--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনটোৰ আৰম্ভণিৰ পৰাই নানা সংবাদে চুই যায়। এনে বহু আজৱ সংবাদেও হতচকিত কৰি তোলে শ্ৰোতা-দৰ্শকক। শেহতীয়াকৈ তেনে এক বাতৰিয়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইমানেই আজৱ ঘটনা য’ত প্ৰতিৰক্ষা মন্ত্ৰণালয়েও জনালগীয়া হৈছে অভিনন্দন। ঘটনাটো চৌদি আৰৱৰ। চৌদি আৰৱত এগৰাকী মহিলাই একেদিনাই ১০টা সন্তান প্ৰসৱ কৰাৰ খবৰ পোহৰলৈ আহিছে। চলিত বৰ্ষৰ ১২ জানুৱাৰীত ৰাজধানী ৰিয়াধৰ কিং ছলমান সশস্ত্ৰ বাহিনী চিকিৎসালয়তে মহিলাগৰাকীৰ প্ৰসৱৰ বাতৰি শেহতীয়াকৈ চৌদি গেজেটৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, ৩৪ বছৰীয়া মহিলাগৰাকীয়ে একেদিনাই ১০ টা সন্তান জন্ম দিয়ে। প্ৰতিজন শিশুৰে স্বাস্থ্যৰ অৱস্থা বৰ্তমান উন্নত। প্ৰতিটো শিশুৰ ওজন ৯৫০ গ্ৰামৰ পৰা ১,১০০ গ্ৰামৰ ভিতৰত বুলিও সদৰী কৰিছে চিকিত্‍সালয় কৰ্তৃপক্ষই। চৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে টুইটাৰত এই বাতৰিটো শ্বেয়াৰ কৰিছে। অৱশ্যে, সেই টুইটাৰ একাউণ্টত বা চৌদি সংবাদ মাধ্যমত নৱজাতকৰ কোনো ছবি প্ৰকাশ কৰা নাই। এই সংবাদ পোহৰলৈ অহাৰ পাছতে সকলোৱে চিকিৎসক সকলক প্ৰশংসা কৰিছিল আৰু নৱজাতক শিশুকেইটিৰ অভিভাৱককো জনাইছে আন্তৰিক শুভকামনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু