--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজুৰি ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ মাজতে খুলিছে বিদ্যালয়৷ ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছিল৷ বৰ্তমানেও শংকা কমা নাই যদিও তাৰ মাজতে মহাৰাষ্ট্ৰৰ বিদ্যালয়সমূহ অহা সপ্তাহৰ পৰা সকলো শ্ৰেণীৰ বাবে পুনৰ মুকলি হ'ব বুলি ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ বিদ্যালয়সমূহ খুলিলেও সম্পূৰ্ণ ক'ভিড বিধি মানি চলিব লাগিব বুলি মহাৰাষ্ট্ৰৰ বিদ্যালয় শিক্ষা মন্ত্ৰী বৰ্ষা গাইকাৱাডে কয়৷ ২৪ জানুৱাৰীৰ পৰা ক'ভিড বিধিৰ মানি দ্বাদশ শ্ৰেণীৰ বাবে বিদ্যালয়সমূহ পুনৰ খুলিবলৈ লোৱা প্ৰস্তাৱক সমৰ্থন জনাই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে। উল্লেখ্য যে, এই মাহৰ আৰম্ভণিতে মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত বিদ্যালয়সমূহ ১৫ ফেব্ৰুৱাৰীলৈকে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল৷ অ'মিক্ৰন প্ৰভাৱৰ লগতে ডিচেম্বৰৰ পৰা কৰ’না ভাইৰাছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল। মহাৰাষ্ট্ৰত বুধবাৰে ৪৩,৬৯৭টা নতুন কৰ’না ভাইৰাছ পজিটিভ ধৰা পৰিছে৷ যি আগৰ দিনতকৈ ১০ শতাংশ অধিক, যাৰ ভিতৰত আছে ২১৪টা অ'মিক্ৰন সংক্ৰমণ আৰু লগতে ৪৯টা মৃত্যু হোৱা দেখা গৈছে বুলি স্বাস্থ্য বিভাগে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ