--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি এজন লোক কোনো কাৰণ নোহোৱাকৈয়ে হতাশ আৰু ভাগৰুৱা অনুভৱ কৰে। যদি সঘনাই আৰ্থিক লোকচানৰ সন্মুখীন হয় বা ঘৰৰ আন আন সদস্য সদায় অসুস্থ হৈ থাকে, তেন্তে নেতিবাচক শক্তি বা অন্য কুচক্ষু ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে। এনে সকলো সমস্যাৰ পৰা মুক্তি পাবলৈ নিশ্চিতভাৱে এই প্ৰতিকাৰসমূহ জানি লওক।

 এই প্ৰতিকাৰে সকলো সমস্যাৰ দিয়ে সমাধান-

  * যদি কামত সঘনাই বাধা, আৰ্থিক অসুবিধা হয়, তেন্তে বুধবাৰে সপ্ত ধন্য অৰ্থাৎ সাত প্ৰকাৰৰ শস্য দান কৰক।

* যদি আপুনি আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰা নাই, যদি আপুনি বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে তেন্তে নমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক।

* আৰ্থিক সংকটৰ পৰা মুক্তি পাবলৈ সদায় পাৰ্চত ৰূপৰ সৰু বৰ্গক্ষেত্ৰৰ আকাৰৰ এটা মুদ্ৰা ৰাখক। ইচ্ছা কৰিলে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ টকাৰ স্থানতো ৰাখিব পাৰে।

* কুকুৰক দৈনিক খাদ্য খুওৱাক, ক’লা কুকুৰক ৰুটি খুৱালে অতি শুভ।

* গৰুক প্ৰতিদিনে প্ৰথমখন ৰুটিখন খুৱালে মালক্ষ্মীৰ কৃপাত জীৱনত সদায় সুখ-সমৃদ্ধি অটুট থাকে।

* আঁহত, বঢ়গছ, নিম আৰু কলৰ গুৰিত নিতৌ পানী আগবঢ়াব লাগে।

* অমাৱস্যা, পূৰ্ণিমা বা সুযোগ পালেই কোনোবা চাফাইকৰ্মীক দান দিলে শুভ হয়।

* পৰুৱাক আটা-চেনি আৰু চৰাইক শস্য দিব। ইয়াৰ দ্বাৰা জীৱনৰ সকলো বাধা আৰু সমস্যা দূৰ হয়।

* মানসিক চাপ বৃদ্ধি হ’লে তামৰ পাত্ৰ এটাত পানী ভৰাই মূৰৰ শিতানত ৰাখক। পিছদিনা পুৱা সেই পানী বাহিৰত পেলাই দিয়ক। মানসিক চাপৰ পৰা সকাহ পাব।

* মানসিক চাপ আৰু নেতিবাচকতাৰ পৰা হাত সাৰিবলৈ গা ধোৱাৰ পানীত এক চামুচ সাগৰীয় নিমখ মিহলাই সপ্তাহত এবাৰ হ’লেও গা ধুব লাগে।

* দুখীয়া লোকক বগা বা ক’লা ৰঙৰ কম্বল দান কৰক।

* পুৱা-গধূলি কৰ্পূৰ জ্বলালেও ঘৰত ইতিবাচকতা শক্তিৰ সঞ্চাৰ ঘটে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু