--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি এজন লোক কোনো কাৰণ নোহোৱাকৈয়ে হতাশ আৰু ভাগৰুৱা অনুভৱ কৰে। যদি সঘনাই আৰ্থিক লোকচানৰ সন্মুখীন হয় বা ঘৰৰ আন আন সদস্য সদায় অসুস্থ হৈ থাকে, তেন্তে নেতিবাচক শক্তি বা অন্য কুচক্ষু ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে। এনে সকলো সমস্যাৰ পৰা মুক্তি পাবলৈ নিশ্চিতভাৱে এই প্ৰতিকাৰসমূহ জানি লওক।

 এই প্ৰতিকাৰে সকলো সমস্যাৰ দিয়ে সমাধান-

  * যদি কামত সঘনাই বাধা, আৰ্থিক অসুবিধা হয়, তেন্তে বুধবাৰে সপ্ত ধন্য অৰ্থাৎ সাত প্ৰকাৰৰ শস্য দান কৰক।

* যদি আপুনি আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰা নাই, যদি আপুনি বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে তেন্তে নমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক।

* আৰ্থিক সংকটৰ পৰা মুক্তি পাবলৈ সদায় পাৰ্চত ৰূপৰ সৰু বৰ্গক্ষেত্ৰৰ আকাৰৰ এটা মুদ্ৰা ৰাখক। ইচ্ছা কৰিলে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ টকাৰ স্থানতো ৰাখিব পাৰে।

* কুকুৰক দৈনিক খাদ্য খুওৱাক, ক’লা কুকুৰক ৰুটি খুৱালে অতি শুভ।

* গৰুক প্ৰতিদিনে প্ৰথমখন ৰুটিখন খুৱালে মালক্ষ্মীৰ কৃপাত জীৱনত সদায় সুখ-সমৃদ্ধি অটুট থাকে।

* আঁহত, বঢ়গছ, নিম আৰু কলৰ গুৰিত নিতৌ পানী আগবঢ়াব লাগে।

* অমাৱস্যা, পূৰ্ণিমা বা সুযোগ পালেই কোনোবা চাফাইকৰ্মীক দান দিলে শুভ হয়।

* পৰুৱাক আটা-চেনি আৰু চৰাইক শস্য দিব। ইয়াৰ দ্বাৰা জীৱনৰ সকলো বাধা আৰু সমস্যা দূৰ হয়।

* মানসিক চাপ বৃদ্ধি হ’লে তামৰ পাত্ৰ এটাত পানী ভৰাই মূৰৰ শিতানত ৰাখক। পিছদিনা পুৱা সেই পানী বাহিৰত পেলাই দিয়ক। মানসিক চাপৰ পৰা সকাহ পাব।

* মানসিক চাপ আৰু নেতিবাচকতাৰ পৰা হাত সাৰিবলৈ গা ধোৱাৰ পানীত এক চামুচ সাগৰীয় নিমখ মিহলাই সপ্তাহত এবাৰ হ’লেও গা ধুব লাগে।

* দুখীয়া লোকক বগা বা ক’লা ৰঙৰ কম্বল দান কৰক।

* পুৱা-গধূলি কৰ্পূৰ জ্বলালেও ঘৰত ইতিবাচকতা শক্তিৰ সঞ্চাৰ ঘটে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক