--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনটোৰ আৰম্ভণিৰ পৰাই নানা সংবাদে চুই যায়। এনে বহু আজৱ সংবাদেও হতচকিত কৰি তোলে শ্ৰোতা-দৰ্শকক। শেহতীয়াকৈ তেনে এক বাতৰিয়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইমানেই আজৱ ঘটনা য’ত প্ৰতিৰক্ষা মন্ত্ৰণালয়েও জনালগীয়া হৈছে অভিনন্দন। ঘটনাটো চৌদি আৰৱৰ। চৌদি আৰৱত এগৰাকী মহিলাই একেদিনাই ১০টা সন্তান প্ৰসৱ কৰাৰ খবৰ পোহৰলৈ আহিছে। চলিত বৰ্ষৰ ১২ জানুৱাৰীত ৰাজধানী ৰিয়াধৰ কিং ছলমান সশস্ত্ৰ বাহিনী চিকিৎসালয়তে মহিলাগৰাকীৰ প্ৰসৱৰ বাতৰি শেহতীয়াকৈ চৌদি গেজেটৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, ৩৪ বছৰীয়া মহিলাগৰাকীয়ে একেদিনাই ১০ টা সন্তান জন্ম দিয়ে। প্ৰতিজন শিশুৰে স্বাস্থ্যৰ অৱস্থা বৰ্তমান উন্নত। প্ৰতিটো শিশুৰ ওজন ৯৫০ গ্ৰামৰ পৰা ১,১০০ গ্ৰামৰ ভিতৰত বুলিও সদৰী কৰিছে চিকিত্‍সালয় কৰ্তৃপক্ষই। চৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে টুইটাৰত এই বাতৰিটো শ্বেয়াৰ কৰিছে। অৱশ্যে, সেই টুইটাৰ একাউণ্টত বা চৌদি সংবাদ মাধ্যমত নৱজাতকৰ কোনো ছবি প্ৰকাশ কৰা নাই। এই সংবাদ পোহৰলৈ অহাৰ পাছতে সকলোৱে চিকিৎসক সকলক প্ৰশংসা কৰিছিল আৰু নৱজাতক শিশুকেইটিৰ অভিভাৱককো জনাইছে আন্তৰিক শুভকামনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ