বেয়াৰ কৰিছে যিটো হয়তো অলপ ভয়ংকৰ হ’ব পাৰে।

তেওঁৰ টুইটাৰ থ্ৰেডত ডাঃ সুধীৰে বিতংভাৱে উল্লেখ কৰিছে যে নিয়মীয়া আচৰণৰ ফলত এগৰাকী যুৱতীৰ দৃষ্টিশক্তি কেনেদৰে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল।

প্ৰায় ডেৰ বছৰ ধৰি আন্ধাৰত বহু সময় কটোৱাৰ পিছত ৩০ বছৰীয়া মঞ্জুৰ অন্ধতা ধৰা পৰে। চিকিৎসকৰ মতে, তেওঁৰ লক্ষণসমূহ আছিল ফ্ল’টাৰ দেখা, তীব্ৰ পোহৰৰ জিলিকনি, গাঢ় জিগজেগ আৰ্হি, আৰু মাজে মাজে দৃষ্টিশক্তি বা বস্তুৰ ওপৰত একাগ্ৰতাৰ অভাৱ। এনে কিছুমান মুহূৰ্ত আছিল যেতিয়া তেওঁ কেইবা চেকেণ্ডো একো দেখা পোৱা নাছিল। 

চিকিৎসকে সদৰী কৰা অনুসৰি দৈনিক কেইবা ঘণ্টা ধৰি স্মাৰ্টফোনৰ জৰিয়তে ব্ৰাউজ কৰাৰ নতুন অভ্যাস এটা লৈছিল মঞ্জুৱে। তেওঁ ৰাতি দুঘণ্টা লাইট বন্ধ কৰি স্মাৰ্টফোনটো ব্যৱহাৰ কৰি আছিল।

ডা০ সুধীৰ কুমাৰে কয় যে এতিয়া ৰোগ নিৰ্ণয় স্পষ্ট হৈ পৰিছে। স্মাৰ্টফোন ভিজন চিনড্ৰম (SVS) ৰোগত আক্ৰান্ত আছিল মঞ্জু। কম্পিউটাৰ, স্মাৰ্টফোন বা টেবলেটৰ দৰে ডিভাইচৰ দীৰ্ঘম্যাদী ব্যৱহাৰে চকুৰ লগত জড়িত বিভিন্ন অক্ষম লক্ষণৰ সৃষ্টি কৰিব পাৰে, যাক কম্পিউটাৰ ভিজন চিনড্ৰম (CVS) বা ডিজিটেল ভিজন চিনড্ৰম বুলি কোৱা হয়।

দৈনিক স্মাৰ্টফোন ব্যৱহাৰকাৰীক উদ্দ্যেশি ডা০ সুধীৰ কুমাৰে কয় যে “ডিজিটেল ডিভাইচৰ পৰ্দা বেছি সময় চোৱাটো এৰক, কিয়নো ইয়াৰ ফলত দৃষ্টিশক্তিৰ সৈতে জড়িত গুৰুতৰ আৰু অক্ষম সমস্যাৰ সৃষ্টি হ’ব পাৰে।”

তেওঁ লগতে কয় যে ডিজিটেল পৰ্দাত কিবা চাই থাকোতে প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বিৰতি লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক