--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজুৰি ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ মাজতে খুলিছে বিদ্যালয়৷ ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছিল৷ বৰ্তমানেও শংকা কমা নাই যদিও তাৰ মাজতে মহাৰাষ্ট্ৰৰ বিদ্যালয়সমূহ অহা সপ্তাহৰ পৰা সকলো শ্ৰেণীৰ বাবে পুনৰ মুকলি হ'ব বুলি ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ বিদ্যালয়সমূহ খুলিলেও সম্পূৰ্ণ ক'ভিড বিধি মানি চলিব লাগিব বুলি মহাৰাষ্ট্ৰৰ বিদ্যালয় শিক্ষা মন্ত্ৰী বৰ্ষা গাইকাৱাডে কয়৷ ২৪ জানুৱাৰীৰ পৰা ক'ভিড বিধিৰ মানি দ্বাদশ শ্ৰেণীৰ বাবে বিদ্যালয়সমূহ পুনৰ খুলিবলৈ লোৱা প্ৰস্তাৱক সমৰ্থন জনাই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে। উল্লেখ্য যে, এই মাহৰ আৰম্ভণিতে মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত বিদ্যালয়সমূহ ১৫ ফেব্ৰুৱাৰীলৈকে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল৷ অ'মিক্ৰন প্ৰভাৱৰ লগতে ডিচেম্বৰৰ পৰা কৰ’না ভাইৰাছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল। মহাৰাষ্ট্ৰত বুধবাৰে ৪৩,৬৯৭টা নতুন কৰ’না ভাইৰাছ পজিটিভ ধৰা পৰিছে৷ যি আগৰ দিনতকৈ ১০ শতাংশ অধিক, যাৰ ভিতৰত আছে ২১৪টা অ'মিক্ৰন সংক্ৰমণ আৰু লগতে ৪৯টা মৃত্যু হোৱা দেখা গৈছে বুলি স্বাস্থ্য বিভাগে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু